ETV Bharat / state

বিশিষ্ট সাহিত্যিক নৱাব ইমৰান শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন

নৱপ্ৰজন্মক ভৱিষ্যতৰ বাবে লক্ষ্য স্থিৰ কৰি আগবাঢ়িবলৈ আহ্বান সাহিত্যিক ইমৰান শ্বাহৰ ।

Nawab Imran Shah
বিশিষ্ট সাহিত্যিক নৱাব ইমৰান শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 1:25 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : 'বনবাসী'ৰ পৰা 'দোকমোকালি'লৈ এক অনন্য সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন ৷ ১৯৩৩ চনত শিৱসাগৰ নগৰৰ ঐতিহ্যমণ্ডিত ধাই আলিত জন্মলাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ অন্যতম মাইলখুঁটা স্বৰূপ ইমাৰান শ্বাহৰ জন্মদিনত বিভিন্নজনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে । পৰিয়ালৰ লগতে অনুৰাগীসকলে বিশিষ্ট সাহিত্যকগৰাকীক জন্মদিনৰ ওলগ জনাইছে ।

তাৰ মাজতে নৱ প্ৰজন্মলৈ বিশেষ আহ্বান সাহিত্যিকগৰাকীৰ । ওপজা দিনত তেওঁ নৱপ্ৰজন্মক উদ্দেশ্যি কয়, "তেওঁলোকৰ ওপৰতে দেশৰ ভৱিষ্যৎ । গতিকে তেওঁলোকে অধ্যয়ন কৰি পঢ়া-শুনা কৰাৰ লগতে লক্ষ্য স্থিৰ কৰি আগবাঢ়িব লাগে । সদায় মনত ৰাখিব লাগে যে প্ৰত্যেকজন মানুহৰ জীৱনটোৱে জাতীয় জীৱনৰ লগত জড়িত । সেই কাৰণে দেশৰ কথা ভাবি আগুৱাব লাগে ।" জুবিন গাৰ্গৰ ন্যায় প্ৰসংগতো তেওঁ কয়,"সৰ্বসাধাৰণ ৰাইজে যি বিচাৰিছে সেয়ে আমাৰো আশা । ন্যায় বিচাৰ পাব লাগে ।"

বিশিষ্ট সাহিত্যিক নৱাব ইমৰান শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন (ETV Bharat)

উল্লেখ্য যে, ঈষাণ দত্ত, বাবুল, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা কথাশিল্পী ইমৰান শ্বাহে সাহিত্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে আজানপীৰ বঁটা, সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা লাভ কৰিছে । এক কথাত সাহিত্যিকগৰাকীয়ে অসমীয়া ভাষাৰ ভঁৰাল চহকী কৰিছে ।

তেওঁৰ একাংশ গ্ৰন্থ-

  • সংগীতৰ সিপাৰে
  • জোনাকৰ ছবি
  • তানচেন
  • অনমিতা
  • ক্ৰান্তিৰেখা
  • সাগৰিকা
  • জৱানবন্দী
  • বন্ধ দুৱাৰ
  • ক্ৰীতদাসৰ হাঁহি
  • মোৰ ফুলনিৰ ফুল
  • সৃষ্টি-দৃষ্টি
  • কুকুহা
  • দোকমোকালি

তেওঁ গ্ৰন্থসমূহত প্ৰাণ পাই উঠিছে সাহিত্যিকগৰাকীৰ পৰিপুষ্ট চিন্তাৰ কলমত ৷ মৃদুভাষী ভাষা সাহিত্যৰ সৃষ্টিৰ সাধকজনৰ বাবে ৰাইজৰ মৰমেই সৃষ্টিৰ সমল । উল্লেখ্য যে নৱম শ্ৰেণীত পঢ়ি থাকোতেই 'বনবাসী' লিখি উলিয়াইছিল ইমৰান শ্বাহে । অসমৰ সাহিত্য জগতৰ মহীৰূহগৰাকীৰ বিশেষ দিনটোত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ বাবে ওপজা দিন আন দিনৰ দৰেই ।

লগতে পঢ়ক :জুবিন ক্ষেত্ৰকলৈ ভুৱা বাতৰি প্ৰচাৰ হৈছে, সংবাদমেলযোগে ক'লে তদাৰক সমিতিয়ে