ETV Bharat / state

ড্ৰাগছ জব্দ : শ্ৰীভূমি আৰক্ষীৰ তৎপৰতাত প্ৰায় ৬.৬ কোটি টকাৰ য়াবা টেবলেট জব্দ

সামাজিক মাধ্যমত আৰক্ষীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসা ৷

yaba tablets seized
চাৰি সৰবৰাহকাৰীৰ সৈতে শ্ৰীভূমি আৰক্ষীৰ দলটো (x@himantabiswa)
author img

By ETV Bharat Assamese Team

Published : September 3, 2026 at 1:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে শ্ৰীভূমি আৰক্ষীৰ কঠোৰ অভিযান অব্যাহত আছে ৷

শেহতীয়াকৈ চলোৱা এনে অভিযানত শ্ৰীভূমি আৰক্ষীয়ে দুবাৰকৈ সফলতা লাভ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক উচ্চ প্ৰশংসাৰে প্ৰশংসিত কৰাৰ সমান্তৰালকৈ সামাজিক মাধ্যমত এই খবৰ প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ শ্ৰীভূমি আৰক্ষীয়ে ৬৬,০০০ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জব্দকৃত এই য়াবা টেবলেটসমূহৰ বজাৰমূল্য প্ৰায় ৬.৬ কোটি টকা ৷

এই টেবলেট সৰবৰাহৰ সৈতে জড়িতৰ অভিযোগত চাৰিজন লোককো আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ লগতে দলটোৱে দীৰ্ঘদিনে ব্যৱহাৰ কৰি অহা এখন বাহন জব্দ কৰে ৷

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে এটা পোষ্টৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰে ৷

এটা ইংৰাজী কবিতাৰ পংক্তিৰে আৰম্ভ কৰা পোষ্টটোৰ প্ৰথম শাৰীটো আছিল এনেধৰণৰ, ‘‘টুইংকল টুইংকল লিটিল ষ্টাৰ...’’ ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পোষ্টটোত কয় যে, "সিহঁতে এই য়াবা টেবলেটখিনি বহু দূৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু আদবাটতে শ্ৰীভূমি আৰক্ষীয়ে গাড়ীখনৰ চালকৰ আসনৰ তলত লুকুৱাই অনা য়াবা টেবলেটখিনি জব্দ কৰি সৰবৰাহকাৰী কেইটাৰ সকলো পৰিকল্পনাত চেঁচাপানী ঢালে ৷"

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যিকোনো অপৰাধৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা সফলতাৰ কথা ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰি আহিছে ৷ তদুপৰি পোষ্ট প্ৰকাশৰ জৰিয়তে অপৰাধীসকলকো সতৰ্ক কৰি আহিছে ৷ মুখ্যমন্ত্ৰীৰ এনে ধৰণৰ কথা বা নিৰ্দেশনাক কেৰেপ নকৰি অপৰাধীয়ে অপৰাধমূলক কাৰ্যৰ কৌশল সলনি কৰি আহিছে ৷ অৱশ্যে অপৰাধীৰ পৰিকল্পনা ধ্বংস কৰিবলৈ অসম আৰক্ষী সদা সষ্টম হৈ আছে ৷

লগতে পঢ়ক: অভিৰুচি ক্ৰীড়া দিৱস: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ শুভেচ্ছা, ৰাজ্য়জুৰি পালন