ETV Bharat / state

চিন্তনীয় বিষয় : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়ত মৃত্যু এজনৰ

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু খোৱাং চাৰিআলিৰ থগেন ফুকনৰ ৷ শীঘ্ৰে এই ৰোগৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

JAPANESE ENCEPHALITIS
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড় মৃত্যু এজনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 12:40 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছত ইতিমধ্যে বিভিন্নজন লোক আক্ৰান্ত হোৱা খবৰ আহিছে ৷ বৰ্তমান ই এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ এনে সময়তে ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে ৷

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত খোৱাং চাৰিআলিৰ নিবাসী থগেন ফুকন (৮৩) নামৰ এজন লোকে মঙলবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় ৷ পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, গুৰুতৰভাৱে অসুস্থ ব্যক্তিগৰাকীক শুকুবাৰে মৰাণ-তিলৈ সামূহিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল ।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড় মৃত্যু এজনৰ (ETV Bharat Assam)

শনিবাৰে স্বাস্থ্য অধিক অৱনতি ঘটাত থগেন ফুকনক পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে । পৰীক্ষাৰ অন্তত সোমবাৰে ব্যক্তিজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো নিশ্চিত হয় । কিন্তু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা থগেন ফুকনৰ মঙলবাৰে পুৱতি নিশা মৃত্যু হয় ।

জাপানীজ এনকেফেলাইটিছত ব্যক্তিজনৰ মৃত্যু হোৱাৰ পাছতে খোৱাং চাৰিআলিত চাঞ্চল্য সৃষ্টি হৈছে । স্বাস্থ্য বিভাগক শীঘ্ৰে সমগ্ৰ অঞ্চলটোত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত কয়, "শুকুৰবাৰে তেওঁৰ হাত ভৰি কঁপি গৈছিল । শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি পৰীক্ষা কৰা পাছত এনকেফেলাইটিছ হোৱা বুলি জানিব পৰা গৈছিল । কিন্তু পুৱতি নিশা তেওঁৰ মৃত্যু হয় । স্বাস্থ্য বিভাগে খোৱাং চাৰিআলি অঞ্চলটোত প্ৰতিষেধকৰ ব্যৱস্থা কৰিব লাগে । যাতে খোৱাঙত এই ৰোগীৰ সংখ্যা বৃদ্ধি পাব নোৱাৰে ৷"

লগতে পঢ়ক : বটদ্ৰৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ

লগতে পঢ়ক : বৰপেটাত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু