ETV Bharat / state

প্ৰাণৰ শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি দৃষ্টিহীন বিহু হুঁচৰি দলৰ

দৃষ্টিহীন শিল্পীৰ এটা দলে দেওবাৰে জুবিন ক্ষেত্ৰত হুঁচৰি পৰিৱেশন কৰি মৰমৰ শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Tribute to Zubeen Garg
প্ৰাণৰ শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি দৃষ্টিহীন বিহু হুঁচৰি দলৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 11:44 AM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ : ৰাজ্যবাসীয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো ৰঙালী বিহু উদযাপন কৰিছে । প্ৰতিখন বিহু মঞ্চতে হিয়াৰ আমঠুক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে । জুবিন গাৰ্গ অবিহনে যেন খালী হৈ আছে বিহু মঞ্চবোৰ । যাৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলী সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনে উপস্থিত হৈছে বিহু দল বা শিল্পীৰ দল ।

অনুষ্ঠান কৰাৰ পূৰ্বে তেওঁলোকে মৰমৰ শিল্পীগৰাকীৰ আশীৰ্বাদ লৈ গৈছে । ঠিক তেনেদৰে দেওবাৰে বিয়লি জুবিন ক্ষেত্ৰত উপস্থিত হ'ল উজনি অসম দৃষ্টিহীন বিহু হুঁচৰি দল । অন্তৰ্দৃষ্টিৰে প্ৰাণৰ শিল্পীগৰাকীক অনুভৱ কৰি এক ব্যতিক্ৰমী আৰু আৱেগিক পৰিৱেশৰ সৃষ্টি কৰিলে হুঁচৰি দলটোৱে । প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ডিব্ৰুগড়ৰ পৰা অহা ১৫ জনীয়া দলটোৱে দেৱ নাৰায়ণ শৰ্মাৰ নেতৃত্বত জুবিন ক্ষেত্ৰত উপস্থিত হৈ বিহু হুঁচৰি পৰিৱেশন কৰে ।

জুবিন ক্ষেত্ৰত উজনি অসম দৃষ্টিহীন বিহু দলৰ হুঁচৰি পৰিৱেশন (ETV Bharat Assam)

জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰথমে দলটোৱে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে । তেওঁলোকে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে অন্তিম বিশ্ৰামস্থলীত কালজয়ী গীত 'মায়াবিনী' পৰিৱেশন কৰে । তেওঁলোক দৃষ্টিহীন যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কণ্ঠ আৰু তেওঁৰ সৃষ্টিৰাজি তেওঁলোকৰ বাবে সদায় এক প্ৰেৰণাৰ উৎস বুলি তেওঁলোকে উল্লেখ কৰে ।

Tribute to Zubeen Garg
জুবিন ক্ষেত্ৰত উজনি অসম দৃষ্টিহীন বিহু দলৰ হুঁচৰি পৰিৱেশন (ETV Bharat Assam)

কেৱল শ্ৰদ্ধাঞ্জলিয়েই নহয় দলটোৱে জুবিন ক্ষেত্ৰত সুন্দৰকৈ বিহু হুঁচৰি পৰিৱেশন কৰি উপস্থিত সকলোৰে মন জয় কৰে । বিহুৰ ঢোলৰ গুমগুমনি আৰু পেঁপাৰ লহৰত জুবিন ক্ষেত্ৰ মুখৰিত হৈ পৰে । ১৫ জনীয়া এই দলটোৰ নিখুঁত ছন্দ আৰু বিহুৰ পদ চালনে প্ৰমাণ কৰিলে যে শিল্প সাধনাৰ বাবে শাৰীৰিক বাধা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ।

Tribute to Zubeen Garg
জুবিন ক্ষেত্ৰত উজনি অসম দৃষ্টিহীন বিহু হুঁচৰি দল (ETV Bharat Assam)

দলটোক নেতৃত্ব দিয়া দেৱ নাৰায়ণ শৰ্মাই কয়, "আমি যদিও তেওঁক দেখা নাপাওঁ, কিন্তু আমাৰ অন্তৰ্দৃষ্টিৰে প্ৰাণৰ শিল্পীগৰাকীক আমি সদায় দৰ্শন কৰোঁ । জুবিন ক্ষেত্ৰত আহি হুঁচৰি পৰিৱেশন কৰিবলৈ পাই আমি অতিশয় সুখী আৰু ধন্য অনুভৱ কৰিছোঁ ।"

Tribute to Zubeen Garg
জুবিন ক্ষেত্ৰত উজনি অসম দৃষ্টিহীন বিহু দলৰ হুঁচৰি পৰিৱেশন (ETV Bharat Assam)

এই অনন্য অনুষ্ঠানটোৱে প্ৰমাণ কৰিলে যে কলাই কোনো বাধা নামানে আৰু ভক্তি থাকিলে অন্তৰৰ চকুৰেই সকলো দেখিব পাৰে । জুবিন ক্ষেত্ৰত উপস্থিত ৰাইজেও দৃষ্টিহীন বিহুৱা দলটোৰ এই প্ৰতিভাক প্ৰশংসা কৰে ।

Tribute to Zubeen Garg
জুবিন ক্ষেত্ৰত উজনি অসম দৃষ্টিহীন বিহু দলৰ হুঁচৰি পৰিৱেশন (ETV Bharat Assam)

লগতে পঢ়ক : এনাজৰীৰে বান্ধ খোৱা চেনেহী বিহুক কিয় কয় 'জীয়ৰী বিহু' বুলি ?