ETV Bharat / state

মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল

মায়ং কেৱল তন্ত্ৰ-মন্ত্ৰৰ বাবেই নহয়, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ পাৰৰ নৈসৰ্গিক দৃশ্য আৰু স্থানীয় লোকসকলৰ আতিথ্যৰ বাবেও পৰ্যটকৰ মাজত অত্যন্ত জনপ্ৰিয় ।

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 4:35 PM IST

3 Min Read
Choose ETV Bharat

লাহৰীঘাট: মায়ং- শব্দটো শুনিলেই মনত তন্ত্ৰ-মন্ত্ৰ আৰু যাদুৰ এক অনাবিল শিহৰণ জাগ্ৰত হয় । যাদুৰ এই জগতখনৰ বাবে মায়ং কেৱল ৰাজ্যতে নহয়, দেশৰ পৰিধি ভেদ কৰি বিদেশতো মানুহৰ বাবে এক ৰহস্য আৰু উৎসুকতাৰ বিষয় হৈ পৰিছে । যাৰবাবে মায়ঙৰ যাদুবিদ্যাই দেশ-বিদেশৰ পৰ্যটক-গৱেষকক আকৰ্ষিত কৰে ।

যাদুবিদ্যাৰ অলৌকিক কাহিনীৰে ভৰপুৰ মায়ং হ'ল লুইত উপত্যকা সভ্যতাৰ এখন অনাবিষ্কৃত ঠাই । শিহৰণ জন্মোৱা যাদুৰ অনুশীলন আৰু চমৎকাৰে আজিও মানুহৰ মনত অনেক কৌতুহলৰ জন্ম দিয়ে । জ্ঞানৰ অন্বেষণত বিদেশী পৰ্যটকৰ দল উপস্থিত হয় এই যাদুনগৰী মায়ঙত । জ্ঞান আৰু পৌৰাণিক ৰহস্যৰ সন্ধানত তেনে এটা বিদেশী পৰ্যটকৰ দল গুৱাহাটীৰ পৰা জাহাজেৰে যাত্ৰা কৰি মায়ঙৰ মায়াময় ভূমিত উপস্থিত হৈছে ।

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

অসমৰ প্ৰাচীন তন্ত্ৰ-মন্ত্ৰ আৰু ক’লা যাদুৰ ভূমি বুলি পৰিচিত মায়ংবাসীয়ে এই বিদেশী অতিথিসকলক এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰে । প্ৰাচীন ক'লা মাটিৰ সমলৰ পৰা আৰম্ভ কৰি শৈল ভাস্কৰ্যসমূহ আৰু শিলালিপিসমূহ পৰ্যটকসকলে প্ৰত্যক্ষ কৰে ।

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

তেওঁলোকৰ প্ৰথম গন্তব্যস্থান আছিল মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ । সংগ্ৰহালয়ত সংৰক্ষিত প্ৰাচীন তন্ত্ৰ-মন্ত্ৰৰ পুথি, বিভিন্ন যাদুকৰী বস্তু, পুৰণি মূৰ্তি, তাম্ৰপত্ৰ আৰু ঐতিহাসিক সামগ্ৰীসমূহ পৰিদৰ্শন কৰি পৰ্যটকসকল অতিকৈ অভিভূত হৈ পৰে । বহুতে মোবাইলত ছবি তুলি লয় আৰু নিজৰ দেশলৈ লৈ যোৱাৰ বাবে উৎসুক হৈ উঠে ।

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

সংগ্ৰহালয়ৰ গাইড, প্ৰবক্তা উৎপল নাথে তেওঁলোকক মায়ঙৰ প্ৰাচীন কাহিনী, তন্ত্ৰ সাধনা, মন্ত্ৰ উচ্চাৰণ আৰু স্থানীয় বিশ্বাসৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে । বিদেশী পৰ্যটকসকলে এই পৌৰাণিক আৰু ৰহস্যময় কাহিনী শুনি ৰোমাঞ্চিত হৈ পৰে । কোনোবাই কয়, "এনে এখন ঠাই, য’ত ইতিহাস আৰু মায়া একেলগ হৈ আছে, ইয়াতকৈ আকৰ্ষণীয় আৰু ক’ত পাম ।"

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

উৎপল নাথে মহাভাৰতৰ যুদ্ধত কছাৰী ৰজা বীৰ ঘটোৎকচে মায়ঙৰ যাদুবিদ্যাৰে বলিয়ান হৈ কৌৰৱৰ লগত যুদ্ধত অৱতীৰ্ণ হোৱাৰ কাহিনী বৰ্ণনা কৰে । মায়ং অঞ্চলখন কেৱল তন্ত্ৰ-মন্ত্ৰৰ বাবেই নহয়, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ পাৰৰ নৈসৰ্গিক দৃশ্য আৰু স্থানীয় লোকসকলৰ আতিথ্যৰ বাবেও পৰ্যটকৰ মাজত অত্যন্ত জনপ্ৰিয় । ইয়ালৈ আহি পৰ্যটকসকলে স্থানীয় খাদ্যৰ সোৱাদ লোৱাৰ লগতে গাঁওবাসীৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰে ।

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

বিদেশী পৰ্যটকৰ এনে দলৰ আগমনে স্থানীয় অৰ্থনীতিৰ উন্নয়নৰ লগতে অসমৰ প্ৰাচীন ঐতিহ্যক বিশ্বৰ দৰবাৰত তুলি ধৰাত সহায়ক হ’ব বুলি আশা কৰা হৈছে । এই বিদেশী অতিথিসকলে মায়ং ভ্ৰমণক জীৱনৰ এটা অনন্য অভিজ্ঞতা বুলি অভিহিত কৰি স্থানীয় লোক আৰু পৰ্যটন বিভাগৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁলোকে আশা প্ৰকাশ কৰে যে ভৱিষ্যতে আৰু বহুতো বিদেশী পৰ্যটকে এই মায়াময় ঠাইখন ভ্ৰমণ কৰিব ।

mystical village Mayong
মায়ঙৰ মায়াময় ভূমিত যাদুবিদ্যা আৰু ঐতিহ্যৰ সন্ধানত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

উল্লেখ্য যে দলটোৱে মায়ং পবিতৰাৰ গাতে লাগি থকা কপিলী নদীৰ পাৰত প্ৰাকৃতিকভাৱে শিলত সৃষ্টি হোৱা বহাৰ গণেশ মূৰ্তিও পৰ্যবেক্ষণ কৰি আনন্দ লাভ কৰে ।

লগতে পঢ়ক :প্ৰকৃতিৰ বাবে চাইকেল যাত্ৰা; মেৰাপানীৰ পৰা কলম্বোলৈ ৰূপম গগৈৰ সেউজ বাৰ্তা
লগতে পঢ়ক :আন্তর্জাতিক চাহ দিৱস : অৰণ্য মানৱ যাদৱ পায়েঙৰ লগতে চাহ খেতিয়ক আৰু বিজ্ঞানীক সম্বৰ্ধনা