ETV Bharat / state

৭৫ বছৰীয়া নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়: কলীয়াপানীৰূপে খ্যাত লখিমপুৰত কেনেকৈ আৰম্ভ হৈছিল শিক্ষাৰ আন্দোলন

স্বাধীনতা লাভ কৰা মাত্ৰ পাঁচ বছৰৰ পাছতে কাৰ প্ৰচেষ্টাত, কোনে প্ৰতিষ্ঠা কৰিছিল নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ?

North Lakhimpur College
৭৫ বছৰীয়া নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 3:04 PM IST

9 Min Read
Choose ETV Bharat

লখিমপুৰ : দেশে স্বাধীনতা লাভ কৰা মাথোঁ পাঁচ বছৰমানহে হৈছিল । চৌদিশে অনগ্রসৰ পৰিৱেশ । লখিমপুৰ জিলা তেতিয়া এক দুৰ্গম অঞ্চল হৈ আছিল । আখ্যা পাইছিল কলীয়াপানী ৰূপে । তেনে সময়তে লখিমপুৰত উচ্চ শিক্ষানুষ্ঠানৰ এটা বীজ অংকুৰিত হৈছিল ।

সেই অংকুৰিত বীজটোৱে ভিন্ন ঘাত-প্ৰতিঘাত অতিক্রম কৰি ক্ৰমে লহপহীয়া হ'ল । চাকিৰ পোহৰত পাঠদান কৰা সেই শিক্ষা প্রতিষ্ঠানটো এতিয়া বিশ্ববিদ্যালয় হ'ল । সেইখনেই হ'ল নৰ্থ লখিমপুৰ কলেজ(পূৰ্বৰ) তথা বৰ্তমানৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ৷

বৰ্তমানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱা (ETV Bharat Assam)

উত্তৰ লখিমপুৰত শিক্ষাৰ বীজ সিঁচা, জিলাখনৰ আগশাৰী মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা হোৱা এই বৰ্ষত ৭৩ বছৰত ভৰি দিলে আৰু বিশ্ববিদ্যালয় হিচাপে ২ সম্পূৰ্ণ কৰিলে ৷ ভাৰত-চীনৰ যুদ্ধৰ সাক্ষী হোৱা কলেজ তথা বিশ্ববিদ্যালয়খনে ৩ ছেপ্টেম্বৰৰ পৰা বছৰজুৰি মহাৰজত জয়ন্তী পালন কৰিব ৷

ইয়াৰ প্ৰাকক্ষণত মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ কেনেকৈ যাত্ৰা কৰিলে এই সন্দৰ্ভত বৰ্ণনা কৰিলে বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক তথা বৰ্তমানৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই ।

North Lakhimpur College
১৯৬০-৬১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব (ETV Bharat Assam)

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ইতিবৃত্ত

ভৱিষ্যৎ প্ৰজন্মক শিক্ষাৰ পোহৰেৰে পোহৰাই তুলিবলৈ, জ্ঞানৰ জ্যোতিৰে জ্যোতিস্মান কৰাৰ লক্ষ্যৰে কেইগৰাকীমান ব্যক্তিৰ প্ৰচেষ্টাত লখিমপুৰত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সপোনৰ পোখা মেলিছিল ৷ সেয়া আছিল ১৯৫২ চনৰ ১৭ আগষ্টৰ কথা... ৷

দেশে স্বাধীনতা লাভ কৰা মাত্ৰ পাঁচ বছৰ হৈছিলেহে ৷ কিন্তু কেইজনমান শিক্ষাসদী লোকৰ তৎপৰতাতে লখিমপুৰৰ পদ্মনাথ গোহাঞিবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত এখন কলেজ প্ৰতিষ্ঠাৰ উদ্দেশ্যেৰে এখন সভা অনুষ্ঠিত হৈছিল ৷ সভাৰ আহ্বায়ক ইউচুফ আলি হাজৰিকা আৰু সভাপতি আছিল তেতিয়াৰ লখিমপুৰৰ মহকুমাধিপতি কেবিচুচা আংগামী ৷

North Lakhimpur College
নৰ্থ লখিমপুৰ কলেজৰ প্ৰথমটো অস্থায়ী গৃহ (ETV Bharat Assam)

সেই সভাতে কলেজ প্ৰতিষ্ঠাৰ বাবে এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল ৷ তাৰ পাছত থমকি ৰ'ব লগা নহ'ল তেওঁলোক ৷ ভিন্ন প্ৰত্যাহ্বানৰ পাছতো চাকিৰ পোহৰত পাঠদান আৰম্ভ হোৱা কলেজখনে এতিয়া অসমৰ এখন আগশাৰী মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় হিচাপে থিয় দিছে ৷

  • কলেজখন প্ৰতিষ্ঠাৰ মূল ব্যক্তিজন

কলীয়াপানী ৰূপে আখ্যা পোৱা তেতিয়াৰ যোগাযোগৰ বিশেষ ব্যৱস্থা নথকা ঠাইখনত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ বাবে চিন্তা কৰিছিল মুষ্টিমিয় ব্যক্তিয়ে ৷ সেই ব্যতিক্ৰম চিন্তাৰে নেতৃত্ব লৈছিল সমাজ সেৱক বেইল কোচান্না ভাণ্ডাৰীয়ে ৷ এফালে দেশ স্বাধীন হোৱা মাত্ৰ পাঁচবছৰ, আনফালে অনগ্ৰসৰ সমাজ ৷ তেনেস্থলত বহু চিন্তা আৰু প্ৰচেষ্টাত লখিমপুৰত কলেজ প্ৰতিষ্ঠাৰ সিদ্ধান্ত ললে ভাণ্ডাৰীয়ে ৷

North Lakhimpur College
১৯৬১ চনৰ এন এল কলেজৰ আন্তঃমহাবিদ্যালয়ৰ সংগীত দলটো (ETV Bharat Assam)

সমাজ সেৱক ভাণ্ডাৰীৰ তৎপৰতা আৰু উৎসাহ পাই লখিমপুৰ জিলাৰ কেইগৰাকীমান বিদ্যানুৰাগী ব্যক্তিয়ে ১৯৫২ চনৰ আগষ্ট মাহত এখন কলেজ প্ৰতিষ্ঠা সম্পৰ্কত চেষ্টা আৰম্ভ কৰে ৷ তাৰ পাছত ক্ৰমান্বয়ে আৰম্ভ হ'ল সপোনৰ কলেজখন ৷ প্ৰথমে এটা অস্থায়ী গৃহতে দিনৰ সময় আৰু সন্ধিয়াৰ সময়ত পাঠদান আৰম্ভ হৈছিল ৷

কলেজ প্ৰতিষ্ঠাৰ বাবে গঠন কৰা পৰিচালনা সমিতিয়ে স্থায়ী গৃহ নিৰ্মাণৰ সিদ্ধান্ত ললে ৷ সেই স্বৰূপে প্ৰথমে ঘৰ এটা সাজি কলেজখনৰ এটা স্থায়ী গৃহ নিৰ্মাণেৰে পাঠদান আৰম্ভ হৈছিল ৷ এতিয়া ৰাজ্যৰ ভিতৰত অন্যতম এখন আগশাৰী মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় হিচাপে উন্নীত হ'ল ৷

উল্লেখ্য যে, সেই সময়ত অৱহেলিত লখিমপুৰত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ কথা চিন্তা কৰা বি কে ভাণ্ডাৰী কোন আছিল ?

North Lakhimpur College
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ আঁৰৰ মূল ব্যক্তি বেইল কোচান্না ভাণ্ডাৰী (ETV Bharat Assam)
  • কোন আছিল এই ভাণ্ডাৰী ?

বেইল কোচান্না ভাণ্ডাৰী আছিল এগৰাকী স্বাধীনতা আন্দোলনকাৰী আৰু সমাজ সেৱক ৷ তেওঁৰ জন্ম হৈছিল কৰ্ণাটকৰ মাংগালোৰৰ নাতিদূৰৰ বেইল নামৰ ঠাইত ৷ কলেজত পঢ়ি থাকোতেই ইংৰাজ বিৰোধী কাম কৰি তেওঁ কাৰাবৰণ কৰিছিল ৷ পাছত স্নাতক ডিগ্ৰী লৈ কংগ্ৰেছৰ কামত যোগদান কৰিছিল ৷

তেওঁ মহাত্মা গান্ধীৰ সংগত থাকি জনজাতি লোকৰ উন্নয়নৰ কামৰ প্ৰতি আগ্ৰহী হয় ৷ যথাযোগ্য প্ৰশিক্ষণৰ পাছত ১৯৩৬ চনত অসমলৈ আহে ৷ প্ৰথমে গোপীনাথ বৰদলৈ, অমিয় কুমাৰ দাস আদি ব্যক্তিৰ সহযোগত বৰমাত ‘হৰিজন সেৱক সংঘ’ নামৰ এখন আশ্ৰম প্ৰতিষ্ঠা কৰে ৷ ক্ৰমাৎ উত্তৰ-পূব ভাৰতৰ বিভিন্ন জনজাতীয় ঠাইত তেওঁ বিদ্যালয় প্ৰতিষ্ঠা, সামাজিক উত্তৰণ আদিৰ কাম কৰি যায় ৷

তথ্য মতে ১৯৫০ চনৰ শেষৰ ফালে তেওঁ লখিমপুৰলৈ আহে ৷ বিশিষ্ট নেতা এ ডি থক্কৰৰ পৰামৰ্শমতে লখিমপুৰলৈ আহি ভূমিকম্পৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকৰ সাহায্য অভিযানত নামিছিল তেওঁ ৷ এইক্ষেত্ৰত লখিমপুৰত তেওঁক সহযোগ কৰিছিল মহানন্দ বৰাই

North Lakhimpur University
এনএল কলেজৰ প্ৰতিষ্ঠাৰ আঁৰৰ আন এগৰাকী ব্যক্তি মহানন্দ বৰা (ETV Bharat Assam)

মহানন্দ বৰা সেই সময়ত এগৰাকী বিশিষ্ট সমাজ সেৱক আৰু কংগ্ৰেছৰ নেতা আছিল । সেই সূত্ৰে লখিমপুৰত থকা দিনকেইটাত ভাণ্ডাৰীয়ে চাবতিৰ হাবিতলীয়া ঠাই এটুকুৰাত ঘৰ-বাৰী সাজি লৈছিল ৷ তাৰ পৰাই উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ প্ৰচেষ্টা আৰম্ভ হয় ৷

  • জন্মলগ্নৰ মিঠা বেদনা ভৰা কথাবোৰ

১৯৫২ চনৰ ১৭ আগষ্টৰ ৰাজহুৱা সভাতেই কলেজ এখন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ লগতে ৩২ জন ব্যক্তিক সামৰি এখন পৰিচালনা সমিতি গঠন কৰা হয় ৷ কে বি চুচা আংগামীক সভাপতি, ইউচুফ আলি হাজৰিকাক সম্পাদক আৰু কুশৰাম বৰাক ধনভঁৰালী হিচাপে দায়িত্ব দিয়া হয় ৷ সেই দৰে নৰ্থ লখিমপুৰ কলেজৰ বীজটো অংকুৰিত হয় ।

একেদৰে নাছিম আলি আহমেদক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰাৰ সমানে শিক্ষক নিয়োগ কৰাও হয় । তাৰ কেইদিনমানৰ পাছতে তিনি ছেপ্টেম্বৰত পাঠদান আৰম্ভ কৰা হয় নৰ্থ লখিমপুৰ কলেজৰ । কিন্তু নিজা ঘৰ বাৰী বুলিবলৈ একোৱেই নাছিল । সেয়ে ব্ৰিটিছে সাজি থৈ যোৱা এটা ঘৰ আৰু গাৰ্লচ হায়াৰছেকেণ্ডাৰীতে পাঠদানৰ ব্যৱস্থা কৰা হৈছিল ।

  • চাকিৰ পোহৰত হৈছিল পাঠদান

কলেজখনৰ যিহেতু নিজা ঘৰ নাছিল সেয়ে বেলেগ অনুষ্ঠানত পাঠদান কৰা হৈছিল । দিনৰ ভাগত আৰু সন্ধিয়াৰ সময়ত চলিছিল পাঠদান ৷ কিন্তু সন্ধিয়াৰ সময়ত পোহৰৰ ব্যৱস্থা নাছিল ৷ যাৰ বাবে চাকি জ্বলাই পাঠদান কৰা হৈছিল ।

North Lakhimpur College
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ কেণ্টিন (ETV Bharat Assam)

আনফালে শিক্ষকসকলক দিবলৈ পুঁজি নাছিল কলেজখনৰ । সেয়ে মুষ্টি ভিক্ষাৰ ব্যৱস্থা কৰা হৈছিল । ছাত্রৰ একাংশই কেৰেণীৰ কামো কৰিছিল কলেজখনৰ স্বাৰ্থত । বিহু মাৰি অৰ্থ সংগ্রহ কৰা হৈছিল । তেনেদৰেই সেইসকল নমস্য ব্যক্তিয়ে কলেজখনৰ পৰিক্ৰমা আগুৱাই নিছিল নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে ।

১৯৫৪ চনত বিশ্ব নাৰায়ণ শাস্ত্ৰীক কলেজখনৰ স্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিয়া হৈছিল । তাৰ পাছতো কলেজখনে চৰকাৰৰ পৰা কোনো স্বীকৃতিয়েই পোৱা নাছিল । বৰং লখিমপুৰৰ দৰে ঠাইত কলেজ নালাগে বুলিহে মন্তব্য কৰিছিল সেই সময়ৰ একাংশ উচ্চপদস্ত লোকে । যাৰ বাবে যোৰহাটৰ জে বি কলেজত পৰীক্ষা দিবলৈ যাবলগীয়া হৈছিল ইয়াত অধ্যয়নৰত ছাত্র-ছাত্রীসকলে ।

  • ভাৰত-চীন যুদ্ধৰ ইতিহাসৰ সৈতে

সেয়া আছিল ১৯৬২ চনৰ কথা । চীন-ভাৰত যুদ্ধৰ দামামা বাজিছিল । তেতিয়া নৰ্থ লখিমপুৰ কলেজৰ বাবে মাত্ৰ ভৱনটো নিৰ্মাণ কৰা হৈছিল । ভৱনটো নিৰ্মাণ হৈছিল নগৰ এলেকাৰ গাতে লাগি থকা চাবতিত চৰকাৰৰ পৰা পোৱা ৩৫ বিঘা মাটি কলেজখনৰ ভৱন নিৰ্মাণ কৰা হৈছিল । কিন্তু সেই সময়তে চীন-ভাৰত যুদ্ধৰ ৰণশিঙা বাজে ।

North Lakhimpur College
১৯৬৭-৬৮ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব (ETV Bharat Assam)

যুদ্ধৰ বাবে স্পৰ্শকাতৰ এলেকাসমুহ চিনাক্ত কৰা হয় । লখিমপুৰো চিনাক্ত হ'ল স্পৰ্শকাতৰ এলেকা ৰূপে । সেয়ে এই এলেকাত ভাৰতীয় সেনা নিয়োগ জৰুৰী হৈ পৰে । সেনা থাকিবলৈ তেতিয়া নৰ্থ লখিমপুৰ কলেজৰ ভৱনটো নিৰ্বাচন কৰা হ'ল । পিছে কলেজ কৰ্তৃপক্ষই আপত্তি দৰ্শালে চৰকাৰক ।

তেতিয়াৰ শিক্ষা মন্ত্ৰী দেৱকান্ত বৰাই স্থানীয় ৰাইজ আৰু কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ৩৫ বিঘা মাটিৰ সেই এলেকাটো সেনা বাহিনীক এৰি দিয়াৰ পৰামৰ্শ দিয়ে ৷ তাৰ সলনি ৮০ বিঘা মাটি কলেজখন নিৰ্মাণৰ বাবে অন্য ঠাইত দিয়াৰ ব্যবস্থা কৰে চৰকাৰে ।

সেই মতে কলেজ পৰিচালনা সমিতিয়ে দুই লাখ টকাত সেই ভৱনসহ মাটিখিনি সেনাক বিক্ৰী কৰি দিয়ে আৰু চৰকাৰে দিয়া ভূমিত বৰ্তমান বিশ্ববিদ্যালয়খন আছে ৷ তদনান্তীন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাই কলেজখনৰ নতুন ভৱনটো উদ্বোধন কৰে । তেতিয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে লক্ষ্যণীয়ভাৱে আগুৱাই গ'ল নৰ্থ লখিমপুৰ কলেজ ।

North Lakhimpur College
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত সেই সময়ৰ অসম বিধানসভাৰ অধ্যক্ষ গণেশ কুটুম (ETV Bharat Assam)
  • স্বীকৃতি

সকলোৰে আশাশুধীয়া প্ৰচেষ্টাত দোপতদোপে আগুৱাই যোৱা নৰ্থ লখিমপুৰ কলেজখনক ২০১৩ চনত অসমৰ প্ৰথমখন স্বায়ত্তশাসিত কলেজৰূপে স্বীকৃতি দিয়া হয় । তাৰ পিছত ২০২৩ চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয় নৰ্থ লখিমপুৰ কলেজক । নৰ্থ লখিমপুৰ কলেজে পুৰণি চিনাকি এৰি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় হ'ল । ২০২৫ চনত বিশ্ববিদ্যালয়খনত প্ৰথমগৰাকী উপাচার্যক চৰকাৰে নিযুক্তি দিয়ে ।

  • মহাৰজত জয়ন্তীৰ প্ৰস্তুতি

১৯৫২ চনতে প্ৰতিষ্ঠা লাভ কৰা নৰ্থ লখিমপুৰ কলেজে (বিশ্ববিদ্যালয়ে) সময়ৰ লেখেৰে ৭৫ বছৰীয়া হ'ল । সেয়ে মহাৰজত জয়ন্তীৰ প্ৰস্তুতি কৰা হৈছে । ১৯৫২ চনৰ তিনি ছেপ্টেম্বৰত পাঠদান আৰম্ভ হোৱা দিনটোক স্মৰণীয় কৰি অহা তিনি ছেপ্টেম্বৰত মহাৰজত জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভণি কৰাৰ প্ৰস্তুতি কৰা হৈছে ।

North Lakhimpur College
প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এনএল কলেজৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ দৃশ্য (ETV Bharat Assam)

বৰ্ষজুৰি মহাৰজত জয়ন্তীৰ বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত কৰি ২০২৭ ৰ ২২ ছেপ্টেম্বৰত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । টিপচাকিৰ পোহৰৰ পৰা বিশ্ববিদ্যালয়ৰ স্বীকৃতিলৈ এই সুদীর্ঘ পৰিক্ৰমাত শিক্ষানুষ্ঠানটোৰ ইতিহাসক এতিয়া সকলোৱে উভতি চাইছে । মহাৰজত জয়ন্তীৰ এই গৌৰৱময় ক্ষণত সকলোৱে সেইসকল নমস্য ব্যক্তিক আকৌ এবাৰ শ্ৰদ্ধাৰে সুঁৱৰিছে । যিসকলৰ প্ৰচেষ্টাত ১৯৫২ চনতে অংকুৰিত হোৱা শিক্ষাৰ বীজটো এতিয়া বটবৃক্ষত পৰিণত হ'ল ।

লগতে পঢ়ক: বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত ‘ভাৰ্চুৱেল শুনানি কক্ষ’ মুকলি