ETV Bharat / state

সোণাপুৰত প্ৰাণৰ শিল্পীৰ ওপজা দিনত অজস্ৰ অনুৰাগী; অগপ সভাপতি অতুল বৰায়ো জনালে শ্ৰদ্ধাঞ্জলি

জুবিন ক্ষেত্ৰত হৰিনাম-মায়াবিনীৰ ধ্বনিৰে মুখৰিত আকাশ-বতাহ । ঈশ্বৰ পুত্ৰৰ ওপজা দিনত অগণন অনুৰাগীৰ জুবিন ক্ষেত্ৰত ভিৰ ।

Zubeen Garg birth anniversary
সোণাপুৰত প্ৰাণৰ শিল্পীৰ ওপজা দিনত অজস্ৰ অনুৰাগী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 5:47 PM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ : সোণাপুৰৰ হাতিমূৰাৰ সেউজীয়াৰ মাজত তেওঁ নিৰলে-নিঃশব্দে লৈ আছে বিশ্ৰাম । এই বিশ্ৰামস্থলীত দুপৰনিশাৰ পৰা বিৰতিবিহীনভাৱে অজস্ৰ অনুৰাগীৰ সোঁত বৈছে । নীৰৱে-নিৰলে বিশ্ৰাম লৈ থকা হিয়াৰ আমঠুগৰাকীক যেন অনুৰাগীয়ে এটি মুহূৰ্তৰ বাবেও অকলশৰীয়া কৰিব বিচৰা নাই ।

সেয়ে হয়তো অনুৰাগীয়ে তেওঁলৈ আনিছে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা, নাৰ্জি ফুলৰ মালা, জাপি, টুপি, কিতাপ, গীটাৰ আৰু যে কত কি ! বুকুৰ আপোন মানুহজনলৈ সকলোৱে আগবঢ়াইছে উপহাৰ । তাতে আকৌ ঈশ্বৰ পুত্ৰৰ শুভ ওপজা দিন ।

সোণাপুৰত প্ৰাণৰ শিল্পীৰ ওপজা দিনত অজস্ৰ অনুৰাগী (ETV Bharat Assam)

কায়িকভাৱে নাথাকিলেও সকলোৱে জুবিন ক্ষেত্ৰত উপস্থিত হৈ অন্তৰৰ পৰা অনুভৱ কৰিছে প্ৰাণৰ শিল্পীৰ উপস্থিতি । আজি জুবিনবিহীন প্ৰথমটো ওপজা দিন । সকলোৰে চকুবোৰ সেমেকা । তাৰ মাজতো ওপজা দিনটোত প্ৰাণৰ শিল্পীগৰাকীক দিলে ওপজা দিনৰ শুভেচ্ছা ।

কিয়নো কোনেও এপলকৰ বাবেও যে তেওঁ আমাৰ মাজত নাই সেয়া কল্পনাই কৰা নাই । সেয়ে হয়তো তেওঁৰ অবৰ্তমানতো জুবিন ক্ষেত্ৰত সকলোৱে পাতিলে প্ৰাণৰ শিল্পীৰ ওপজা দিনটো । এই বিশেষ দিনটোত অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই জুবিন ক্ষেত্ৰত উপস্থিত হৈ জনালে শ্ৰদ্ধাঞ্জলি ।

সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই কয়, "অন্ত্যেষ্টিক্ৰিয়াৰ পিছত জুবিন ক্ষেত্ৰলৈ প্ৰথমবাৰ বাবে আহিছোঁ । জুবিন গাৰ্গবিহীন আজি প্ৰথমটো জন্মদিন । এই জন্মদিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে । অসম গণ পৰিষদ দলেও প্ৰাণৰ শিল্পীৰ ওপজা দিনটো'স্বাভিমান দিৱস হিচাপে পালন কৰিছে ।"

Zubeen Garg birth anniversary
সোণাপুৰত প্ৰাণৰ শিল্পীৰ ওপজা দিনত অজস্ৰ অনুৰাগী (ETV Bharat Assam)

অতুল বৰাই লগতে কয়, "জুবিন গাৰ্গে অসমৰে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ হৃদয়ত স্থান লোৱাৰ বাবে আজি সৰ্বত্ৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে । তেওঁৰ আদৰ্শক অসমীয়াই যুগে যুগে স্মৰণ কৰিব থাকিব । এইগৰাকী প্ৰাণৰ শিল্পীৰ মৃত্যু অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি আৰু ইয়াক অসমবাসীয়ে কেতিয়াও পূৰণ কৰিব নোৱাৰিম ।"

ইপিনে ওপজা দিন উপলক্ষে জুবিন ক্ষেত্ৰত পুৱাৰে পৰা অজস্ৰ অনুৰাগীৰ ভিৰ হয় । কোনোবাই যদি হৰিনামেৰে মুখৰিত কৰিছে জুবিন ক্ষেত্ৰ, কোনোবাই আকৌ মায়াবিনী শীৰ্ষক গীতৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তুলিছে । ইয়াৰ মাজতে ব্যতিক্ৰমী দৃশ্যও প্ৰত্যক্ষ হ'ল জুবিন ক্ষেত্ৰত ।

এই বিশেষ দিনটোত সুদূৰ হোজাইৰ কাঁকীৰ পৰা পেছাত এগৰাকী শিক্ষক তথা জুবিন অনুৰাগী নিৰঞ্জন শইকীয়াই দৌৰি দৌৰি পালেহি জুবিন ক্ষেত্ৰ । ইয়াৰ বিপৰীতে নলবাৰীৰ পংকজ ডেকা আৰু মহাদেৱ ব্ৰহ্মই বিগত ৩৮ দিনে চাইকেল চলাই বিভিন্ন স্থানত নাহৰ পুলি ৰোপণ কৰি উপস্থিত হ'লহি জুবিন ক্ষেত্ৰত ।

স্থানীয় আৰ ই পি টি ইনষ্টিটিউটৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে একত্ৰিত হৈ প্ৰিয় শিল্পীগৰাকীৰ সমাধিৰ সন্মুখত তেওঁৰ কেইবাটাও গীত পৰিবেশনৰে শ্ৰদ্ধাঞ্জলি জনায় ।

Zubeen Garg birth anniversary
সোণাপুৰত প্ৰাণৰ শিল্পীৰ ওপজা দিনত অজস্ৰ অনুৰাগী (ETV Bharat Assam)

মূৰৰ ওপৰত প্ৰখৰ ৰ'দ, পিয়াঁহত আতুৰ অনেকজন । তেনে পৰিস্থিতিতে আকৌ সদৌ অসম নৈশ বাছচালক সন্থাৰ তৰফৰ পৰা জুবিন ক্ষেত্ৰত উপস্থিত হোৱা অনুৰাগীৰ মাজত পাঁচ হেজাৰ পানীৰ বটল বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ।

উল্লেখ্য যে ঈশ্বৰ পুত্ৰৰ ওপজা দিনটোত জুবিন ক্ষেত্ৰত উপস্থিত হয় প্ৰিয় শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰ আৰু ভাতৃপ্ৰতিম অৰুণ গাৰ্গৰ লগতে পৰিয়ালৰ সদস্যসকল । পৰিয়ালৰ আপোনজনৰ ওপজা দিনটোত চাকি-বন্তি জ্বলাই আৱেগিক হৈ পৰে সকলো ।

সংবাদ মাধ্যমেৰে হোৱা কথা-বতৰাত প্ৰাণৰ শিল্পীগৰাকীৰ ভগ্নী ড° পামী বৰঠাকুৰে কয়, "জুবিনদা এনে এক সত্তা, যাক আমি কামৰ মাজৰে উদযাপন কৰিব লাগিব । আমি সিদ্ধান্ত ল'ব লাগিব কোনটো কাম কৰিম । সৃষ্টিশীল কামেৰে আগবাঢ়ি যাব লাগিব । সকলোৰে শোক কমা নাই, তাৰ মাজতে মৰমো বৃদ্ধি হৈছে । ৰাজ্যবাসীয়ে দাদাক ইমান মৰম দিছে, তাৰবাবে সকলোকে ধন্যবাদ জনালোঁ ।"

মুঠতে ওপজা দিনটোত জুবিন ক্ষেত্ৰ এক সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হোৱাৰ লগতে যেন হৈ পৰিছে এক তীৰ্থ ক্ষেত্ৰ । য'ত অনুভৱ কৰিব পাৰি গানৰ ভগৱানক ।

লগতে পঢ়ক :যুগনায়ক জুবিনৰ জন্মদিনত তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ অনুমোদন; BNSS 208 আৰোপত সন্মতি
লগতে পঢ়ক :কাহিলীপাৰাৰ বকুল জোপাৰ কাষতে উন্মোচন প্ৰাণৰ শিল্পীৰ আবক্ষ মূৰ্তি