১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ আন্দোলনৰ মাজতে নতুনকৈ ৭০০ নিযুক্তি : কঠোৰ ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষ
স্থানীয় বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ২০০০ৰো অধিক প্রার্থীয়ে ই এম টি পাইলট আৰু ই আৰ অ' পদৰ বাবে আবেদন কৰিছে ।

Published : December 5, 2025 at 10:48 PM IST
গুৱাহাটী: বিগত পাঁচদিন ধৰি কৰ্মবিৰতিৰে আন্দোলন অব্যাহত ৰাখিছে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলে । ফলত ৰাজ্যত ব্যাহত হৈ পৰিছে জৰুৰীকালীন ১০৮ সেৱা ।
সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই অব্যাহত ৰখা আন্দোলনৰ মাজতে এই সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই অসমৰ জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা নিশ্চিত কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে । ই এম আৰ আই কৰ্তৃপক্ষই ১০৮ সেৱা ব্যাহত নোহোৱাকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্যজুৰি ৭০০ৰো অধিক স্থানীয় যুৱক-যুৱতীক চালক আৰু জৰুৰীকালীন সঁহাৰি বিষয়া (ই আৰ অ') হিচাপে নিযুক্তি দিছে । যাৰ ফলত বৃহত্তৰ জনস্বাৰ্থত এম্বুলেন্সৰ কাম-কাজ নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিব পৰা হৈছে ।
এই কথা জানিবলৈ দিয়ে ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধার্থ লস্কৰে । তেওঁ কয়, "স্থানীয় বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ২০০০ ৰো অধিক প্রার্থীয়ে ই এম টি পাইলট আৰু ই আৰ অ' পদৰ বাবে আবেদন কৰিছে । বিগত কেইবাদিন ধৰি ই এম আৰ আইয়ে ধাৰাবাহিকভাৱে ধৰ্মঘট কৰা কৰ্মচাৰীসকলক কৰ্তব্য পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাই আহিছে । অৱশ্যে বাৰে বাৰে অনুৰোধ আৰু চূড়ান্ত সময়সীমাৰ পিছতো সংশ্লিষ্ট আন্দোলনকাৰীসকলে সেৱালৈ ঘূৰি নাযাবলৈ সিদ্ধান্ত লৈছিল । ইতিমধ্যে জনোৱাৰ দৰে ই এম আৰ আইয়ে জীৱনৰক্ষা সেৱাত ব্যাঘাত ৰোধ কৰিবলৈ নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বাধ্য হৈছে । ই এম আৰ আইয়ে নিশ্চিত কৰে যে এসপ্তাহৰ পৰা ১০ দিনৰ ভিতৰত বৃহৎ সংখ্যক চালক, ই আৰ অ' আৰু ই এম টি নিযুক্তি আৰু প্ৰশিক্ষণৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰিব । যাৰ দ্বাৰা ২৪ ঘণ্টাই এম্বুলেন্স সেৱা নিশ্চিত কৰিব । মেনেজমেণ্টে এইটো কথা স্পষ্ট কৰি দিছে যে এবাৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্দিষ্ট সময়সীমাৰ পিছত উভতি যাবলৈ চেষ্টা কৰা কোনো ব্যক্তিক ঘূৰাই লোৱা নহ'ব ।"

তেওঁ লগতে কয়, "এই নতুনকৈ নিযুক্তি পোৱা প্ৰাৰ্থীসকল অসমৰ দক্ষ আৰু সমর্পিত যোগ্য যুৱক-যুৱতী । যিয়ে এতিয়া জৰুৰীকালীন স্বাস্থ্যসেৱা প্ৰদানত অৰিহণা যোগাই ৰাজ্যখনৰ জনসাধাৰণক সেৱা কৰাৰ সুযোগ লাভ কৰিছে । মানৱ সম্পদৰ প্ৰত্যাহ্বান সত্বেও অবৈধ ধৰ্মঘটৰ চতুৰ্থ দিনা ই এম আৰ আইয়ে সমগ্ৰ অসমত সফলতাৰে প্ৰায় ৬০০ খন এম্বুলেন্স পৰিচালনা কৰি গুৰুতৰভাৱে অসুস্থ ৰোগীসকলক সময়মতে চিকিৎসা সহায় নিশ্চিত কৰিছিল । অহা দুদিনৰ ভিতৰত সকলো এম্বুলেন্স ২৪ ঘণ্টাই কাৰ্যকৰী হ'ব । ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছে অসমৰ জনসাধাৰণক তেওঁলোকৰ ধৈৰ্য আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে আৰু দক্ষ, নিৰ্ভৰযোগ্য আৰু জীৱনৰক্ষক জৰুৰীকালীন সেৱা প্ৰদানৰ ক্ষেত্ৰত অটল হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।"
১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ আন্দোলনলৈ এ আই চি চি টি ইউৰ পূর্ণ সমর্থন
১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ ধাৰাবাহিক আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়াইছে এ আই চি চি টি ইউৰ অসম ৰাজ্যিক সমিতিয়ে । এক বিবৃতিত ইউনিয়নৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি বীৰেন কলিতা আৰু সম্পাদক বলিন্দ্ৰ শইকীয়াই কয়, "অসমত আন্দোলন শেষ বুলি সততে ঘোষণা কৰি থকা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ জন বিৰোধী, শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে আজি সকলো অংশৰ লোকে আন্দোলন কৰিবলগাত পৰিছে । ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সকলো আজি নিজৰ প্ৰাপ্য বিচাৰি আন্দোলনৰত । এই আন্দোলনৰ প্ৰতি চৰকাৰে সহানুভূতিশীল দৃষ্টি দিয়াৰ সলনি স্বাস্থ্যমন্ত্রী অশোক সিংহলে নতুনকৈ কৰ্মচাৰী নিযুক্তি দিম বুলি যি মন্তব্য কৰিছে ইউনিয়নে তাক তীব্র ভাষাৰে গৰিহণা দিছে আৰু জুইৰ লগত খেলা নকৰিবলৈ মন্ত্রী সিংহলক সকীয়াই দিয়ে । অতি দক্ষ ৩০০০ ৰো অধিক মৃত্যুঞ্জয় কৰ্মচাৰীক ২০০৮ চনৰে পৰা তেওঁলোকৰ আইনী অধিকাৰৰ পৰা বঞ্চিত কৰি অহা হৈছে । পি এফ, গ্ৰেচুইটি, নূন্যতম মজুৰী তেওঁলোকক প্ৰদান কৰা নহয় । জৰুৰীকালীন সেৱাক ব্যক্তিগত খণ্ডৰ কোম্পানী GVK EMRI অধীন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সকল অসমীয়া কৰ্মচাৰীক শোষণ কৰিবলৈহে মুকলি অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে । যি সময়ত জিভিকেই এই সকল কৰ্মচাৰীক বছৰি বছৰি শোষণ কৰি আহিছে সেই শোষণ বন্ধ কৰি এই খণ্ডটি চৰকাৰৰ অধীন কৰি কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়াৰ যুক্তিসংগত দাবী অমান্য কৰি আন্দোলনকাৰীকে ভাবুকি দিয়া কাৰ্য গৰিহণাযোগ্য । আচলতে বৰ্তমানৰ বিজেপি চৰকাৰ নিবনুৱাক সংস্থাপন দিয়া নহয় নিবনুৱা বৃদ্ধি কৰাত যে ব্যস্ত সেয়া তেওঁলোকৰ কৰ্মকাণ্ডই প্ৰমাণ কৰে । ইউনিয়নে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীক মৃত্যুমুখলৈ ঠেলি দিব বিচৰা সকলো ষড়যন্ত্রৰ পৰা চৰকাৰক আঁতৰি আহি কৰ্মচাৰীৰ ন্যায্য দাবী পুৰণ কৰিবলৈ কাৰ্যকৰী ব্যবস্থা গ্রহণ কৰিবলৈ দাবী জনায় । অন্যথা ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ বিৰুদ্ধে গ্রহণ কৰা যিকোনো সিদ্ধান্তৰ বিপৰীতে তীব্র আন্দোলন গঢ়ি তোলা হ'ব ।"

