শংকৰদেৱ সংঘৰ অধিবেশনস্থলীত মুখ্যমন্ত্ৰীক নিৰ্বাচনৰ বাবে ভক্তই দিলে ১০ হাজাৰ টকা
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনত মুখ্যমন্ত্ৰী । এগৰাকী ভক্তই নিৰ্বাচনৰ বাবে দিলে ১০ হাজাৰ টকাৰ উপহাৰ ।

Published : February 8, 2026 at 1:03 PM IST
তেজপুৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনৰ বাবে সাঁচতীয়া ধন উপহাৰ দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এজন ভক্তই । সংঘৰ ৯৫ সংখ্যক শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত অধিৱেশনত মুখ্যমন্ত্ৰীক মণিৰাম নাথ নামৰ এগৰাকী ভক্তই নগদ ১০ হাজাৰ টকা নিৰ্বাচনৰ বাবে তেওঁৰ সাঁচতীয়া ধন উপহাৰ দিয়ে । মুখ্যমন্ত্ৰীয়ে কয়, "তেওঁ মোৰ বহু পুৰণি চিনাকি । আমাৰ মণিৰাম নাথ, তেখেত শংকৰদেৱ সংঘৰ পুৰণি ভকত মঞ্চতে মোক ১০ হাজাৰ টকা দিলে যে বাপ আপুনি নিৰ্বাচনত লগাব ।"
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱৰ গৌৰৱেৰে অসমীয়া মন আৰু সংস্কৃতিক উজ্জীৱিত কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনত উপস্থিত থাকি গভীৰ আনন্দ আৰু গৌৰৱ অনুভৱ কৰাৰ কথা ব্যক্ত কৰে । তেওঁ কয়, "শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, পৰিৱেশ আৰু দর্শনে মোক অনুপ্ৰাণিত কৰে । এই অধিৱেশন সুশৃংখল আৰু সফলভাৱে পৰিচালনা কৰাৰ বাবে আয়োজকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ।"
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, অসমীয়া ভাষা, সংস্কৃতি আৰু পৰিচয় সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আছে । আঞ্চলিক ভাষাসমূহৰ সন্মান ৰক্ষাৰ উদ্দেশ্যে নীতি-নিয়মসমূহ সময়মতে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতে কয়, "আগন্তুক কেইবছৰত এই প্ৰচেষ্টা অধিক সুদৃঢ় হ’ব । চৰকাৰী ব্যৱস্থা তথা কৰ্ম-সংস্কৃতিৰ মাজেৰে এক শক্তিশালী অসমীয়া মনোভাব গঢ়ি তোলাই চৰকাৰৰ লক্ষ্য । ইয়াৰ জৰিয়তে অসমৰ গৌৰৱ নতুন ৰূপত উজ্জীৱিত হ’ব ।"
উল্লেখযোগ্য যে অধিৱেশনস্থলীলৈ শুকুৰবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বাপ-বান্ধৱ তথা আই মাতৃসকলৰ সোঁত বৈ আছে । শ শ অস্থায়ী শিবিৰত দূৰ-দূৰণিৰ ভকতসকলে আশ্ৰয় গ্ৰহণ কৰিছে । ১২ হাজাৰ ভকতে একেলগে ভোজন কৰিব পৰা ভোজনালয়ত শ শ ভকতক আপ্যায়নৰ বাবে কেইবাশতাধিক সেৱা বাহিনীৰ সদস্য নিয়োগ কৰা হৈছে । আজি দ্বিতীয় দিনা পুৱাৰ পৰা লাখ লাখ ভক্তৰ সোঁত বৈছে ৷ লগতে ঢলাইবিল ৰে'লৱে ষ্টেচনত ৰেল ৰখোৱাৰ সময় নিৰ্ধাৰিত সময়তকৈ অতিৰিক্ত পাঁচ মিনিট সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে ।

