ভূত বাংলাত পৰিণত ৩৬ বছৰীয়া কয়দীবিহীন কাৰাগাৰ
এখন কয়দীবিহীন কাৰাগাৰ, যি তিনি দশক ধৰি পৰি আছে পৰিত্যক্ত অৱস্থাত । শীঘ্ৰে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপেৰে কাৰাগাৰখন পুনৰ সজীৱ কৰি তুলিবলৈ আহ্বান ।

Published : May 10, 2026 at 5:20 PM IST
জোনাই: এখন অতি পুৰণি কাৰাগাৰ । যিখন কাৰাগাৰ বৰ্তমান অতি পৰিণত হৈছে ভূত বাংলালৈ । বিগত প্ৰায় তিনি দশক ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে এখন কয়দীবিহীন কাৰাগাৰ । ১৯৯০ চনত স্থাপন কৰা এই কাৰাগাৰখন আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল । দীঘলীয়া সময় ধৰি ব্যৱহাৰ নোহোৱাৰ ফলত কাৰাগাৰখন বৰ্তমান ৰূপান্তৰিত হৈছে ভূত বাংলালৈ ৷
জোনাইৰ ৩নং মুৰ্কংচেলেকত প্ৰায় ৫২ বিঘা বিস্তৃত ভূমিত নিৰ্মাণ কৰা এই কাৰাগাৰখনত কয়দীৰ বাবে পৃথক পৃথকে কোঠা, বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে থাকিব পৰাকৈ আবাসিক গৃহসহ সকলো সুবিধা নিৰ্মাণ কৰা হৈছিল । কিন্তু বিগত প্ৰায় ৩৬ বছৰে ব্যৱহাৰ নকৰাত কয়দীগৃহৰ লগতে অন্যান্য ভৱনসমূহো এফালৰ পৰা গৈছে জহি-খহি ৷
উল্লেখ্য যে, ১৯৯০ চনতেই জোনাইত এখন কাৰাগাৰৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি এই কাৰাগাৰখন চৰকাৰে নিৰ্মাণ কৰিছিল ৷ পিছলৈ জোনাই মহকুমাৰ পৰা সমজিলালৈ উন্নীত হ’ল যদিও কাৰাগাৰখন আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনাইৰ একাংশ সচেতন নাগৰিকে ।
আনহাতে জোনাই সমজিলাত এখন কাৰাগাৰৰ অভাৱত বিভিন্ন সময়ত কয়দীক জোনাইৰ পৰা সুদূৰ ধেমাজিলৈ নিয়া অনাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ লগতে জোনাইবাসীয়ে সন্মুখীন হৈ আহিবলগীয়া হৈছে বহু সমস্যাৰ ৷ সেয়ে অতি শীঘ্ৰে চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিৰ হস্তক্ষেপেৰে এই কাৰাগাৰখন পুনৰ মেৰামতি কৰি সজীৱ কৰি তুলিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ।
এগৰাকী স্থানীয় লোকে কয়, "আমি সৰুৰে পৰা দেখি আহিছোঁ এইখন । আমি বহু সৰু আছিলো সেই সময়ত । দেখি আছো, মাটিখিনি এনেই পৰি আছে, ঘৰবোৰো এনেই পৰি আছে । যদি চৰকাৰে খুলি দিয়ে তেন্তে আমাৰ কাৰণে ভাল । ৰাস্তা-পদূলি ভাল হ'ব ।"

