পশ্চিম কাৰ্বি আংলঙৰ কেকাইডং নদীত কম বয়সীয়া ঘঁৰিয়াল প্ৰত্য়ক্ষ, মুখ্য়মন্ত্ৰীৰ আনন্দ প্ৰকাশ
অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য পুনৰ উজ্জীৱিত হোৱাৰ আশাব্যঞ্জক নিদৰ্শন বুলি মন্তব্য় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

Published : June 30, 2026 at 10:28 AM IST
গুৱাহাটী : অসমৰ জৈৱ বৈচিত্ৰলৈ ভাল খবৰ ৷ অসমৰ পৰিৱেশতন্ত্ৰত নতুন নতুন জীৱৰ সন্ধানে অসমৰ চহকী জৈৱ বৈচিত্ৰৰ খবৰ দিয়ে ৷
পশ্চিম কাৰ্বি আংলঙৰ কেকাইডং নদীত এটা কম বয়সীয়া ঘঁৰিয়াল দেখা পোৱাৰ লগে লগে এই অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ বাবে এক আশাব্য়ঞ্জক খবৰ কঢ়িয়াই আনিছে ।
অসমৰ নদী ব্যৱস্থাৰ পৰা অদৃশ্য হোৱা বুলি ভবা এই বিপন্নভাৱে বিলুপ্তপ্ৰায় প্ৰজাতিটো দৃশ্য়মান হোৱাৰ পিচতেই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মত ইয়াৰ ছবি প্ৰকাশ কৰিছে ।
Healthy rivers tell their own story.
— Himanta Biswa Sarma (@himantabiswa) June 30, 2026
🐊 The sighting of a juvenile Gharial in the Kekaidong River, West Karbi Anglong, reflects the steady revival of Assam's natural ecosystems.
It encourages us to remain steadfast in protecting the rich biodiversity that defines our State. pic.twitter.com/JiwSojHTmh
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্য়মত ইয়াৰ ছবি প্ৰকাশৰ লগতে এয়া অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য পুনৰ উজ্জীৱিত হোৱাৰ এক আশাব্যঞ্জক নিদৰ্শন বুলি মন্তব্য় কৰিছে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এনে বতৰাই অসমৰ নদী আৰু বনাঞ্চলসমূহ লাহে লাহে বন্যপ্ৰাণীৰ বাবে অধিক সুৰক্ষিত আবাসস্থলী হিচাপে গঢ় লৈ উঠিছে তাকেই প্ৰমাণ কৰিছে । অনাগত দিনত ৰাজ্য়খনৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত আৰু অধিক দৃঢ়তাৰে কাম কৰি যোৱাৰ সংকল্পৰ কথাও মুখ্য়মন্ত্ৰীগৰাকীয়ে দোহাৰে ।
এই সন্দৰ্ভত সামাজিক মাধ্য়মত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্টত কয়, "পশ্চিম কাৰ্বি আংলঙৰ কেকাইডং নৈত এটি কম বয়সীয়া ঘঁৰিয়াল প্ৰত্যক্ষ হোৱাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্য পুনৰ উজ্জীৱিত হোৱাৰ এক আশাব্যঞ্জক নিদৰ্শন । এনে দৃশ্যই স্পষ্টকৈ বুজাই দিয়ে যে আমাৰ নদী আৰু বনাঞ্চলসমূহ ধীৰে ধীৰে বন্যপ্ৰাণীৰ বাবে অধিক সুৰক্ষিত আবাসস্থলী হিচাপে গঢ় লৈ উঠিছে । অসমৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত আমি পৰৱৰ্তী দিনতো একেই দৃঢ়তাৰে কাম কৰি যাম ।"
উল্লেখ্য যে যোৱা ২৬ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়াল দেখিবলৈ পোৱা গৈছিল ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ ৰেঞ্জৰ মাইটে এপিচি এলেকাৰ ওচৰত এটা বালিচৰত ডিফলু আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলীত টহল দিয়া বনকৰ্মীৰ এটা দলে বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়ালে ৰ'দ লৈ থকা দৃশ্য প্ৰত্য়ক্ষ কৰিছিল ।
লগতে পঢ়ক:কাজিৰঙাত পৰ্যটক গাইডৰ কেমেৰাত বন্দী বিলুপ্তপ্ৰায় প্ৰজাতিৰ ঘঁৰিয়াল
আন এক অভিলেখৰ সাক্ষী : কাজিৰঙাত হালধীয়া ডিঙিৰ মাৰ্টেনৰ উপস্থিতি

