ছোৱালী-বোৱাৰী দেখিলে ৰ'বই নোৱাৰা দ্বীপকেশ এতিয়া ৰঙাঘৰৰ আলহী
টিউচন, কলেজলৈ যোৱা ছাত্ৰীক জোকাই ভাল পোৱা এজন হকাৰ । আৰক্ষীৰ জালত পৰি মুখ লুকুৱাই পোৱা নাই তত ।

Published : June 3, 2026 at 11:36 PM IST
নলবাৰী: নলবাৰীৰ কমাৰকুছি আৰক্ষী থানাত এজন লোকে মুখ লুকুৱাই মাত্ৰ দৌৰিছে । ৰাইজৰ ৰোষত পৰাৰ ভয়ত তেওঁ মাথো দৌৰিছে আৰক্ষীৰ লকআপলৈ । পিছে লোকজন কোন কিয় বিখ্যাত, এই কথা জানিলে চকু কপালত উঠিব আপোনাৰো । লোকজন পেছাত বাতৰি কাকত বিতৰণ কৰোতা । নাম দ্বীপকেশ শৰ্মা ।
দীৰ্ঘদিন ধৰি দ্বীপকেশ বৰভাগ অঞ্চলৰ যুৱতী-বোৱাৰীসকলৰ বাবে সন্ত্ৰাসৰ এক অন্য এক নাম হৈ পৰিছে । কিয়নো ঘৰে ঘৰে গৈ নিজৰ অঞ্চলত বাতৰি কাকত বিলাই ফুৰাৰ লগতে ছোৱালী-বোৱাৰী জোকাই ভালপায় এইজনে । যুৱতী-কিশোৰী-বোৱাৰীক জোকাই অশ্লীল ইংগিতো প্ৰদান কৰি অহাৰ অভিযোগ দ্বীপকেশ শৰ্মাৰ বিৰুদ্ধে ।
পশ্চিম নলবাৰীৰ পানীগাঁও অঞ্চলৰ দ্বীপকেশ শৰ্মাৰ কৰ্ম-কাণ্ডত দিনৰ ভাগতো ঘৰৰ পৰা ওলাবলৈ দহবাৰ চিন্তা কৰে যুৱতী-বোৱাৰীসকলে । দীৰ্ঘদিন ধৰি এইজন দ্বীপকেশ নলবাৰীৰ বৰভাগৰ ভিন্ন প্ৰান্তত যুৱতী-কিশোৰী-বোৱাৰীৰ বাবে হৈ পৰিছিল সন্ত্ৰাসৰ অন্য এক নাম । পুৱা হ'লেই অথবা সন্ধিয়া দ্বীপকেশে কিশোৰী যুৱতী-মহিলা দেখিলেই দি আহিছিল অশ্লীল ইংগিত দিছিল উঠাই নিয়াৰ ভাবুকি ।
ভয়াৰ্ত হৈ পৰিছিল অঞ্চলটোৰ স্কুলীয়া-কলেজীয়া ছাত্ৰীৰ লগতে মহিলা-বোৱাৰী আৰু অৱশেষত বৰভাগৰ ৰাইজৰ আহ্বানৰ ভিত্তিত বুধবাৰে বিয়লি স্থানীয় কমাৰকুছি আৰক্ষী চকীয়ে দ্বীপকেশক পানীগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰাত স্বস্তিৰ নিশ্বাস এৰিছে সকলোৱে । আনহাতে এই লোকজনক আৰক্ষীয়ে আটক কৰাৰ বাবে বৰভাগবাসীয়ে ধন্যবাদ জনায় ।
আনহাতে যুৱতী-মহিলা দেখিলেই অস্থিৰ হৈ পৰা দ্বীপকেশে কেমেৰা দেখি মুখ লুকুৱাই পোৱা নাই তত । দ্বীপকেশক লাজে ধৰিছে আৱৰি । ৰাইজে দ্বীপকেশক উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীলৈ জনাইছে বিনম্ৰ আহ্বান । এগৰাকী ভুক্তভোগীয়ে কয়,"তেওঁ আমাক বহুদিনৰ পৰাই অশান্তি কৰি আহিছিল । আমি ওলাই আহিবলৈ চিন্তা কৰিবলগীয়া হৈছিল । আৰক্ষীয়ে আটক কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ ।"

