ETV Bharat / state

পথাৰৰ নিৰ্জন স্থানৰ পৰা উদ্ধাৰ যুৱতীৰ মৃতদেহ, শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট

কাহানিও নোহোৱা-নোপোজা ঘটনা সংঘটিত হ’ল ক্ষেত্ৰীৰ গাঁও ডিমৰীয়াত ৷ এক নিৰ্জন স্থানৰ পৰা উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ, কাষতে উদ্ধাৰ এযোৰ চেণ্ডেল ৷

BODY RECOVERED AT KHETRI
প্ৰতিনিধিমূলক ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 7:51 AM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰী থানাৰ অধীনৰ গাঁও ডিমৰীয়াত বৃহস্পতিবাৰে সন্ধিয়া উদ্ধাৰ হয় এটা মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী যুৱতীৰ বুলি চিনাক্ত কৰা হৈছে ৷ পথাৰৰ এক নিৰ্জন স্থানত এগৰাকী অচিনাক্ত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

  • কেনেকৈ পোহৰলৈ আহিল ঘটনাটো

গাঁও ডিমৰীয়াৰ গাঁও প্ৰধানে উল্লেখ কৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ভাগত স্থানীয় এগৰাকী গৰখীয়াই পথাৰৰ পৰা গৰু আনিবলৈ যোৱাৰ সময়তে নিৰ্জন এডোখৰ স্থানত মৃতদেহটো প্ৰত্যক্ষ কৰে । তৈাৰ পাছতে তেওঁ ঘটনা সন্দৰ্ভত গাঁও প্ৰধানক অৱগত কৰে । গাঁও প্ৰধানগৰাকীয়েও স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী যুৱতীৰ বুলি নিশ্চিত কৰিছে ৷

পথাৰৰ নিৰ্জন স্থানৰ পৰা উদ্ধাৰ যুৱতীৰ মৃতদেহ (ETV Bharat Assam)
  • মৃতদেহৰ অৱস্থা

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মৃতযুৱতীগৰাকীৰ পৰিধানত আছিল ক'লা ৰঙৰ লংপেণ্ট আৰু এটা টি-চাৰ্ট । আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, যুৱতীগৰাকীৰ শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ স্পষ্ট চিন দেখা গৈছে । ঘটনাস্থলীৰ পৰা কিছু আঁতৰত আৰক্ষীয়ে এযোৰ চেণ্ডেলো উদ্ধাৰ কৰে ৷ উদ্ধাৰ হোৱা চেণ্ডেলযোৰ যুৱতীগৰাকীৰ বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

গাঁও প্ৰধানগৰাকীয়ে কয়, ‘‘পূৰ্বতে এই স্থানত এনেধৰণ ঘটনা সংঘটিত হোৱা নাই ৷ যাৰ বাবে ৰাইজ কিছু শংকিত হৈ পৰিছে ৷ আমাৰ এই অঞ্চলৰ পৰা কোনো লোক নিৰুদ্দেশ হোৱা নাই ৷ ইফালে যিটো স্থানৰ পৰা মৃতদেহটো উদ্ধাৰ কৰা হৈছে, তালৈ যাবলৈ কোনো সুচল বাট-পথ নাই । তেনে এক নিৰ্জন আৰু দুৰ্গম স্থানলৈ যুৱতীগৰাকী কেনেকৈ গ’ল, তাক লৈ বৰ্তমান ৰহস্যৰ সৃষ্টি হৈছে ।’’

  • ঘটনাৰ তদন্ত আৰম্ভ

উক্ত ঘটনাৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ক্ষেত্ৰী থানাৰ আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে । ঘটনাৰ গুৰুত্বলৈ লক্ষ্য ৰাখি মহানগৰীৰ পৰা ফৰেনচিক বিশেষজ্ঞৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ফৰেনচিক দলে বিজ্ঞানসন্মত পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছতহে যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।

উল্লেখ্য যে, এয়া এক পৰিকল্পিত হত্যাকাণ্ড নে ইয়াৰ আঁৰত আন কোনো ৰহস্য লুকাই আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট আৰু তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত সত্য আৰু যুৱতীগৰাকীৰ পৰিচয় পোহৰলৈ আহিব বুলি কয় গাঁও প্ৰধানগৰাকীয়ে ৷

লগতে পঢ়ক : চৰণেহে জানে মৰণৰ ঠাই ! ৰে'ল ষ্টেচনৰ জিৰণি কক্ষতেই চিৰনিদ্ৰা এজন ব্যক্তিৰ

লগতে পঢ়ক : অৱহেলা-অমানৱীয়তা-কাণ্ডজ্ঞানহীনতাৰ চৰম পৰ্যায় ! মুকলি আকাশৰ তলতে চলিল মৰণোত্তৰ পৰীক্ষা