ETV Bharat / state

স্বাস্থ্য বিভাগত এতিয়াও খালী হৈ আছে ৯৮০৮ টা পদ ; সদনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ তথ্য

প্রয়োজন সাপেক্ষে উক্ত খালী পদসমূহ বিভাগীয় নীতি অনুযায়ী পূৰণ কৰা হ'ব বুলি সদনত সদৰী কৰে মন্ত্ৰী অশোক সিংহালে ।

ASSAM ASSEMBLY WINTER SESSION 2025
অসম বিধানসভাৰ প্ৰৱেশদ্বাৰ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 28, 2025 at 11:20 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী: চিকিৎসক নাই, ঔষধ নাই, সা-সৰঞ্জাম নাই, মেচিন নাই, নাই বিচনা, নাই সু-ব্যৱস্থা ৷ মুঠতে নাইতেই চলি আছে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ ৷ নাইতেই চলি থকা ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই পয়ালগা অৱস্থাৰ ছবিখন শুকুৰবাৰে খোদ বিভাগীয় মন্ত্ৰী অশোক সিংহালৰ তথ্যতেই সদনৰ মজিয়াত উন্মোচিত হৈছে ।

ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ দুখজনক ছবিখন উন্মোচিত কৰি সদনত মন্ত্রীগৰাকীয়ে জনায় যে সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগত খালী হৈ আছে মুঠ ৯,৮০৮ টাকৈ বিভিন্ন পদ ৷

বিধায়ক জাকিৰ হুছেইন শিকদাৰে চলিত অসম বিধানসভাৰ চতুৰ্থ দিনা প্ৰশ্নোত্তৰ কালত সোধা এক মৌখিক প্ৰশ্নৰ উত্তৰৰ মন্ত্ৰী অশোক সিংহালে জনায় যে অসমৰ বিভিন্ন স্বাস্থ্য সঞ্চালকালয়ত ৯,৮০৮ টা পদ খালী হৈ আছে ৷ সেই অনুসৰি স্বাস্থ্যসেৱা সঞ্চালকালয়ত বর্তমান মুঠ ১,৯৭০ সংখ্যক পদ খালী হৈ আছে । অৱশ্যে ইয়াৰে ১৯১ টা খালী পদ পূৰণৰ বাবে ইতিমধ্যে বিজ্ঞাপন দিয়া হৈছে । তাৰোপৰি ৮৮৮ টা পদ পূৰণৰ বাবে ইতিমধ্যে বাছনি প্রক্রিয়া সম্পূর্ণ হৈছে আৰু অতি শীঘ্রে নিযুক্তি পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হ'ব । স্বাস্থ্য সেৱা সঞ্চালকালয়ত (পৰিয়াল কল্যাণ) বর্তমান মুঠ ৮০৯ সংখ্যক পদ খালী হৈ আছে । ইয়াৰ ভিতৰত ৬৩৬ টা খালী পদ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু অতি শীঘ্রে নিযুক্তি পত্র বিতৰণৰ ব্যৱস্থা কৰা হ'ব । বাকী থকা ১৭৩ টা খালী পদ শীঘ্ৰে পূৰণ কৰা হ’ব ।

খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্রক আয়ুক্তালয় অসমৰ অধীনত মুঠ ৬৩ টা পদ খালী আছে আৰু ইয়াৰে ১৬ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে । ইফালে আয়ুষ সঞ্চালকালয়ৰ অধীনত মুঠ ১৫টা খালী পদ আছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত বিভিন্ন পদত বর্তমান খালী হৈ থকা মুঠ পদৰ সংখ্যা হৈছে ৬,৯১৫ টা । পৰৱৰ্তীকালত প্রয়োজন সাপেক্ষে উক্ত খালী পদসমূহ বিভাগীয় নীতি অনুযায়ী পূৰণ কৰা হ'ব বুলি সদনত সদৰী কৰে মন্ত্ৰী অশোক সিংহালে ।

ইফালে অসমত নতুন উপস্বাস্থ্য কেন্দ্ৰ স্থাপন সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী অশোক সিংহালে জনাই যে অসমৰ PMABHIM আঁচনিৰ অধীনত ৭৬৮ টা Buildingless Sub Health Centre বিত্তীয় বর্ষ ২০২১-২২, ২০২২-২৩ চনত অনুমোদিত হৈছে আৰু আটাইবোৰৰে নিবিদা আহ্বান কৰা হৈছে । তাৰ ভিতৰত ৩৩৩ উপ-স্বাস্থ্য কেন্দ্ৰৰ কাম বৰ্তমানলৈ সম্পূর্ণ হৈছে, বাকী ৩৫৭ টা কাম বিভিন্ন পর্যায়ত চলি আছে । ইয়াৰ উপৰিও পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত অসমত ৩৯৯ টা উপ-স্বাস্থ্য কেন্দ্র অনুমোদিত হৈছে আৰু তাৰ ভিতৰত ৯ টাৰ বাবে নিবিদা আহ্বান কৰা হৈছে । এতিয়ালৈকে ৭টা উপ-স্বাস্থ্যকেন্দ্ৰৰ কাম সম্পূৰ্ণ হৈছে আৰু দুটা উপ-স্বাস্থ্য কেন্দ্ৰৰ কাম চলি আছে । তাৰোপৰি ৭১ উপ-স্বাস্থ্যকেন্দ্ৰৰ প্ৰশাসনিক অনুমোদন পোৱা গৈছে আৰু নিবিদাৰ বাবে ব্যৱস্থা লোৱা হৈছে । বাকী ৩১৯ ৰ উপ-স্বাস্থ্যকেন্দ্রৰ বাবে স্থান নির্ধাৰণৰ প্ৰক্ৰিয়া চলি আছে ।

বিভাগীয় মন্ত্ৰী অশোক সিংহালে হাইলাকান্দি জিলাখনত ৩৪ টা চিকিৎসকৰ পদ, ৫৯ টা জি এন এম নাৰ্ছ আৰু ৩ টা এ এন এম নাৰ্চৰ পদ খালী থকা বুলিও সদৰী কৰে ৷ আনহাতে অসমত নতুনকৈ নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ অগ্ৰগতিৰ তথ্য সদৰী কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহালে কয়, ‘‘অসমত বর্তমান ১৪ খন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদানৰ লগতে ছাত্র-ছাত্রীক নিয়মীয়া পাঠদান পূর্ণগতিত চলি আছে আৰু নতুনকৈ ১৩ খন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্যৰ কাম হাতত লোৱা হৈছে । এই ১৩ খন হৈছে বঙাইগাওঁ চিকিৎসা মহাবিদ্যালয়, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়, চৰাইদেউ চিকিৎসা মহাবিদ্যালয়, তামুলপুৰ চিকিৎসা মহাবিদ্যালয়, ধেমাজি চিকিৎসা মহাবিদ্যালয়, গোলাঘাট চিকিৎসা মহাবিদ্যালয়, শ্রীভূমি চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়, দৰং চিকিৎসা মহাবিদ্যালয়, হাইলাকান্দি চিকিৎসা মহাবিদ্যালয়, মৰিগাঁও চিকিৎসা মহাবিদ্যালয়, গোৱালপাৰা চিকিৎসা মহাবিদ্যালয় আৰু হোজাই চিকিৎসা মহাবিদ্যালয় । এই ১৩ খন মহাবিদ্যালয়ৰ ভিতৰত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়, চৰাইদেউ চিকিৎসা মহাবিদ্যালয় আৰু তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ নির্মাণকাৰ্যৰ কাম প্রায় সমাপ্তিৰ পথত । বাকী ৯ খনৰ কাম বিভিন্ন স্তৰত দ্রুতগতিত আগবাঢ়িছে ।’’

ইফালে অসমত থকা আশাকৰ্মী আৰু চুপাৰভাইজাৰৰ তথ্য সদৰী কৰি মন্ত্ৰী অশোক সিংহালে কয়, ‘‘ASHA Payment and Performance monitoring system অনুসৰি বৰ্তমান অসমত ৩৩,৪২১ গৰাকী আশাকর্মীয়ে মাহিলী পাৰিতোষিক লাভ কৰি আছে । কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এগৰাকী আশাই প্রতি মাহে ২০০০ টকা লাভ কৰে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও এগৰাকী আশাক প্রতিমাহে ১৫০০ টকা প্ৰদান কৰা হয় । অসমৰ আশাকর্মীসকল স্বেচ্ছাসেৱী স্বাস্থ্যকর্মী । তেওঁলোকে কার্য প্ৰদৰ্শনৰ ভিত্তিত মাননী লাভ কৰে । এগৰাকী আশাই বিত্তীয় বর্ষত ২৫,০০০ টকা পর্যন্ত চিকিৎসা পৰিশোধ ধন লাভ কৰে । ইয়াৰোপৰি এগৰাকী আশাৰ মৃত্যুৰ পিছত তেখেতৰ নিকটাত্মীয়ই এক লাখ টকাকৈ লাভ কৰে । নূন্যতম ১০ বছৰ স্বেচ্ছামূলক সেৱা আগবঢ়োৱা আশাসকলে তেওঁলোকৰ ৬০ বছৰ বয়স সম্পূর্ণ হোৱাৰ পিছত সেৱাৰ কাৰ্যকাল সমাপ্তিৰ সময়ত দুই লাখ টকাৰ এককালীন মাননী লাভ কৰে ।’’

মন্ত্ৰী সিংহলে লগতে জনায় যে জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ পৰা পোৱা তথ্য অনুসৰি ২,৫৯১ গৰাকী আশা চুপাৰভাইজাৰে মাহিলী পাৰিতোষিক লাভ কৰি আছে । এগৰাকী আশা চুপাৰভাইজাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৭,৫০০ টকা লাভ কৰাৰ লগতে প্ৰৰ্দশনৰ ভিত্তিত প্রতিমাহে ১,৫০০ টকা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২,৭০০ টকা লাভ কৰে, মাহিলী মুঠ ১১,৭০০ টকা মাননী লাভ কৰে । তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও এগৰাকী আশা চুপাৰভাইজাৰে তেওঁৰ বিভিন্ন কাৰ্য প্ৰদৰ্শনৰ ভিত্তিত প্রতিমাহে ১,৫০০ টকাৰ মাননী লাভ কৰে । এগৰাকী আশা চুপাৰভাইজাৰে বিত্তীয় বৰ্ষত ২৫,০০০ টকা পর্যন্ত চিকিৎসা পৰিশোধ ধন লাভ কৰে । ইয়াৰোপৰি এগৰাকী আশা চুপাৰভাইজাৰসকলৰ মৃত্যুৰ পিছত তেখেতৰ নিকটাত্মীয়ই এক লাখ টকাকৈ লাভ কৰে । নুন্যতম ১০ বছৰ স্বেচ্ছামূলক সেৱা আগবঢ়োৱা আশা চুপাৰভাইজাৰসকলে তেওঁলোকৰ ৬০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত সেৱাৰ কাৰ্যকাল সমাপ্তিৰ সময়ত তিনি লাখ টকাৰ এককালীন মাননী লাভ কৰিব পাৰিব ।‘‘

লগতে পঢ়ক: অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত আৰু এখোজ অসম আৰক্ষীৰ : অসমত স্থাপন এম চি ইউ