ETV Bharat / state

গুৰু বন্দনাৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ-সত্ৰনগৰী

ৰাজ্য়জুৰি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন ।

Madhavdev birth anniversary celebrated in Majuli
গুৰু বন্দনাৰে মুখৰিত সত্ৰনগৰী মাজুলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 3:30 PM IST

3 Min Read
Choose ETV Bharat

টীয়ক/মাজুলী: ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ শ্ৰীশ্ৰী মাধবদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ তিথি । পুৱাৰে পৰাই ৰাজ্য়ৰ নামঘৰসমূহ মুখৰিত হৈ পৰিছে গুৰুজনাৰ বন্দনাৰে । বিভিন্ন ঠাইত নাম-প্ৰসংগ, ভাগৱত পাঠ আদিৰ লগতে উলিওৱা হৈছে ভাগৱত শোভাযাত্ৰা ।

মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে মহাপুৰুষগৰাকীয়ে নিজ হাতে প্ৰতিষ্ঠা কৰা যোৰহাটৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো আবিৰ্ভাৱ তিথি পালন কৰা হয় ৷ পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ সমাগমেৰে নামঘৰ চৌহদ উৎসৱমুখৰ পৰিৱেশেৰে মুখৰিত হৈ উঠে । জন্মোৎসৱ উপলক্ষে পুৱা নাম-প্ৰসংগ, ভাগৱত পাঠ আদি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয় । ভক্তসকলে গুৰুজনাৰ আদৰ্শ আৰু একশৰণ নামধৰ্মৰ বাণী স্মৰণ কৰি প্ৰাৰ্থনা জনায় ।

গুৰু বন্দনাৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ (ETV Bharat Assam)

এই উৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে ঢেকীয়াখোৱা অঞ্চলত এক বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা উলিওৱা হয় । শতাধিক ভক্তই অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ লগতে নাম-সংকীৰ্তনেৰে সমগ্ৰ অঞ্চল ভক্তিময় পৰিৱেশেৰে মুখৰিত হৈ পৰে। শোভাযাত্ৰাত ভক্তসকলে গুৰুজনাৰ মহান আদৰ্শ প্ৰচাৰৰ বাৰ্তা আগবঢ়ায় ।

Madhavdev birth anniversary celebrated in Majuli
গুৰু বন্দনাৰে মুখৰিত সত্ৰনগৰী মাজুলী (ETV Bharat Assam)

উল্লেখ্য় যে মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে প্ৰতি বছৰে ঢেকীয়াখোৱা বৰনামঘৰত বৃহৎ পৰিসৰত বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । নামঘৰ পৰিচলনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই কয়, "পূৰ্বৰ দৰে এইবাৰো আমি সকলো একত্ৰিত হৈ গুৰুজনাৰ জন্মজয়ন্তীভাগ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছো । পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাবেশ ঘটিছে । নাম-প্ৰসংগৰ সমান্তৰালকৈ এখনি ধৰ্মালোচনী সভাৰ আয়োজন কৰা হৈছে । দুবছৰ পাছত মহাপুৰুষজনাই নিজ হাতে প্ৰজ্বলন কৰা অক্ষয় বন্তিৰ ৫০০ বছৰ সম্পূৰ্ণ হ'ব । আমি এই শুভক্ষণ বিস্তৃতভাৱে উদযাপন কৰিম । আজিৰ পৰাই প্ৰাৰম্ভিক যোগাৰ আৰম্ভ কৰি সকলোৰে সহযোগিতা বিচাৰিছো ।"

গুৰু বন্দনাৰে মুখৰিত সত্ৰনগৰী মাজুলী (ETV Bharat Assam)

মাজুলীত আবিৰ্ভাৱ তিথি পালন :

ইপিনে,মাজুলীতো আজি মহাপুৰুষ মাধবদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ তিথি পালন কৰা হয় । মাজুলীৰ সত্ৰ- নামঘৰ পুৱাৰে পৰা গুৰুজনাৰ বন্দনাৰে মুখৰিত হৈ পৰে । আনহাতে, উজনি মাজুলী সন্মিলিত শংকৰদেৱ সংঘৰ উদ্যোগত মাজুলী মিলনপুৰ নামঘৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে মাধবদেৱৰ আবিৰ্ভাৱ তিথি ।

গুৰু বন্দনাৰে মুখৰিত সত্ৰনগৰী মাজুলী (ETV Bharat Assam)

সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহতো পুৱাৰে পৰাই এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে । উজনি মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু শ্ৰীৰাম মিলনপুৰ কৃষ্টি বিকাশ সংঘৰ সৌজন্যত শ্ৰীৰাম মিলনপুৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে গুৰুজনাৰ এই তিথি । মাজুলীৰ প্ৰায় ১৫ খনকৈ গাঁৱৰ লোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে । পুৱাৰ ভাগত চাফাই অভিযান, বন্তি প্ৰজ্বলন, পতাকা উত্তোলন আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই উৎসৱৰ দ্বিতীয় দিনা ঘোষা পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক:মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে হৰিনাম-কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত বৰপেটা সত্ৰ