ঐতিহাসিক সময়ৰ এখন বিশেষ আলোকচিত্র আৰু কিছু স্মৃতি: শিশু হিমন্ত বিশ্ব শৰ্মাৰ পৰা আজিৰ মুখ্যমন্ত্ৰীলৈকে
মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা এখন বিশেষ ফটোক কেন্দ্ৰ কৰি জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে সাংবাদিক মাণিক কুমাৰ ৰায়ৰ এক সাক্ষাৎকাৰ ৷

Published : July 2, 2026 at 1:28 PM IST
গুৱাহাটী: ঐতিহাসিক অসম আন্দোলনৰ সময়ত তোলা এখন বিশেষ আলোকচিত্র । যিখন আলোকচিত্রত পৰৱৰ্তী সময়ত অসম আন্দোলনৰ নেতৃত্ব দিয়া কেইজনমান নেতাৰ সৈতে আছে এজন সৰু ল'ৰা । আলোকচিত্রৰ সেই সৰু ল'ৰাজন আজি অসমৰ মুখ্যমন্ত্রী ।
হয়, মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কথাই কোৱা হৈছে । সেই বিশেষ আলোকচিত্রখনে বৰ্তমান সময়ত বিশেষ চৰ্চা লাভ কৰিছে । কাৰণ সেই বিশেষ আলোকচিত্রখন সামজিক মাধ্যমত দাঙি ধৰিছে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সেই আলোকচিত্রখনত থকা এজন যুৱক বৰ্তমান এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা । তেওঁ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান ।
শেহতীয়াকৈ দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রীয়ে নেকিবুৰ জামানৰ সৈতে মিলিত হৈ পুৰণি কথাৰে কিছু স্মৃতি ৰোমন্থন কৰে । সেই সাক্ষাতৰ পাছতে মুখ্যমন্ত্রীয়ে সেই পুৰণি আলোকচিত্রখনৰ লগতে নেকিবুৰ জামানৰ লগত শেহতীয়াকৈ তোলা আলোকচিত্র সামাজিক মাধ্যমত দাঙি ধৰে ।

আলোকচিত্র দুখন সামাজিক মাধ্যমত আপলোড কৰি মুখ্যমন্ত্রীয়ে নিজৰ পোষ্টত কয়, "অসম আন্দোলনৰ দিনৰ পৰাই গঢ় লৈ উঠা এটি সম্পৰ্ক, যি সময়ৰ সৈতে আৰু অধিক গভীৰ হৈ উঠে । শ্ৰদ্ধাৰ নেকিবুৰ জামান ডাঙৰীয়াৰ দৰে জ্যেষ্ঠজনৰ সান্নিধ্য, স্নেহ আৰু প্ৰেৰণাই মোৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ দিনবোৰত বিশেষ প্ৰভাৱ পেলাইছিল । শেহতীয়াকৈ তেখেতৰ সৈতে পুনৰ সাক্ষাতত মিলিত হৈ ভাল লাগিল ।"
মুখ্যমন্ত্রীৰ এনে প্ৰতিক্ৰিয়াৰ পাছতে তাহানিৰ সেই বিশেষ আলোকচিত্রখনে বিশেষ চৰ্চা লাভ কৰিছে । এই প্ৰতিবেদন সেই আলোকচিত্রখনৰ আলমত বিশিষ্ট অধিবক্তা নেকিবুৰ জামানৰে হোৱা ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাতকাৰৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ কথাৰে...
এই সন্দৰ্ভত নেকিবুৰ জামানে কয়, "১৯৭৪ চনত স্কুলীয়া ছাত্র অৱস্থাৰ পৰাই মই সদৌ অসম ছাত্র সন্থাৰে জড়িত হৈছিলো । ইয়াৰ পাছত ১৯৭৭ চনৰ পৰা নতুনকৈ সদৌ অসম ছাত্র সন্থা গঠন হোৱাৰ পাছত সদৌ গুৱাহাটী ছাত্র সন্থাৰ মই সভাপতি আছিলো । লগতে সদৌ কামৰূপ জিলা ছাত্র সন্থাৰো সভাপতি আছিলো । সেই সময়ত অবিভক্ত নগাঁও জিলাৰ সভাপতি আছিল প্ৰফুল্ল কুমাৰ মহন্ত । সেইদৰে আমি ছাত্র সন্থা আৰম্ভ কৰিছিলো ।’’
অধিবক্তা নেকিবুৰ জামানে কয়, ‘‘১৯৭৯ চনত দৰং জিলা ছাত্র সন্থাই বিদেশী নাগৰিকৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল । সেই আন্দোলনৰ ধাৰাটো লাহে লাহে সমগ্ৰ অসমতে বিয়পি পৰিল । তাৰ পাছত সদৌ অসম ছাত্র সন্থাই বিদেশী নাগৰিক বহিষ্কাৰ কৰাক মূল দাবী হিচাপে লৈ আন্দোলন আৰম্ভ কৰে । তাৰ প্ৰাকমুহূৰ্তত পাটাছাৰকুছিৰ এখন সভাত বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা মোৰ আহ্বান ক্ৰমে আহিছিল আৰু বক্তব্য আগবঢ়াইছিল । সেই কথা তেওঁ নিজে সাক্ষাৎকাৰতো কৈছে ।"
বিশেষ আলোকচিত্রখনৰ প্ৰসংগত বিশেষকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত অধিবক্তাগৰাকীয়ে কয়, "সেই সময়ত তেওঁ কামৰূপ একাডেমীৰ ষষ্ঠ নাইবা সপ্তম শ্ৰেণীৰ ছাত্র আছিল । ছাত্র অৱস্থাতে তেওঁ যথেষ্ট কষ্ট কৰিব পৰা আৰু সক্ৰিয়ভাৱে কাম কৰিব পৰা আছিল । আমাৰ প্ৰতিটো কামতে সহযোগ কৰিছিল । বাতৰি কাকতলৈ বিবৃতি আদি প্ৰেৰণ কৰা আদি কাম তেওঁ নিয়াৰিকৈ কৰিছিল । তেওঁ তেতিয়া সৰু ল'ৰা ।’’
জামানে আৰু কয়, সেই সময়ত আমি এখন এম্বেছাদৰ গাড়ী লৈছিলো আৰু মোৰ ঘৰ চান্দমাৰীত আছিল । নিশা এম্বেছাদৰ লৈ চান্দমাৰীলৈ অহাৰ সময়ত মই তেওঁক গান্ধীবস্তিত তেওঁৰ মামাৰ ঘৰত নমাই থৈ গৈছিলো । এনেদৰে বিভিন্ন সভা-সমিতিৰ যোগেদি তেওঁক লগ পাওঁ । সেই সময়ত আছুৰ প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন আদি নেতাৰ লগত তেওঁৰ ভাল সম্পৰ্ক স্থাপন হৈছিল ।’’
ফটোখনৰ প্ৰসংগত তেওঁ আৰু কৈ গ’ল বহু কথা, ‘‘সেই ফটোখন ১৯৭৮ নাইবা ১৯৭৯ চন মানৰ হ'ব । ফটোখনৰ সেই পৰিৱেশটোত আন্দোলনৰ প্ৰসংগক লৈ চৰ্চা হৈছিল । সৰু ল'ৰা হিমন্তই সেই সময়ত কিবা চাই আছিল । তেওঁ যিকোনো বস্তু দেখিলে আয়ত্ত কৰি লয় । পৰিৱেশৰ লগত তেওঁ মিলি যাব পাৰে । ফটোখনত মই, হিমন্ত বিশ্ব শৰ্মা, প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, দীনেশ দাস, শচীন বৈশ্য আছিলো ।"
প্ৰসংগক্ৰমে অধিবক্তাগৰাকীয়ে কয়, "তেওঁ যথেষ্ট কৰিব পাৰে । সৰু অৱস্থাৰ পৰাই আমি দেখি আহিছো । এতিয়াও সেই একেদৰেই তেওঁ কষ্ট কৰিব পাৰে । অসমীয়া জাতীয় স্বাৰ্থত তেওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এখন বিদেশীমুক্ত অসম গঢ়াৰ ক্ষেত্রত তেওঁ পদক্ষেপ গ্ৰহণ কৰিছে । সেইদৰে বহুবিবাহ বন্ধ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে । আইন আনিছে । এই আইনখনে সকলোকে উপকৃত কৰিব । মুখ্যমন্ত্রীয়ে মোক যি দায়িত্ব দিছে মই কৰি আহিছো ।"
মুখ্যমন্ত্রীক সাক্ষাৎ কৰাৰ প্ৰসংগত অধিবক্তাগৰাকীয়ে কয়, "সিদিনা তেওঁৰ কাৰ্যালয়ত তেওঁ মোক লগ পাই কথা পাতিলে । মোৰ দৃষ্টিত তেওঁ সেই আগৰ হিমন্ত বিশ্ব শৰ্মা হৈ আছে । ভৱিষ্যতে কি হ'ব নাজানো । কিন্তু সিদিনা মোক দেখা পাই আগৰ দৰেই নেকিব দা বুলি মাতি মোক লগত লৈ কথাবোৰ পাতিলে ।"
মুখ্যমন্ত্রীৰ প্ৰসংগত অধিবক্তাগৰাকীয়ে কয়, "মই তেওঁৰ বিশেষ পৰিৱৰ্তন দেখা নাই । কেতিয়াবা পৰিৱেশ-পৰিস্থিতিত কিবা কৰিব পাৰে । তেওঁক সকলোৱে আকোৱালি লৈছে । মামা-মামা বুলি সকলোৱে সম্বোধন কৰে । বিপদৰ সময়ত তেওঁ মানুহক সহায় কৰে । মানুহৰ মাজত তেওঁ থাকে । আগন্তুক দিনত তেওঁৰ আৰু উন্নতি হোৱাটো আমি বিচাৰো । অসমীয়া জাতিৰ স্বাৰ্থত কাম কৰক । অসম চুক্তি ৰূপায়ণ কৰক ।"

