ETV Bharat / state

১৪ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ জীয়াই জীয়াই পুতিলে মীন বিভাগে

সোণাপুৰত মীন বিভাগৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰ ।

A large amount of illegal Thai Magur seized in a fishery department operation in Sonapur
বৃহৎ পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ জব্দ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 9:40 AM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: সোণাপুৰত কামৰূপ মহানগৰ জিলা মীন বিভাগৰ এক সফল অভিযান । অঞ্চলটোৰ হঁহৰাত মীন বিভাগে জব্দ কৰিলে এখন নিষিদ্ধ থাইলেণ্ড মাগুৰ ভৰ্তি ডি আই বাহন । গোপন সূত্ৰৰ পম খেদি মীন বিভাগে চলোৱা এই অভিযানত বাহনখনৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ মাছখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, বাহনখনত প্ৰায় ১৪ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছ সৰবৰাহ কৰি থকা হৈছিল । তেনে সময়তে মীন বিভাগে অভিযান চলাই বাহনসহ মাছখিনি জব্দ কৰে । পৰৱৰ্তী সময়ত মীন বিভাগ আৰু সোণাপুৰ আৰক্ষীৰ উপস্থিতি তথা সহযোগত জব্দকৃত থাইলেণ্ড মাগুৰখিনি এটা ডাঙৰ গাঁত খান্দি মাটিত পুতি ধ্বংস কৰা হয় ।

সোণাপুৰত মীন বিভাগৰ অভিযান (ETV Bharat Assam)

মীন বিভাগৰ বিষয়াৰ ভাষ্য:

এই সন্দৰ্ভত মীন বিভাগৰ এগৰাকী বিষয়াই কয়, "একাংশ লোকে ডিমৰীয়া অঞ্চলত গোপনে নিষিদ্ধ থাইলেণ্ড মাগুৰৰ ব্যৱসায় চলাই থকাৰ খবৰ আমি লাভ কৰিছিলোঁ । সেই ভিত্তিত আমি অভিযান তীব্ৰতৰ কৰি তুলিছোঁ । ইতিমধ্যে আমি বহুকেইগৰাকী এনে মৎস্য পালকক চিনাক্ত কৰি জৰিমণাও বিহিছোঁ আৰু ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰিছোঁ ।"

A large amount of illegal Thai Magur seized in a fishery department operation in Sonapur
এখন টাটা ডি আইত সৰবৰাহ কৰা হৈছিল এই থাইলেণ্ড মাগুৰ (ETV Bharat Assam)

থলুৱা মৎস্য প্ৰজাতিৰ প্ৰতি তীব্ৰ ভাবুকি:

মীন বিভাগৰ বিষয়াজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, চৰকাৰে ইতিমধ্যে এই থাইলেণ্ড মাগুৰ মাছবিধক সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে । যদি এই মাছ কোনো কাৰণত আমাৰ প্ৰাকৃতিক জলাশয়, বিল বা খাল-ডোঙালৈ ওলাই যায়, তেন্তে ই থলুৱা প্ৰজাতিৰ মাছবোৰ খাই তহিলং কৰিব আৰু আমাৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব ।

A large amount of illegal Thai Magur seized in a fishery department operation in Sonapur
জব্দ কৰা থাইলেণ্ড মাগুৰ পুতি পেলালে মীন বিভাগে (ETV Bharat Assam)

সেয়েহে, মীন বিভাগে সাধাৰণ ৰাইজ তথা মৎস্য পালকসকলক এনেধৰণৰ ক্ষতিকাৰক থাইলেণ্ড মাগুৰ মাছৰ পালন আৰু ব্যৱসায়ৰ পৰা সম্পূৰ্ণ দূৰত থাকিবলৈ আহ্বান জনাই । অনাগত দিনতো এনে ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি বিভাগে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: আজিৰে পৰা তেজপুৰত লিচু উৎসৱ ২০২৬ আৰম্ভ: বিশ্ববজাৰলৈ নতুন যাত্ৰা

বিশ্ব পৰিৱেশ দিৱসৰ নামত বহু গছপুলি হত্যা কৰা হয়: খেদভৰা অভিযোগ এগৰাকী বিধায়কৰ