শ্বহীদ পুত্ৰৰ স্মৃতি বুকুত বান্ধি জুপুৰীত উচুপিছে ১০৬ বছৰীয়া বৃদ্ধ পিতৃয়ে
এডোখৰ কেঁচা ঘা লৈ ১০৬ বছৰীয়া বৃদ্ধ পিতৃয়ে পুত্ৰক সুঁৱৰিলে শ্বহীদ দিৱসৰ দিনটোত । সেই অভিশপ্ত সময়লৈ উভতি গৈ আৱেগিক শ্বহীদৰ পিতৃ ।

Published : December 10, 2025 at 1:31 PM IST
ধেমাজি: আজি শ্বহীদ দিৱস । ১৯৭৯ চনৰ আজিৰ দিনটোতেই ছবছৰীয়া অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হৈছিল বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰ । শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যৰেই ১০ ডিচেম্বৰত ৰাজ্যজুৰি শ্বহীদ দিবস পালন কৰা হয় ৷ এই ঐতিহাসিক অসম আন্দোলনত শ্বহীদ হোৱা ৮৬০ গৰাকীৰ ভিতৰত এগৰাকী শ্বহীদ আছিল ধেমাজিৰ বিষ্ণুপুৰ কোচ গাঁৱৰ প্ৰবীন মুক্তিযোদ্ধা টংক বড়াৰ জ্যেষ্ঠ পুত্ৰ কমল বড়া ৷
এই শ্বহীদ দিৱসৰ বিশেষ দিনটোত ধেমাজিৰ শ্বহীদ কমল বড়াৰ পিতৃ প্ৰবীন মুক্তিযোদ্ধা টংক বৰাই ১০৬টা বছৰ গৰকা স্বত্বেও পাহৰা নাই এই বিশেষ দিনটোৰ কথা ৷ এডোখৰ কেঁচা ঘা লৈ আজিও জীয়াই আছে তেওঁ । বাদ্ধৰ্ক্যই থৰক-বৰক কৰিলেও পিতৃ টংক বড়াই সুঁৱৰিলে সেই দিনটোৰ কথা ।
পুত্ৰক স্মৰণ কৰি বড়াই কয়,"১৯৮৩ চনৰ ১৪ ফ্ৰেব্ৰুৱাৰীৰ দিনা টেকজুৰি হাইস্কুলত অসম আন্দোলন কৰা ল’ৰা-ছোৱালীৰ লগতে আমাৰ ইয়াক আৰু আপতি দাস আৰু ভ্ৰাতৃ বৰুৱা তিনিওটাকে বেংগলীয়ে মাৰিলে ৷ তাৰ পাছত মই আৰু চাৰি পাঁচজনক লগত লৈ থানাত খবৰ দিবলৈ যাওঁতে মোক ৩ মাহ জে'লত ৰাখিলে আৰু ৫৩টা মাৰ্ডাৰ কেচ মোৰ ওপৰত দিলে ৷ সেইবিলাক চব আদায় কৰি এতিয়া কোনোমতে জীয়াই আছো ।"



তেওঁ লগতে ২০১৬ চনৰ ১০ ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়োৱা পাঁচ লাখ টকাৰে শ্বহীদ বেদী এটা নিৰ্মাণ কৰি ভাওঁনা কৰিলে বুলি আক্ষেপ কৰে । ইপিনে শ্বহীদগৰাকীৰ ভাগিন তথা টংক বড়াৰ নাতি খগেন বড়াই আজিৰ এই বিশেষ দিনটোক উল্লেখযোগ্য দিন বুলি কৈ সকলো শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালক শ্ৰদ্ধা জনায় আৰু সকলোকে চৰকাৰে সহায় কৰিবলৈ অনুৰোধ জনায় ৷


পাঁচগৰাকী পুত্ৰ সন্তানৰ ভিতৰত শ্বহীদ কমল বড়া আছিল টংক বড়াৰ জ্যেষ্ঠ পুত্ৰ । এতিয়া এটি সাধাৰণ কেঁচাঘৰতে পুত্ৰৰ স্মৃতিক লগত লৈ দিন কটাইছে টংক বড়াই ৷

