মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে হৰিনাম-কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত বৰপেটা সত্ৰ
বৰপেটা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ ।

Published : June 1, 2026 at 10:40 AM IST
বৰপেটা : ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ সত্ৰ, নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷
মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা দ্বাৰকা-মথুৰাসদৃশ বৰপেটা সত্ৰৰ আইসকলে প্ৰসংগত ভাগ লয় ৷ আইসকলৰ প্ৰসংগৰ পিচতে বাপ-বৈষ্ণৱে পুৱাৰ নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগত অংশগ্ৰহণ কৰে । গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ চৌদিশ এতিয়া নাম-প্ৰসংগ আৰু হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে ৷
বৰপেটা সত্ৰত সত্ৰীয়া পৰম্পৰাৰ অংশ হিচাপে নিয়মীয়া প্ৰসংগৰ উপৰিও নৈমিত্তিক প্ৰসংগ কৰা হৈছে । ইয়াৰ অংশ হিচাপে অতিৰিক্ত প্ৰসংগ, ঘোষা কীৰ্তন, ব্যাস কীৰ্তন আদি পৰিৱেশন কৰা হৈছে । সত্ৰখনত এইবাৰ বিশেষভাৱে তিনিদিনীয়াকৈ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে । আজি সত্ৰীয়া পৰম্পৰা সমূহ ৰূপায়ণৰ উপৰি ভাগৱত শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে । তদুপৰি সোমবাৰে এখন ধৰ্মোলোচনী সভাও অনুষ্ঠিত হ'ব ।

মঙলবাৰে নিত্য প্ৰসংগৰ লগতে আইসকলৰ নাম অনুষ্ঠিত হ'ব বুলি বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে সদৰী কৰি কয়, "গুৰুজনাৰ এইবাৰৰ জন্মোৎসৱ কাৰ্যসূচী বৰপেটা সত্ৰৰ শাখা সত্ৰসমূহৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে । বৰপেটাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বিভিন্ন আতা পুৰুষে স্থাপন কৰা বহু সত্ৰ-নামঘৰ আছে ৷ সেইবোৰতো মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে ।"
বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে কয়, "বৰপেটা সত্ৰত মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ আৰু কীৰ্তন মহোৎসৱ তিথি পালন কৰি অহা হৈছে । মথুৰা দাস বুঢ়াআতাৰ দিনৰে পৰাই মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ সত্ৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হৈ আহিছে ।"
সকলো অনুষ্ঠানতে পুৱাৰে পৰাই যথেষ্ট সংখ্যক লোকৰ সমাগম হয় । গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ পৱিত্ৰ দিনটোত বৰপেটা সত্ৰত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই তেওঁৰ আশিস প্ৰাৰ্থনাৰ উদ্দেশ্যে ভক্ত-বৈষ্ণৱ সত্ৰত উপস্থিত হৈছে ৷
লগতে পঢ়ক:মঙলদৈৰ এখন গাঁৱত কিয় কৰা হয় জল দেৱতা আৰু বিষ্ণু পূজা ?

