ৰাস মহোৎসৱক লৈ উদুলি-মুদুলি নলবাৰী চহৰ, হৰিমন্দিৰৰ মুখ্যদ্বাৰ মুকলি
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে হৰিমন্দিৰৰ মুখ্যদ্বাৰ উন্মোচন কৰে ।

Published : November 6, 2025 at 11:17 AM IST
নলবাৰী : শ্ৰীকৃষ্ণৰ ৰাসলীলাক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । প্ৰায় প্ৰতিটো প্ৰান্ততে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে । ব্যতিক্ৰম নহয় নলবাৰী । উত্তৰ-পূবৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান হিচাপে জনাজাত নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱ । বুধবাৰে ৰাস পূৰ্ণিমাৰ দিনটোত উখল-মাখল হৈ পৰিছে নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰ বাকৰি । কৃষ্ণৰসত বুৰ গৈছে সমগ্ৰ নলবাৰী চহৰ ।
১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাসত সন্ধিয়া ফিটা কাটি মুখ্য তোৰণ উন্মোচন কৰা হয় । লগে লগে একপ্ৰকাৰ দ্বিতীয় বৃন্দাবনত পৰিণত হয় হৰিমন্দিৰ বাকৰি । প্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলা চাবলৈ বুধবাৰৰ পৰাই দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হৈছে নলবাৰীত । ৯২ সংখ্যক নলবাৰী ৰাস মহোৎসৱ উপলক্ষে সন্ধিয়া বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে ফিটা কাটি উন্মোচন কৰে হৰিমন্দিৰৰ মুখ্য দ্বাৰ । তাৰ পূৰ্বে বুঢ়াসত্ৰীয়াগৰাকীক নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এক বাৰেৰহণীয়া ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয় হৰিমন্দিৰলৈ ।
উল্লেখ্য যে অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰী ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ সৈতে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাটোত অতিথিৰূপে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি । উক্ত সাংস্কৃতিক শোভাযাত্ৰা হৰিমন্দিৰত সমাপ্ত হোৱাৰ পিছতে ৰাস মহোৎসৱৰ অস্থায়ী মঞ্চত আটাইকেইগৰাকী আমন্ত্ৰিত মুখ্য অতিথিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উক্ত মঞ্চতে অসম সাহিত্য সভাৰ সম্পাদক বাবুল বৰাৰ দ্বাৰা নলবাৰী ৰাসৰ স্মৃতিগ্ৰন্থখনো উন্মোচন কৰা হয় । ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনাই নলবাৰী ৰাস মহোৎসৱ সমিতিয়ে হৰিমন্দিৰ বাকৰিতে নিৰ্মাণ কৰিছে শিল্পীগৰাকীৰ এটা প্ৰতিমূৰ্তি, ৫২ ফুট উচ্চতাৰ গীটাৰ লগতে এটা টুপী । সকলো দৰ্শনাৰ্থীয়ে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি উক্ত প্ৰতিমূৰ্তি, গীটাৰ আৰু টুপীটোৰ তলত শ্ৰদ্ধাঞ্জলি জনাইছে । তাৰ সমান্তৰালকৈ কাষতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰো প্ৰতিচ্ছবি ৰখা হৈছে । দীপক শৰ্মাকো বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে উপস্থিত ধৰ্মপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীৰ সন্মুখত ভাষণ প্ৰদান কৰি শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰে । বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে কয়, "গোটেই নলবাৰীবাসীয়ে ৰাস মহোৎসৱ উপলক্ষে হিয়া উজাৰি ৰাসলৈ আহিছে । গোটেই নগৰীখনৰ আকাশে বতাহে কৃষ্ণ নামে মুখৰিত হৈছে । ৰাস মহোৎসৱলৈ সকলো ওলাই আহি ৰাসৰ যি তাৎপৰ্য সেয়া নলবাৰীবাসীয়ে দেখুৱাই দিছে । সকলোৰে মনত গোপনে কৃষ্ণ ভক্তি আছে । সেই কৃষ্ণ ভক্তি আজি সকলোৱে সমবেত হৈ একতাৰ এনাজৰীৰে দেখুৱাই দিছে ।"
আনহাতে ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত মল্লবৰুৱায়ো ৰাসৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰিছে আৰু সকলোকে প্ৰতিটো অনুষ্ঠানতে অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক :৯২ খন পতাকা উত্তোলনেৰে আৰম্ভ ঐতিহাসিক নলবাৰীৰ ৰাস মহোৎসৱ

