ETV Bharat / state

নগাঁও-মৰিগাঁও সংযোগী পথৰ এজোপা বটগছে দৃষ্টি কাঢ়িছে পথচাৰীৰ

গছজোপাৰ বৃহৎ আকাৰো পথচাৰীৰ বাবে হৈ পৰিছে দৃষ্টি আকৰ্ষণৰ আন এক কাৰণ ।

Morigaon Banyan Tree
নগাঁও-মৰিগাঁও সংযোগী পথৰ এজোপা বটগছে দৃষ্টি কাঢ়িছে পথচাৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2026 at 8:54 PM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও : অসমীয়া সমাজ আৰু সংস্কৃতিৰ সৈতে বটগছৰ সম্পৰ্ক অতি গভীৰ । কেৱল এক বৃক্ষ হিচাপেই নহয়, আধ্যাত্মিক, সামাজিক আৰু পৰিৱেশগত দিশৰ পৰাও অসমীয়া জীৱনত ইয়াৰ গুৰুত্ব অপৰিসীম ।

অতীজৰে পৰা গাঁৱৰ মানুহৰ ঘৰৰ মুখত বা নামঘৰৰ কাষত থকা বিশাল বটগছৰ তলখন এখন সামাজিক মঞ্চৰ দৰে ব্যৱহাৰ হৈ আহিছে । গাঁৱৰ বিচাৰ-আচাৰ বা জৰুৰী আলোচনাৰ বাবে বটগছৰ তলত 'ৰাইজমেল' বহে । খেতিয়কসকলে কামৰ মাজত বা বাটৰুৱাই ৰ’দ-বৰষুণৰ পৰা ৰক্ষা পাবলৈ এই গছৰ তলতে জিৰণি লয় ।

নগাঁও-মৰিগাঁও সংযোগী পথৰ এজোপা বটগছে দৃষ্টি কাঢ়িছে পথচাৰীৰ (ETV Bharat Assam)

হিন্দু ধৰ্ম তথা অসমীয়া পৰম্পৰাত বটগছক অত্যন্ত পবিত্ৰ জ্ঞান কৰা হয় । অসমৰ বহু ঠাইত জেঠ মাহৰ অমাৱস্যাত 'বট সাৱিত্ৰী' ব্ৰত পালন কৰি বটগছৰ পূজা কৰা হয় । লোকবিশ্বাস মতে, বটগছত বিভিন্ন দেৱ-দেৱীয়ে বাস কৰে, সেয়েহে এই গছ কটাটো অমংলীয়া বুলি গণ্য কৰা হয় । 'বৰগছৰ তলতে বিহুকে পাতিলা...' এনে ধৰণৰ বিহু নামসমূহে প্ৰমাণ কৰে যে তাহানিৰ দিনত বিহুৰ আখৰা বা নাচ-গান বটগছৰ তলতে অনুষ্ঠিত হৈছিল ।

নগাঁও-মৰিগাঁও সংযোগী ৩নং ৰাজ্যিক ঘাইপথৰ কাষতে জৰাবাৰীত অৱস্থিত প্ৰায় ৪৫ বছৰীয়া এজোপা বৃহৎ আকাৰৰ বটগছে দৃষ্টি কাঢ়িছে সকলোৰে । কিয়নো বৰ্তমান সময়ত এনে বটগছ প্ৰায় বিলুপ্ত হ'ব ধৰিছে । ইফালে গছজোপাৰ বৃহৎ আকাৰো পথচাৰীৰ বাবে হৈ পৰিছে দৃষ্টি আকৰ্ষণৰ আন এক কাৰণ ।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, গছজোপাৰ কাষতে লাগি থকা শিৱমন্দিৰভাগ স্থাপনৰ পাছতে ৰোপণ কৰা হৈছিল এই গছজোপা । এসময়ত সেই গছজোপাৰ‌ তলতে বহিছিল বহু গাঁও সভা, সমিতি আদিকে ধৰি গুৰুত্বপূৰ্ণ বহু আলোচনাও ।

এগৰাকী স্থানীয় লোকে কয়, "এই শিৱ মন্দিৰ বহু দিনৰ অনুষ্ঠান, আমি নাঙঠ কালৰ পৰায়ে পাইছোঁ । সেই সময়ৰে পৰা এই মন্দিৰটো উঠি আহিছে, আমি বহুত ভাল পাইছোঁ । এই গছজোপা ৪০ বছৰৰো অধিক পুৰণি । বিভিন্ন ঠাইৰ মানুহ আহে পূজা কৰিবলৈ । বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহে ।"

সামৰণিত আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ যে এই বটগছে অসমীয়া সমাজ জীৱনত এক বিশেষ তাৎপৰ্য বহন কৰি আহিছিল । কিন্তু বৰ্তমান ইয়াৰ বিলুপ্তপ্ৰায় অৱস্থাৰ বাবেই যেন ইয়াৰ গুৰুত্ব ক'ৰবাত হ্ৰাস পাব ধৰিছে ।

লগতে পঢ়ক :নিৰ্বাচনী ধামখুমীয়াৰ মাজতে আহি পালে হেঁপাহৰ ৰঙালী
লগতে পঢ়ক :১২০০ ভোটাৰৰ এটা পৰিয়ালেৰে সৃষ্টি হোৱা এখন গাঁও, ক'ত আছে এই বিশেষ গাঁওখন ?