৮ হাজাৰ ধানৰ বীজ সংৰক্ষণেৰে অভিলেখ তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ
তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানত স্থাপন কৰা হৈছিল অসমৰ বীজ সংৰক্ষণৰ জিন বেংক ৷

Published : May 17, 2026 at 4:02 PM IST
যোৰহাট : কৃষকৰ উৎপাদন বৃদ্ধি, গৱেষণা আদিৰ লগতে আমাৰ পৰম্পৰাগত ধানৰ বীজবোৰ আমাৰ মাজৰ পৰা যাতে হেৰাই নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানত স্থাপন কৰা হৈছিল অসমৰ বীজ সংৰক্ষণৰ জিন বেংক । এই জিন বেংকটোত অসম তথা উত্তৰ পূৱৰে নহয় ভাৰতবৰ্ষ লগতে বিদেশী ৰাষ্ট্ৰৰ ধানৰ বীজো সংৰক্ষণ কৰা হৈছে ।
এই জিন বেংকটোত প্ৰায় ৮,০০০ ধানৰ বীজ সংৰক্ষণ হৈ আছে ৷ সংৰক্ষণ হৈ থকা ধান বীজসমুহৰ ভিতৰত জলবায়ু পৰিৱৰ্তন লগত যুঁজ দিব পৰা ধানৰ বীজো সংৰক্ষিত হৈ আছে ৷
উল্লেখ্য যে, ৮ হাজাৰ ধান বীজ ভিতৰত আমাৰ পৰম্পৰাগত ৩ হাজাৰ ধান বীজো সংৰক্ষিত হৈ আছে । সংৰক্ষিত ধানৰ বীজ বিষয়ে বিতংভাৱে জানিব পাৰিব বীজৰ সৈতে সলগ্ন হৈ থকা কিউৱা ক'ডত স্কেনৰ জৰিয়তে ।
এই সন্দৰ্ভত তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ছফিকুল হুছেইনে কয়, "তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানত থকা জিন বেংকটোত প্ৰায় ৮ হাজাৰ বিভিন্ন প্ৰজাতিৰ ধানৰ বীজ সংৰক্ষণ কৰি ৰখা হৈছে । সংৰক্ষিত ৮ হাজাৰ জাতৰ ভিতৰত ৩ হাজাৰ আমাৰ পৰম্পৰাগত জাত আছে ।"
তেওঁ লগতে কয়, "এই জাতবিলাক বহু বছৰ পৰা খেতিয়কে খেতি কৰি আছিলে ৷ কিন্তু আজিকালি নতুন নতুন উন্নত প্ৰজাতিৰ ধানৰ জাত আৱিষ্কাৰ হোৱাৰ পিছত এই পৰম্পৰাগত জাত বিলাকৰ খেতি কৰা বন্ধ কৰি দিছে কৃষকে । সেই জাত বিলাকৰ ভাল গুণ আছে যদিও এই জাত বিলাকৰ উৎপাদন আমাৰ উন্নত জাত বিলাকৰ দৰে নহয় । সেই জাত বিলাক যাতে চিৰদিনৰ কাৰণে নাইকিয়া হৈ নাযায়, তাৰ বাবে এই জাত বিলাকক আমি সংৰক্ষণ কৰি ৰাখিছো ৷ সেই জাত বিলাক ইয়াৰ পৰা মাজে মাজে আমাৰ গৱেষকসকলে লৈ গৈ গৱেষণা বাবে ব্যৱহাৰ কৰিছে ।"
জলবায়ু পৰিৱৰ্তন লগত খাপ খোৱা ভিন্ন জাতৰ ধানৰ সন্দৰ্ভত বিজ্ঞানীজনে কয়,"আমাৰ জিন বেংকত জলবায়ু পৰিৱৰ্তন লগত খাপ খোৱা ভিন্ন জাতৰ ধানৰ সংৰক্ষণ কৰি ৰাখিছো ৷ ইয়াৰ ওপৰত আমাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে কামো কৰি আছে ৷ কেইবাটাও উন্নত প্ৰজাতিৰ ধান ৰঞ্জিত চাৱ ১, বাহাদুৰ চাব ১, অৰুণ আদি আমি কৃষকৰ মাজলৈ উলিয়াই দিছো ৷ এইয়া জলবায়ু পৰিৱৰ্তন লগত খাপ খোৱা উন্নমান মানৰ জাত । আনহাতে সংৰক্ষিত ধানৰ বিকাশৰ বাবেও আমাৰ গৱেষণা চলি আছে । অসম, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ লগতে বিদেশী ৰাষ্ট্ৰ ধানৰ বীজো আমি ইয়াত সংৰক্ষণ কৰি ৰাখিছো ।"
লগতে পঢ়ক:শত বছৰৰ পাছত দুটা ফৈদ মিলনৰ দিশে অগ্ৰসৰ; কেন’পী ব্ৰীজৰে পাৰ হ’ল গিবন

