ETV Bharat / state

জন্মদিনৰ দিনাই পিতৃ-মাতৃক হেৰুৱালে এটি শিশুৱে, চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যু দম্পতিৰ

জুইৰ লেলিহান শিখাই জন্মদিনৰ দিনাই নিঠৰুৱা কৰিলে এটি দেৱশিশুক । জন্মদিনৰ খাদ্য বনাই থকা অৱস্থাতে চিলিণ্ডাৰ বিস্ফোৰণ ঘটি মৃত্য এটি দম্পতিৰ ।

A couple died due to a cylinder explosion while preparing food for their baby's birthday
চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যু দম্পতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 16, 2025 at 2:57 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটী মহানগৰীত শোকাৱহ ঘটনা । নিজ কন্যাৰ জন্মদিনৰ দিনাই প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে । মহানগৰীৰ ভৰলুমুখত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাই দম্পতিটোৱে । আজি অৰ্থাৎ দেওবাৰে আছিল তেওঁলোকৰ একমাত্ৰ কন্যাৰ ওপজাদিন ।

কন্যাৰ জন্মদিন উদযাপনৰ বাবে চলি আছিল আয়োজন । কিন্তু সেই আয়োজন চলাই থকাৰ সময়তে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইৰ লেলিহান শিখাই পলকতে আৱৰি ধৰে গোটেই কোঠাতো । প্ৰাণ হেৰুৱাই দম্পতিটোৱে ।

চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যু দম্পতিৰ (ETV Bharat Assam)

অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীয়ে । এই শোকাৱহ ঘটনা সংঘটিত হৈছে মহানগৰীৰ ভৰলুমুখৰ ৮নং গেটৰ উপ-ডাকঘৰ কাৰ্যালয়ৰ বিল্ডিঙত । বিল্ডিঙটোৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় এই অগ্নিকাণ্ড ।

A couple died due to a cylinder explosion while preparing food for their baby's birthday
নিহত পম্পী চৌধুৰী (ETV Bharat Assam)

খাদ্য বনাই থকাৰ সময়ত চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । জুইৰ সূত্ৰপাত হোৱাৰ সময়ত ঘৰৰ ভিতৰত থকা আত্মীয় কন্যা সন্তানটিক লৈ ওলাই আহে যদিও পিতৃ-মাতৃ ওলাই আহিব নোৱাৰাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় দেৱ চৌধুৰী আৰু পম্পী চৌধুৰীৰ ।

A couple died due to a cylinder explosion while preparing food for their baby's birthday
কন্যাৰ সৈতে নিহত দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী (ETV Bharat Assam)

অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে, "দেওবাৰে পুৱা ১০:১০ বজাত ভৰলুমুখৰ ৮নং গেটৰ উপ-ডাকঘৰ কাৰ্যালয়ৰ বিল্ডিঙত জুই লগাৰ খবৰ আহিছিল । তাৰ পিছতেই ঘটনাস্থলীত ৮ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু চাৰি ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত জুই নুমাবলৈ সক্ষম হয় । কিন্তু এই অগ্নিকাণ্ডত এটা দম্পতিৰ মৃত্যু হয় । আনহাতে এই অগ্নিকাণ্ডত দুজন লোক আহত হৈছে । তেওঁলোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় । খাদ্য বনাই থকা অৱস্থাত চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল ।"

উল্লেখ্য যে, পৰিয়ালটো দীৰ্ঘদিন ধৰি সেই ঘৰটোত ভাৰাতীয়া হিচাপে বাস কৰিছিল ।

লগতে পঢ়ক: বৰাকৰ আকাশত উৰিল সাৰংগ হেলিকপ্টাৰ

দুটা দশকত বিহাৰ বা অসম প্ৰগতিৰ দিশৰে ধাৱমান হৈছে: পবিত্ৰ মাৰ্ঘেৰিটা