ETV Bharat / state

স্বাৱলম্বিতাৰ বাট বুলি ভোগালীৰ ভোগৰ যোগান ধৰিছে বৰপেটাৰ দম্পতীয়ে

কুটিৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বৰপেটা জিলাৰ সৰভোগৰ ঘিলাজাৰীৰ এহাল দম্পতীয়ে ৷ বিহুৰ বতৰত নাই মূৰ তুলিবলৈ আহৰি ।

A couple from Barpeta has become self-reliant by setting up a small-scale industry
স্বাৱলম্বিতাৰ বাট বুলি ভোগালীৰ ভোগৰ যোগান ধৰিছে বৰপেটাৰ দম্পতীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 8:35 PM IST

3 Min Read
Choose ETV Bharat

বৰপেটা: ভোগৰ ভোগালী বিহুটিক আদৰিবলৈ অসমীয়া ৰাইজৰ ব্যস্ততা এতিয়া তুংগত উঠিছে । বিহুৰ পৰিপ্ৰেক্ষিততে ঠিক একেইধৰণৰ ব্যস্ততা বাঢ়িছে বৰপেটা জিলাৰ সৰভোগৰ ঘিলাজাৰীৰ নয়নজ্যোতি তালুকদাৰ আৰু ডিম্পল বৰুৱা তালুকদাৰৰ কুটিৰ উদ্যোগতো ।‌ সম্পূৰ্ণৰূপে কৃষিভিত্তিক এই উদ্যোগত এতিয়া দিনে-নিশাই চিৰা প্ৰস্তুত কৰা হৈছে ।‌

যুৱ উদ্যোগীজনে ২০২২ চনত বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত প্ৰধানমন্ত্ৰী নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত চাৰি লাখ ৭৫ হাজাৰ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল । সেই ধনেৰে তেওঁঁ মিঠাতেল প্ৰস্তুত কৰা এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছিল । তাৰ জৰিয়তে হোৱা লাভৰ অংশৰে পৰৱৰ্তী সময়ত হালধি, বেচন আদি প্ৰস্তুত কৰা উদ্যোগো স্থাপন কৰে । তাৰ পাছতে তেওঁ চিৰা, মুড়ি আদি প্ৰস্তুত কৰিব পৰা উদ্যোগ এটাও স্থাপন কৰে ।

স্বাৱলম্বিতাৰ বাট বুলি ভোগালীৰ ভোগৰ যোগান ধৰিছে বৰপেটাৰ দম্পতীয়ে (ETV Bharat Assam)

এনেদৰে 'মা কাঞ্চন' নামৰ খাদ্য সংশাধন উদ্যোগ এটা স্থাপন কৰি সম্প্ৰতি কেবাজন লোকক সংস্থাপন দিবলৈও সক্ষম হৈছে ।‌ এনেদৰে ক্ষুদ্ৰ উদ্যোগেৰে স্বাৱলম্বী হ'বলৈ সক্ষম হোৱা তালুকদাৰে জনায় যে ইয়াৰ জৰিয়তে তেওঁ পৰিয়াল চলাবলৈ সক্ষম হোৱাৰ উপৰি বেংকৰ ঋণো আদায় দিবলৈ সক্ষম হৈছে । গতিকে তেওঁ এই উদ্যোগ স্থাপনেৰে সম্পূৰ্ণ স্বাৱলম্বী হ'বলৈ সক্ষম হোৱা বুলি সদৰী কৰে ।‌

A couple from Barpeta has become self-reliant by setting up a small-scale industry
তালুকদাৰ দম্পতীৰ কুটিৰ উদ্যোগটোৰ এক অংশ (ETV Bharat Assam)

উৎপাদিত সামগ্ৰীৰ বজাৰখনো সামাজিক মাধ্যমৰ জৰিয়তে গঢ়ি তুলিবলৈ সক্ষম হোৱা বুলি যুৱ উদ্যোগীজনে জনায় ।‌ তেওঁৰ উৎপাদিত সামগ্ৰীসমূহ সৰভোগৰ লগতে বৰনগৰৰ অঞ্চলত বিক্ৰী কৰে ৷ তেওঁৰ উৎপাদিত সামগ্ৰীয়ে ইতিমধ্যে যথেষ্ঠ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷

A couple from Barpeta has become self-reliant by setting up a small-scale industry
তালুকদাৰ দম্পতীৰ কুটিৰ উদ্যোগটোত স্থাপন কৰা বিভিন্ন যন্ত্ৰ (ETV Bharat Assam)

নয়নজ্যোতি তালুকদাৰে কয়, "অসমখন কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ কৃষিজাত সামগ্ৰীৰ ব্যৱসায়ৰ কৰি লাভৱান হোৱাৰ যথেষ্ঠ সুবিধা আছে ৷ অসমীয়া ল’ৰাবোৰে ঘৰত বহি নাথাকি বা বহিৰাজ্যত কোম্পানীত কাম কৰাতকৈ এনেবোৰ কামত আত্মনিয়োগ কৰি স্বাৱলম্বী হ'ব পাৰে ৷ এইক্ষেত্ৰত চৰকাৰেও বিভিন্ন আঁচনি দিছে ৷ কিন্তু চৰকাৰৰ আঁচনি পোৱাৰ পিছত টকাখিনি কি কৰিছে সেইটো চৰকাৰে নাচায় ৷"

A couple from Barpeta has become self-reliant by setting up a small-scale industry
একাংশ যুৱকেও সংস্থাপন লাভ কৰিছে কুটিৰ উদ্যোগটোত (ETV Bharat Assam)

আনহাতে ডিম্পল বৰুৱা তালুকদাৰে কয়, "যেতিয়া লাখপতি বাইদেউৰ কথা চলি আছিল আনৰ গৰু-ছাগলী আছিল মোৰ একো নাছিল ৷ তেতিয়া ভাবিলো চিৰাৰ উদ্যোগতোৰ কথা ৷ গোটৰ পৰা ঋণ লোৱাৰ উপৰিও পৰিয়ালৰ আন সদস্যৰ সহায়ত চিৰাৰ উদ্যোগতো স্থাপন কৰো ৷"

A couple from Barpeta has become self-reliant by setting up a small-scale industry
ধান কূটা যন্ত্ৰ (ETV Bharat Assam)

লগতে তেওঁ কয়, "মোৰ নিচিনা মহিলা সকলে বহু কাম কৰে ৷ সিহতে অকল ঘৰৰ কাৰণে কৰে ৷ নিজৰ কাৰণে একো নকৰে ৷ নিজৰ কাৰণেও কৰিব লাগে ৷ নিজৰ কাৰণে কৰিবলৈ মুখ্যমন্ত্ৰী ছাৰৰ দৰে যদি সহায় কৰে তেনেহ’লে বেছি ভাল পাম ৷"

A couple from Barpeta has become self-reliant by setting up a small-scale industry
তালুকদাৰ দম্পতীৰ উদ্যোগটো উৎপাদিত চিৰা (ETV Bharat Assam)

লগতে পঢ়ক: ‘‘বিয়া পাতিছ’ যেতিয়া কমচে কম এটাতো সন্তান জন্ম দে’’ - নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত সন্তান জন্ম দিয়াৰ প্ৰসংগ

ভকত চাপৰিত ভোগালীৰ ব্যস্ততা; গা সাতখন-আঠখন কুঁহিয়াৰ খেতিয়কৰ