ETV Bharat / state

ঘৰৰ পৰা নাপালেগৈ কৰ্মস্থলী; আদবাটতে যমে নিলে চাইকেল আৰোহীক

শনিবাৰে নগাঁৱৰ কঠীয়াতলীত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত এজন চাইকেল আৰোহী নিহত হোৱাৰ লগতে অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আনজন লোক ৷

Man died in Nagaon Kathiatali road accident
নগাঁৱৰ কঠীয়াতলীত পথ দুৰ্ঘটনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 2:20 PM IST

2 Min Read
Choose ETV Bharat

বঢ়মপুৰ : কাৰ বাবে, ক’ত যমে ৰৈ থাকে কোনেও ক’ব নোৱাৰে ! তেনে এক ঘটনাই এইবাৰ নগাঁৱৰ কঠীয়াতলীত সংঘটিত হৈছে ৷ কামৰ খাতিৰত ৰাতি চাইকেলৰে ঘৰৰ পৰা ওলাই গৈছিল দুই যুৱকে ৷ কিন্তু আদবাটতে তেওঁলোকৰ বাবে ৰৈ আছিল যম ! শনিবাৰে নগাঁৱৰ কঠীয়াতলী-কামপুৰ পথৰ কঠালগুৰিত দুৰ্ঘটনাতপতিত হৈ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আনজন যুৱকে চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে ৷

জানিব পৰা মতে, শনিবাৰে নিশা কঠীলগুৰি গাঁৱৰ নিৰঞ্জন নাথ আৰু কৃষ্ণ মিলিক নামৰ চাইকেলেৰে গৈ থকা অৱস্থাত এখন মালবাহী ট্ৰাকে তেওঁলোকক পিছৰ ফালৰ পৰা প্ৰচণ্ডজোৰত খুন্দা মাৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় দুয়োজন লোক ৷

নগাঁৱৰ কঠীয়াতলীত পথ দুৰ্ঘটনা (ETV Bharat Assam)

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগ আৰক্ষীয়ে তেওঁঁলোকক উদ্ধাৰ কৰি হাস্পতাতলৈ প্ৰেৰণ কৰে ৷ কিন্তু চিকিৎসালয়লৈ নি থকাৰ পথতে নিৰঞ্জন নাথৰ মৃত্যু হয় ৷ আনহাতে, সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে কৃষ্ণ মিলি ৷ যুৱক দুয়োজনৰ ঘৰ কঠীয়াতলী কঠালগুৰীত বুলি জানিব পৰা গৈছে ৷

প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা মতে, নিশা প্ৰায় 9 বজাত এটা পেণ্ডেলৰ কামৰ বাবে এখন চাইকেলৰে ঘৰৰ পৰা ওলাই গৈছিল ৷ কিন্তু ঘৰৰ নিচেই কাষতে তেওঁলোক এই দুৰ্ঘটনাটোত পতিত হয় । কিন্তু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে As 02 CC 0321 নম্বৰৰ মালবাহী ট্ৰাকখনৰ চালকজন উক্ত স্থানৰ পৰা পলায়ন কৰে ।

Man died in Nagaon Kathiatali road accident
কঠীয়াতলীৰ পথ দুৰ্ঘটনাত পতিত দুই চাইকেল আৰোহী (ETV Bharat Assam)

ঘটনাটো সম্পৰ্কত স্থানীয় লোক কুমুদ বৰাই কয়, ‘‘তেওঁ আমাৰ ঘৰৰ কাষৰে, কঠালগুৰী গাঁৱৰ । তেওঁলোকে কামৰ সংক্ৰান্তত ৰাতি গৈ আছিল । কঠীয়াতলী নাপাওঁতেই এখন মালবাহী ট্ৰাকে তেওঁলোকক মহতিয়াই নিয়ে । অতি সংকটজনক অৱস্থাত নিৰঞ্জন নাথক মৌখুলি চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । নিৰঞ্জন নাথৰ লগত আৰু এজন আছিল ৷ তেওঁ আমাৰ গাঁৱৰে । নাম কৃষ্ণ মিলিক । বৰ্তমান কৃষ্ণ চিকিৎসাধীন হৈ আছে ।"

লগতে পঢ়ক : লামডিং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা; থিতাতে নিহত চালক