এয়াই হয়তো শেষ দেখা, এম্বুলেঞ্চতে শুই দৰ্শন কৰি গ'ল প্ৰাণৰ শিল্পীৰ শেষ শয়নস্থলী
প্ৰাণৰ শিল্পীৰ ওচৰত, জুবিনক্ষেত্ৰত এম্বুলেঞ্চেৰে আহি স্বপ্ন পূৰণ কৰিলে এগৰাকী কৰ্কট ৰোগীয়ে ।

Published : March 1, 2026 at 2:28 PM IST
|Updated : March 1, 2026 at 9:00 PM IST
সোণাপুৰ : তেওঁ প্ৰাণৰ, তেওঁ আত্মাৰ, সেয়ে তেওঁৰ কাষলৈ টানি আনে সকলোকে । তেওঁক কাষৰ পৰা চোৱাৰ হেঁপাহ যে হেঁপাহ হৈয়ে ৰৈ গ'ল কিমানৰ ! সেয়ে এতিয়া সকলোৱে ঢাপলি মেলে তেওঁৰ শেষ শয়নস্থলীলৈ । জুবিন ক্ষেত্ৰত উপস্থিত হৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অনুভৱ ল'ব খোজে সকলোৱে ।
এক হৃদয় বিদাৰক দৃশ্যই জুবিন গাৰ্গৰ প্ৰতি যি আকুলতা সেয়া আকৌ প্ৰমাণিত কৰি তুলিলে জুবিনক্ষেত্ৰত । জীৱনৰ কঠিন সময়তো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এবাৰ কাষৰ পৰা পোৱাৰ আৰু তেওঁৰ শেষ শয়নস্থলী ‘জুবিন ক্ষেত্ৰ’ দৰ্শন কৰাৰ হেঁপাহে টানি আনিলে তেওঁক ।
এটি সপোন আৰু অদম্য হেঁপাহ :
কৰ্কট ৰোগৰ সৈতে যুঁজি থকা এজন ব্যক্তিয়ে বহুদিনৰে পৰা ইচ্ছা প্ৰকাশ কৰিছিল জুবিনক্ষেত্ৰ দৰ্শন কৰাৰ । তেওঁ আছিল জুবিন গাৰ্গৰ এগৰাকী একান্ত অনুৰাগী । ৰোগে দেহটো জৰ্জৰিত কৰিলেও, প্ৰাণৰ শিল্পীৰ গীত আৰু ব্যক্তিত্বৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাই তেওঁক মানসিকভাৱে শক্তি দি আহিছে ।
এম্বুলেঞ্চেৰে অন্তিম হেঁপাহ পূৰণৰ যাত্ৰা :
অৱশেষত সেই বিশেষ দিনটো আহি পৰিল । পৰিয়ালৰ লোকে তেওঁৰ এই হেঁপাহ পূৰণ কৰিবলৈ কোনো ধৰণৰ ত্ৰুটি নকৰিলে । খোজ কাঢ়িব নোৱৰা অৱস্থাত থকাৰ বাবে তেওঁক এম্বুলেঞ্চেৰে জুবিন ক্ষেত্ৰলৈ লৈ অহা হয় । যন্ত্ৰণাক নেওচি কেৱল মাত্ৰ জুবিনক্ষেত্ৰ এবাৰ চোৱাৰ বাবে তেওঁ চলোৱা এই যাত্ৰাই সকলোৰে চকু সেমেকাই তোলে ।
ৰোগীগৰাকীৰ এগৰাকী আত্মীয়ই কয়, "তেওঁ কেন্সাৰৰ লাষ্ট ষ্টেজৰ ৰোগী, তেখেতে ইয়ালৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰি আছিল, হেঁপাহ কৰিছিল । সেয়ে এটা ব্যক্তিগত কাৰণত এইফালে আনোতে তেওঁক ইয়াত এবাৰ দেখুৱাই নিলোঁ ।"
এয়া যেন মৰম আৰু শ্ৰদ্ধাৰ এক নিভাঁজ ছবি। ইশ্বৰপুত্ৰ জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পীয়ে নহয়, তেওঁ যে বহুজনৰ বাবে এক আৱেগ আৰু জীয়াই থকাৰ প্ৰেৰণা, সেই কথা পুনৰবাৰ প্ৰমাণিত হ’ল । অনুৰাগীগৰাকীৰ এই সাহস আৰু পৰিয়ালৰ এই প্ৰচেষ্টাই প্ৰতিগৰাকী জুবিনপ্ৰেমীৰ হৃদয় স্পৰ্শ কৰি গৈছে ।

