ETV Bharat / state

জুবিনৰ মৃত্যুৰ লেহেমীয়া তদন্তত অতিষ্ঠ হৈ চাকৰি এৰিলে চিকিৎসকে

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত বিভিন্ন পন্থা গ্ৰহণ কৰিছে বিভিন্নজনে । এইবাৰ চাকৰি এৰিলে চিকিৎসকে ।

A doctor resigned from his job demanding justice for Zubeen Garg in Lakhimpur
লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অতিষ্ঠ হৈ চাকৰি এৰিলে চিকিৎসকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2025 at 8:35 AM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ: অসমৰ প্ৰতিজনৰেই এতিয়া এটাই দাবী, 'জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু ন্যায়' । বিভিন্নজনে বিভিন্ন ধৰণৰে উত্থাপন কৰিছে দাবী । তাৰ মাজতে মঙলবাৰে লখিমপুৰত এজন চিকিৎসকে চাকৰিৰ পৰা অব্যাহতি গ্রহণ কৰে । তেওঁ কেতবোৰ প্ৰশ্নও উত্থাপন কৰে । জুবিন গাৰ্গৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অসন্তুষ্ট এই সিদ্ধান্ত গ্ৰহণ কৰে লোকজনে ।

জিলাখনৰ ইছলামপুৰ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ মৃণ্ময় হাজৰিকাই যুটীয়া সঞ্চালকক মঙলবাৰে অব্যাহতি পত্ৰ প্ৰদান কৰে । প্ৰথম অৱস্থাত তেওঁৰ অব্যাহতি পত্ৰ গ্ৰহণ কৰা নাছিল যুটীয়া স্বাস্থ্য সঞ্চালকে । লখিমপুৰ যুটীয়া সঞ্চালক ডাঃ বিমান শৰ্মাই চিকিৎসকগৰাকীৰ অব্যাহতি পত্ৰ গ্রহণ কৰাৰ বিপৰীতে সমগ্র দিনটো তেওঁক বুজনি দিয়ে । পিছে নিজৰ সিদ্ধান্তত অটল হৈ ৰয় চিকিৎসকগৰাকী ।

লেহেমীয়া তদন্ত প্ৰক্ৰিয়াত অতিষ্ঠ হৈ চাকৰি এৰিলে চিকিৎসকে (ETV Bharat Assam)

অৱশেষত চিকিৎসকগৰাকীৰ অব্যাহতি পত্ৰ গ্রহণ কৰাৰ বিকল্প নাথাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ । অব্যাহতি পত্ৰ প্ৰদান কৰি ডাঃ মৃণ্ময় হাজৰিকাই সাংবাদিকৰ আগত কয়,"জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত সন্তষ্ট নহয় । এজন সচেতন ভাৰতীয় নাগৰিক হিচাপে, এগৰাকী বিজ্ঞানৰ ছাত্র হিচাপে কিছু কথা সুধিবলগীয়া আছে । ফৰেনচিক মেডিচিনৰ বিষয়ো কিছু পঢ়ি আহিছোঁ । সাত বছৰৰো অধিক সময় চিকিৎসক হিচাপে কাম কৰি আছিলোঁ ।"

তেওঁ পুনৰ কয়,"চৰকাৰৰ ওপৰত মোৰ আস্থা আছে । কিন্তু কিছু কথা সুধিবলগীয়াও আছে। ছিংগাপুৰত য'ত ঘটনাটো ঘটিল তাৰ আৰক্ষীয়ে নিশ্চয় তদন্ত কৰিছিল । সেই ৰিপ'ৰ্ট আমি কেতিয়া পাম ? এনে কেইবাটাও প্ৰশ্ন আছে । জুবিন অসমক ভাল পোৱা এজন শিল্পী । তেওঁক আমি ভাল পাওঁ । তেওঁৰ মৃত্যুৰ ঘটনাৰ সঠিক তদন্ত লাগিবই ।"

লগতে পঢ়ক: যোশিতা দাসৰ আত্মহনন গোচৰত চি বি আইৰ জালত পৰিল লোকনিৰ্মাণৰ শীৰ্ষ বিষয়া

কি ক'লে এছ আই টিয়ে, কি পৰামৰ্শ দিলে ৬ বিশিষ্ট ব্যক্তিয়ে ?