ETV Bharat / state

গুৱাহাটীৰ এক আৰক্ষী থানাত পুথিভঁৰাল, অপৰাধ নিৰ্মূলৰ সমানে সমানে চলিব জ্ঞানৰ চৰ্চা

চুৰি-ডকাইতি, অপৰাধীৰ পিছে পিছে ঘূৰি ফুৰা আৰক্ষীয়ে বুটলিব গ্ৰন্থৰ সুবাস । পাণবজাৰ আৰক্ষী থানাত পুথিভঁৰাল, পঢ়ুৱৈৰ লগতে এপিএছচি-ইউপিএছচিৰ প্ৰস্তুতি কৰি থকা সকলৰ বাবে সুবিধা...

A library has been set up at the Panbazar Police Station, Guwahati
পাণবজাৰ আৰক্ষী থানাত পুথিভঁৰাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 1, 2026 at 6:47 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ ব্যস্ততাৰ মাজতো যি অকনমান প্ৰশান্তিয়ে মন প্ৰাণ শাত কৰে, সেয়া হৈছে পাণবজাৰৰ গ্ৰন্থৰ সুবাস । পাণবজাৰ কেৱল এটা অঞ্চল নহয়, এয়া হৈছে শব্দ, চিন্তা আৰু চেতনাৰ এক চিৰপ্ৰবাহমান উৎসৱ । যিঠাইত কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই সাঁচি থোৱা থাকে হাজাৰটা যুগৰ জ্ঞান আৰু মানুহৰ বুকুৰ নিভৃত অনুভৱ ।

যান্ত্ৰিক চহৰখনৰ কোলাহলৰ মাজতো পাণবজাৰে বুকুত কঢ়িয়াই ফুৰে এক নীৰৱ শান্ত সমাহিত ৰূপ, যি ৰূপ কেৱল গ্ৰন্থপ্ৰেমী তথা সাহিত্য অনুৰাগীৰ বাবেহে অনুভৱ সাধ্য । বহু গ্ৰন্থপ্ৰেমীৰ বাবে গুৱাহাটীৰ আটাইতকৈ প্ৰিয় স্থান বুলি ক'লে কেৱল পাণবজাৰৰ কথাই উল্লেখ কৰে ।

আৰক্ষী থানাত গ্ৰন্থ সুবাস

পাণবজাৰ আৰক্ষী থানাত পুথিভঁৰাল (ETV Bharat Assam)
A library has been set up at the Panbazar Police Station, Guwahati
বিশেষ পুথিভঁৰালটোৰ বাহিৰৰ পৰা এক দৃশ্য (ETV Bharat Assam)

এইবাৰ পাণবজাৰৰ গ্ৰন্থৰ সেই চিৰপ্ৰবাহমান সুবাস বিয়পি পৰিছে পাণবজাৰ আৰক্ষী থানাৰ ভিতৰচ’ৰাত । সাধাৰণ নাগৰিক, ছাত্ৰ ছাত্ৰী তথা আৰক্ষীসকলৰ বাবে পাণবজাৰ থানাত গ্ৰহণ কৰা হৈছে এক ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ । থানাতে গঢ়ি তোলা হৈছে এটি আটকধুনীয়া পুথিভঁৰাল ।

A library has been set up at the Panbazar Police Station, Guwahati
কিতাপ পঢ়াত ব্যস্ত এগৰাকী আৰক্ষী (ETV Bharat Assam)

ঐতিহ্যমণ্ডিত অঞ্চলটোত পঢ়া-শুনাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এটা বিশেষ পুথিভঁৰাল আৰম্ভ কৰা হৈছে। বহুদিনীয়া পৰিকল্পনাৰ অন্তত পাণবজাৰ আৰক্ষী থানা, থানা কমিটিৰ উদ্যোগত স্থানীয় নাগৰিক, পুথি বিক্ৰেতা সংস্থা, গ্ৰন্থ ব্যৱসায়ী আৰু বিভিন্ন ব্যক্তিৰ সহযোগত প্ৰায় দুমাহৰ ভিতৰতে এই বিশেষ পুথিভঁৰালটো সম্পূৰ্ণ হৈ উঠিছে।

A library has been set up at the Panbazar Police Station, Guwahati
পাণবজাৰ আৰক্ষী থানাত পুথিভঁৰাল (ETV Bharat Assam)

মহানগৰ আৰক্ষী আয়ুক্ত ড৹ পাৰ্থসাৰথি মহন্ত আৰু পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ শংকৰ জ্যোতি নাথৰ উদ্যোগত, স্থানীয় ৰাইজৰ সহযোগত আৰম্ভ হৈছে এই পুথিভঁৰালটো । ইয়াৰ জৰিয়তে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈসকলৰ বাবে এক মুক্ত অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰাই ইয়াৰ উদ্দেশ্য ।

A library has been set up at the Panbazar Police Station, Guwahati
৩০ আগষ্টত মুকলি কৰা হয় এই পুথিভঁৰাল (ETV Bharat Assam)

এই সন্দৰ্ভত এক টেলিফোনিক বাৰ্তালাপত পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ড৹ শংকৰ জ্যোতি নাথে কয়,"বহু দিনৰ পৰা পৰিকল্পনা কৰি আছিলোঁ ।‌ থানাখনৰ ভিতৰত পঢ়া-শুনাৰ পৰিৱেশ এটা গঢ়ি উঠিলে ভাল । এনে পৰিৱেশ এটা গঢ়াৰ বাবে পাণবজাৰত এটা সুবিধা আছে । এই পৰিৱেশ গঢ়াত স্থানীয় নাগৰিক, থানা কমিটি, পুথি প্ৰকাশক বিক্ৰেতা সংস্থা সকলোৰে সহযোগিতা আগবঢ়াইছে । যিয়ে যেনেকৈ সহায় কৰিব পাৰে তেনেদৰে সহায় কৰিছে ।"

তেওঁ পুনৰ কয়, "তদুপৰি এই উদ্যোগত আৰক্ষী আয়ুক্ত ছাৰৰ বিশেষ উৎসাহ আৰু সহযোগিতা আছে । সাহিত্যৰ সৈতে জড়িত আৰক্ষী আয়ুক্ত ছাৰে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে । সেয়ে এনে পদক্ষেপে আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক অধিক গাঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।"

A library has been set up at the Panbazar Police Station, Guwahati
আৰক্ষীয়ে বুটলিব গ্ৰন্থৰ সুবাস (ETV Bharat Assam)

১,৫০০ৰো অধিক কিতাপ ৰখাৰ লক্ষ্য

ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লগতে কয়, "৩০ আগষ্টত আৰক্ষী আয়ুক্ত ছাৰে আনুষ্ঠানিকভাৱে পুথিভঁৰালটো মুকলি কৰিছে। বৰ্তমান এই গ্ৰন্থাগাৰটোত ৭০০ৰো অধিক গ্ৰন্থ আছে যদিও ১,৫০০ৰো অধিক কিতাপ ৰখাৰ ব্যৱস্থা কৰা হ'ব । অসম, ভাৰত আৰু বিশ্বৰ ইতিহাস, অসমৰ চাহ উদ্যোগ, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনজাতি, ধৰ্মীয় বিষয়, সাধাৰণ জ্ঞান আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজনীয় বিভিন্নধৰণৰ গ্ৰন্থ ইয়াত উপলব্ধ কৰা হৈছে ।"

পুথিভঁৰালটোৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত হোৱা ব্যয় আদিৰ কথা উল্লেখ কৰি নাথে কয়, "প্ৰায় ৪ৰ পৰা ৫ লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এই পুথিভঁৰালটো ২৪ ঘণ্টাই মুকলি ৰখাৰ পৰিকল্পনা কৰা হৈছে । বিশেষকৈ গুৱাহাটীত বহু ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ বাবে পৃথক স্থান ভাড়াত ল’বলগীয়া হয় । সেই কথা লক্ষ্য কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ কিতাপ লৈ আহিও ইয়াত বহি অধ্যয়ন কৰিব পাৰিব । পুথিভঁৰালটোত ৱাই-ফাইৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা কৰা হৈছে । লগতে পুথিভঁৰালটোৰ পৰিসৰ আৰু ডাঙৰ কৰাৰ চিন্তা-চৰ্চাও কৰা হৈছে ।"

উল্লেখ্য যে, পুথিভঁৰালটো সকলোৰে বাবে সম্পূৰ্ণ বিনামূলীয়া । পঢ়ুৱৈয়ে কেৱল নিজৰ নাম আৰু ঠিকনা লিপিবদ্ধ কৰি ইয়াত অধ্যয়ন কৰিব পাৰিব । অৱশ্যে পুথিভঁৰালৰ পৰা কিতাপ ঘৰলৈ লৈ যোৱাৰ সুবিধা নাথাকিব ।

A library has been set up at the Panbazar Police Station, Guwahati
পাণবজাৰ আৰক্ষী থানাত পুথিভঁৰাল এগৰাকী মহিলা আৰক্ষীজো (ETV Bharat Assam)

ইতিমধ্যে অসমৰ ওদালগুৰিত আৰক্ষী থানাৰ উদ্যোগত এনে এক পুথিভঁৰাল গঢ় লৈ উঠিছে । কিন্তু পাণবজাৰৰ এই পুথিভঁৰালটোক অধিক ব্যতিক্ৰমী ৰূপত গঢ়ি তোলাৰ বিশেষ পৰিকল্পনা কৰা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে ।

ইতিপূৰ্বে নতুন দিল্লীত দিল্লী পুলিচ আৰক্ষী পুথিভঁৰাল স্থাপন হোৱাৰ লগতে তেলেংগানা, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্য়ত অনুৰূপ পুথিভঁৰাল স্থাপন হৈ গৈছে ৷ আৰক্ষীৰ জনকল্য়াণমূলক উদ্য়োগবোৰৰ অন্য়তম এই পদক্ষেপে পঢ়ুৱৈ সমাজৰ পৰা বিশেষ আদৰ লাভ কৰি আহিছে ৷

সাংবাদিক কুলগীতা সাউদৰ প্ৰতিবেদন...

লগতে পঢ়ক: চৰিত তোলা প্ৰথা : শংকৰদেৱ-মাধৱদেৱসহ পৰৱৰ্তী আতাপুৰুষসকলৰ গুণ-গৰিমা কীৰ্তন

বানাক্ৰান্ত পৰিয়াললৈ অসম চৰকাৰৰ অন্তৱৰ্তীকালীন সাহায্য; ২৫ কোটিৰো অধিক টকা হস্তান্তৰ