অসম অৰ্কিড ছ'চাইটিৰ অষ্টম বাৰ্ষিক অধিৱেশন
ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অসম অৰ্কিড ছ'চাইটিৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্ন ।

Published : April 22, 2026 at 12:29 PM IST
জোনাই: অসম অৰ্কিড ছ'চাইটিৰ উদ্যোগত আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় তথা তিনিচুকীয়া মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগত অসম অৰ্কিড ছ'চাইটিৰ মুখ্য কাৰ্যালয় চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় অষ্টম বাৰ্ষিক অৰ্কিড অধিৱেশন । চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই শুভাৰম্ভ কৰা অনুষ্ঠানৰ আঁত ধৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা বিনীতা দেৱীয়ে ।
উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৰিয়নী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ ভাস্কৰ বঢ়াগোঁহাঞি । অনুষ্ঠানত অসমৰ থলুৱা অৰ্কিড প্ৰজাতিসমূহৰ সংৰক্ষণ,অৰ্কিডৰ বৈচিত্ৰ্য আৰু ইয়াৰ গুৰুত্বৰ ওপৰত আলোচনা, প্ৰকৃতিপ্ৰেমী আৰু গৱেষকসকলৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এই অধিৱেশনৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ প্ৰজনন আৰু সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰ্মশালাৰ আয়োজন কৰা হয় ।
কৰ্মশালাখনত হাইব্ৰিড অৰ্কিডৰ প্ৰতিপালন ওপৰত অসম অৰ্কিড ছ'চাইটিৰ সম্পাদক বদন সোণোৱালে বিস্তৃতভাৱে আলোকপাত কৰে । এই অধিৱেশনতে অৰ্কিড ছ'চাইটিৰ স্মাৰক 'অৰণ্যকেৰু খণ্ড-২' হিমালয়ান জাৰ্নাল অৱ বেচিক এণ্ড এপ্লাইড ছায়েন্স আৰু ই-ফ্ল’ৰা অৱ অসম উদ্বোধন কৰা হয় । সন্মিলনৰ অংশ হিচাপে অৰ্কিড প্ৰদৰ্শনী আৰু এক মনোৰম সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ।

চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ অধ্যাপক তথা অসম অৰ্কিড ছ'চাইটিৰ সভাপতি ড৹ জিতু গগৈয়ে কয়,"২০১৮ চনতে অসম অৰ্কিড ছ'চাইটি গঠন কৰা হৈছিল আৰু তেতিয়াৰে পৰাই অৰ্কিড সংৰক্ষণ ক্ষেত্ৰত কাম কৰি আহিছোঁ । তাৰ পৰিপ্ৰেক্ষিতত আজি অষ্টম বাৰ্ষিক অৰ্কিড অধিৱেশন অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ ।"

উল্লেখ্য যে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অৰ্কিড গৃহ আৰু ইয়াৰ সৈতে জড়িত অৰ্কিড ছ’চাইটীয়ে অসমৰ দুষ্প্ৰাপ্য অৰ্কিড সংৰক্ষণ আৰু প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । তদুপৰি প্ৰকৃতি সংৰক্ষণ, যুৱ প্ৰজন্মক প্ৰশিক্ষণ আৰু স্বাৱলম্বী কৰি মানৱ সম্পদ গঢ়াৰ বাবে মহাবিদ্যালয়খনে এই পদক্ষেপ গ্ৰহণ কৰাৰ লগতে নানাৰঙী অৰ্কিডৰ সংগ্ৰহে ছাত্ৰ-ছাত্ৰী আৰু প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষিত কৰি আহিছে ।

