অসমৰ বিপন্ন চৰাইৰ সংৰক্ষণৰ পদক্ষেপ : অসমৰ দুষ্প্ৰাপ্য চৰাই শীৰ্ষক গ্ৰন্থ উন্মোচন
বিলুপ্তপ্ৰায় আৰু সংকটাপন্ন চৰাইসমূহক ভিত্তি কৰি প্ৰকাশিত গ্ৰন্থখন কেৱল এখন সাধাৰণ পক্ষী চিনাক্তকৰণৰ পুথি নহয়, বৰং ই ৰাজ্যখনৰ জীৱবৈচিত্ৰ সংৰক্ষণৰ এক মূল্যৱান নথিপত্ৰত পৰিগণিত হ’ব।

Published : July 13, 2026 at 11:43 PM IST
তেজপুৰ: অসমৰ জৈৱ বৈচিত্ৰ আৰু পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন হিচাপে সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ‘অসমৰ দুষ্প্ৰাপ্য চৰাই’ শীৰ্ষক এক গ্ৰন্থ । বিশিষ্ট পক্ষীবিদ ফিৰোজ হুছেইন আৰু কবিৰ শইকীয়াই ৰচনা কৰা গ্ৰন্থখন গুৱাহাটীৰ এক ব্যক্তিগত ছেটেলাইট চেনেলৰ কাৰ্যালয়ত উন্মোচন কৰে অসমৰ বিশিষ্ট পক্ষীবিদ ড৹ অনোৱাৰউদ্দিন চৌধুৰী, বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইন আৰু জিএল পাব্লিকেশ্যনৰ মহাপ্ৰবন্ধক প্ৰণৱ তালুকদাৰে ।
কবিৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত গ্ৰন্থখন প্ৰকাশ কৰা যোৰহাট চেণ্ট্ৰেল ক্লাবৰ সভাপতি নাৱাজ আহমেদ, বিজেপিৰ ৰাজ্যিক নেতা সিদ্ধাংকু অংকুৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ইফালে, একেদিনাই অসমৰ শিক্ষামন্ত্ৰী তথা পক্ষীপ্ৰেমী ডাঃ ৰণোজ পেগুৱে তেওঁৰ কাৰ্যালয়ৰ কোঠাত গ্ৰন্থখন মুকলি কৰে । গ্ৰন্থখনৰ শুভেচ্ছাবাণী লিখাৰ লগতে মন্ত্ৰীগৰাকীয়ে তোলা কেইবাখনো ফটো গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে । গ্ৰন্থখন মুকলি কৰি মন্ত্ৰী পেগুৱে পক্ষী সংৰক্ষণৰ দিশত এই গ্ৰন্থখনে এক যুগান্তকাৰী ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।
উল্লেখ্য যে, অসমৰ বিলুপ্তপ্ৰায় আৰু সংকটাপন্ন চৰাইসমূহক ভিত্তি কৰি অসমীয়াত প্ৰকাশিত এই গ্ৰন্থখন কেৱল এখন সাধাৰণ পক্ষী চিনাক্তকৰণৰ পুথি নহয়, বৰং ই ৰাজ্যখনৰ জীৱবৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত এক মূল্যৱান নথিপত্ৰ হিচাপে পৰিগণিত হ’ব । গ্ৰন্থখনত অসমৰ বিভিন্ন অৰণ্য, জলাশয়, পাহাৰীয়া অঞ্চল, তৃণভূমি আৰু নদীকেন্দ্ৰিক বাসস্থানত পোৱা বিপন্ন আৰু দুষ্প্ৰাপ্য চৰাইসমূহৰ বিষয়ে বিস্তৃত তথ্য সন্নিবিষ্ট কৰা হৈছে । প্ৰতিটো চৰাইৰ সৈতে সংযোজন কৰা হৈছে উচ্চমানৰ বাস্তৱ আলোকচিত্ৰ, সহজ ভাষাত পৰিচয়, চিনাক্তকৰণৰ বৈশিষ্ট্য, বাসস্থান, বিস্তৃতি, আচৰণ, সংৰক্ষণৰ অৱস্থা আৰু সন্মুখীন হৈ থকা ভাবুকিসমূহৰ বিৱৰণো তাত উল্লেখ আছে ।
লেখকদ্বয়ে গ্ৰন্থখন সন্দৰ্ভত এনেদৰে কয়, ‘‘এই গ্ৰন্থ ৰচনাৰ উদ্দেশ্য কেৱল চৰাইৰ তথ্য সংকলন কৰা নহয় ৷ বৰঞ্চ নতুন প্ৰজন্মৰ মাজত প্ৰকৃতি আৰু পক্ষী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টি কৰা ।’’
গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট প্ৰকৃতিবিদ ড৹ অনোৱাৰউদ্দিন চৌধুৰীয়ে অসমৰ দৰে জৈৱ বৈচিত্ৰ সমৃদ্ধ এখন ৰাজ্যত স্থানীয় ভাষাত এনে এখন তথ্য সমৃদ্ধ গ্ৰন্থ প্ৰকাশ পোৱাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰে ।
লগতে পঢ়ক: ইণ্ডাষ্ট্ৰী ফাউণ্ডেশ্যন-NSRLM ৰ অংশীদাৰিত্ব : নাগালেণ্ডত বাঁহভিত্তিক জীৱিকাৰ জৰিয়তে ৩০ হাজাৰ মহিলা কৃষকক সবলীকৰণ

