ETV Bharat / state

৮ গৰাকী স্থানীয় ন-শিকাৰুক পেৰাগ্লাইডিং পাইলট হিচাপে স্বীকৃতি

অসমত পেৰাগ্লাডিঙৰ নতুন দিগন্ত । স্বতন্ত্ৰভাৱে উৰণ শিক্ষাৰ ক্ষমতা থকাৰ মান্যতা প্ৰদান ।

new learners recognized as paragliding pilots
ন-শিকাৰুক পেৰাগ্লাইডিং পাইলট হিচাপে স্বীকৃতি আৰু মানপত্ৰ প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 4, 2026 at 2:56 PM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ : অসমৰ দুঃসাহসিক ক্ৰীড়াৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ডিমৰীয়াৰ ধোপগুৰিৰ নিচান টিলাত সামৰণি পৰিল এক বিশেষ পেৰাগ্লাইডিং প্ৰশিক্ষণ কাৰ্যসূচী । বিগত দুবছৰ ধৰি চলি থকা নিৰন্তৰ অনুশীলন আৰু কঠোৰ পৰীক্ষাৰ অন্তত ৮ গৰাকী স্থানীয় ন-শিকাৰুৱে 'পাইলট স্তৰ ৩' মূল্যায়নত উত্তীৰ্ণ হৈ আনুষ্ঠানিকভাৱে পেৰাগ্লাইডিং পাইলট হিচাপে স্বীকৃতি লাভ কৰে ।

প্ৰশিক্ষণৰ পটভূমি আৰু যাত্ৰা :

ন-শিকাৰুক পেৰাগ্লাইডিং পাইলট হিচাপে স্বীকৃতি আৰু মানপত্ৰ প্ৰদান (ETV Bharat Assam)

উল্লেখ্য যে আজিৰ পৰা দুবছৰ পূৰ্বে ধোপগুৰিৰ ঢৌমাৰা পাহাৰৰ নিচান টিলাত ভাৰতীয় পেৰাগ্লাইডিং এছ'চিয়েশ্যনৰ মহাসচিব ৰূদ্ৰজিৎ লুখুৰাখনৰ নেতৃত্বত এই দুঃসাহসিক যাত্ৰা আৰম্ভ হৈছিল । স্থানীয় কেইবাজনো উৎসাহী যুৱক-যুৱতীয়ে আকাশত উৰাৰ সপোন লৈ প্ৰশিক্ষণত ব্ৰতী হৈছিল । বিগত দুদিনত এই প্ৰশিক্ষাৰ্থীসকলৰ যোগ্যতা নিৰূপণৰ বাবে এক কঠোৰ মূল্যায়ন প্ৰক্ৰিয়া চলোৱা হয় । ইয়াত উৰণৰ ব্যৱহাৰিক দিশৰ লগতে মৌখিক আৰু লিখিত পৰীক্ষাও অন্তৰ্ভুক্ত আছিল । নিৰীক্ষকসকলে তেওঁলোকৰ আকাশত উৰণৰ গতিবিধি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ পিছত তেওঁলোকক স্বতন্ত্ৰভাৱে উৰণ কৰিব পৰা ক্ষমতা থকা বুলি মান্যতা প্ৰদান কৰে ।

ৰাষ্ট্ৰীয় বিশেষজ্ঞৰ অংশগ্ৰহণ :

এই বিশেষ প্ৰশিক্ষণ আৰু মূল্যায়ন কাৰ্যসূচী ভাৰতৰ একমাত্ৰ 'এৰো ক্লাব অৱ ইণ্ডিয়া' (ACI)ৰ স্বীকৃতিপ্ৰাপ্ত পেৰাগ্লাইডিং বিদ্যালয় হিমাচল প্ৰদেশৰ পি জি গুৰুকুলৰ তত্ত্বাৱধানত সম্পন্ন হয় । সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিবলৈ উপস্থিত থাকে ভাৰতৰ কেইবাগৰাকীও বিশেষজ্ঞ । ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বিশেষজ্ঞ তথা মুখ্য উৰণ প্ৰশিক্ষক গুৰপ্ৰীত ধীন্দছা,ৰবীন্দ্ৰ কুমাৰ আৰু মদনলাল ভাটিয়া, ভাৰতীয় পেৰাগ্লাইডিং এছ’চিয়েশ্যনৰ মহাসচিব ৰূদ্ৰজিৎ লুখুৰাখন আদি । সমগ্ৰ প্ৰশিক্ষণটো ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কাৰ্যকৰী নীতি-নিৰ্দেশনা NASG ২০২৩ ৰ মান অনুসৰি পৰিচালনা কৰা হয় ।

new learners recognized as paragliding pilots
ন-শিকাৰুক পেৰাগ্লাইডিং পাইলট হিচাপে স্বীকৃতি আৰু মানপত্ৰ প্ৰদান (ETV Bharat Assam)

আনুষ্ঠানিক স্বীকৃতি আৰু মানপত্ৰ বিতৰণ :

প্ৰশিক্ষণৰ সফল সামৰণিৰ পিছত ধোপগুৰিৰ বাঁহতলা প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানতে শৰৎ লালুং, প্ৰহ্লাদ পাটৰ, মৃগাংক আমচু, নীৰজ টেৰণ, বিবেক চক্ৰৱৰ্তী, ক্ৰুৰচিং চুকাই, প্ৰীতম মালাকাৰ, বিকাশ কাথাৰক সফল ন-শিকাৰুক পাইলট হিচাপে স্বীকৃতি প্ৰদান কৰি প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয় । অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে ন-পাইলটসকলক তেওঁলোকৰ এই অসাধাৰণ কৃতিত্বৰ বাবে অভিনন্দন জনায় ।

পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে কয়, "এনে উদ্যোগে অসমত পৰ্যটন আৰু দুঃসাহসিক ক্ৰীড়াৰ সম্ভাৱনীয়তা অধিক বৃদ্ধি কৰিব ।" ভাষণৰ প্ৰসংগত তেওঁ উল্লেখ কৰে যে নিচান টিলাৰ পেৰাগ্লাইডিং প্ৰকল্পই ভৱিষ্যতে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰি অঞ্চলটোলৈ এদিন সুনাম কঢ়িয়াই আনিব। "দেহা থাকিলেহে বেহা" এই মূলমন্ত্ৰৰে তেওঁ সকলোকে সু-স্বাস্থ্যৰ অধিকাৰী হ'বলৈও আহ্বান জনায় । দুঃসাহসীক ক্ৰীড়াৰ লগতে পথ সুৰক্ষাৰ ক্ষেত্ৰতো সচেতন হোৱাটো প্ৰয়োজনতাৰ কথা ভাষণত তেওঁ উল্লেখ কৰে ।

বাহন চলাওতে সতৰ্ক হ'বলৈ আহ্বান :

বিশেষকৈ যুৱ-প্ৰজন্মক উদ্দেশ্যি তেওঁ কয়, "দুচকীয়া বাহন চলাওতে হেলমেট পিন্ধাটো বাধ্যতামূলক । গাড়ী চলাই থকা সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নালাগে । চাৰিচকীয়া বাহনত সদায় ছীট বেল্ট পৰিধান কৰিব লাগে ।" সদায় যান-বাহন নীতি-নিৰ্দেশনা পালন কৰি চলিবলৈ সকলোকে আহ্বান জনাই বিষয়াগৰাকীয়ে ।

উক্ত অনুষ্ঠানত নিচান টিলা পৰিচালনা সমিতিৰ সভাপতি বসন্ত ইংজাল, সম্পাদক মদন আমচিকে ধৰি সমিতিৰ সকলো বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । ডিমৰীয়াৰ দৰে অঞ্চলত স্থানীয় যুৱক-যুৱতীয়ে লাভ কৰা এই আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণে অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে । এই ৮ গৰাকী নতুন পাইলটে এতিয়াৰ পৰা আকাশত নিজাকৈ পেৰাগ্লাইডিং কৰিবলৈ সক্ষম হ'ব, যিয়ে স্থানীয় পৰ্যটনকো এক নতুন মাত্ৰা প্ৰদান কৰিব ।

ডিমৰীয়াৰ ধোপগুৰিৰ দৰে অঞ্চলত স্থানীয় যুৱক-যুৱতীয়ে লাভ কৰা এই আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণে অঞ্চলটোৰ ক্ৰীড়া ক্ষেত্ৰলৈ এক নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে । এই ৮ গৰাকী নতুন পাইলটে এতিয়াৰ পৰা আকাশত নিজাকৈ পেৰাগ্লাইডিং কৰিবলৈ সক্ষম হ'ব, যিয়ে স্থানীয় পৰ্যটনকো এক নতুন মাত্ৰা প্ৰদান কৰিব ।

লগতে পঢ়ক:হাত-ভৰি নাথাকিলে কি হ'ল, অদম্য ইচ্ছাশক্তিৰে পায়েলে কৰিলে অসাধ্য সাধন

ফুটচেল ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় দলত অসমৰ দুগৰাকী খেলুৱৈ