হাৰ্টথ্ৰৱক সুঁৱৰি ৫ হাজাৰ মহিলাই জুৰিলে দিহানাম
প্ৰাণৰ শিল্পীক সুঁৱৰিলে ৫ হাজাৰ মহিলাই । দিহানাম পৰিৱেশন কৰি টুকিলে চকুলো ।

Published : November 16, 2025 at 6:31 PM IST
যোৰহাট: 'জুবিন দা অ’ গুচি গ'লা আমাৰ মাজৰ পৰা, হৈ আছা গৈ জোনবেলি তৰা...' শীৰ্ষক দিহা নাম পৰিৱেশনেৰে ৫ হাজাৰ মহিলাই সুঁৱৰিলে প্ৰাণৰ শিল্পী, হাৰ্থথ্ৰৱ জুবিন গাৰ্গক । জুবিন গাৰ্গক সুৱৰি ৫ হাজাৰ মহিলাই দিহানাম পৰিৱেশন কৰি থকা সময়ত সেমেকি উঠিল সকলোৰে দুচকু । দিহানাম পৰিৱেশনস্থলীৰ পৰা সকলোৱে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায় ।
অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গ নোহোৱা দুমাহ হ'বৰে হ'ল । এই সময়চোৱাত বিভিন্নজনে ভিন্ন ধৰণৰে স্মৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক । একেদৰে যোৰহাটৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান 'হেপাঁহ'ৰ উদ্যোগত যোৰহাটৰ সমূহ মহিলা, দল-সংগঠন আৰু যোৰহাটবাসী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত বিশ্ব-বিশ্ৰুত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতি আৰু ন্যায় কামনা কৰি দেওবাৰে যোৰহাট ষ্টেডিয়াম খেলপথাৰত দিহা নাম পৰিৱেশন কৰে ।
প্ৰায় পাঁচ হাজাৰ মহিলা আৰু এক হাজাৰ খুলীয়া, তালিয়া আৰু নেগেৰাবাদকৰ উপস্থিতিত পৰিৱেশন কৰা হয় এই দিহা নাম । দিহা নামৰ অমিয়া সুৰত মুখৰিত হৈ পৰিল ষ্টেডিয়ামৰ চৌপাশ । সেমেকি উঠিল উপস্থিত থকা কণমানিটিৰ পৰা বৃদ্ধৰ দুচকুও ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিহা শিল্পী, গৱেষক, লোকশিল্পী যতীন বৰাই কয়,"আমাৰ হিয়া আমঠু, জাতিৰ শক্তি, সংস্কৃতি ভোটতৰা সকলোৰে মৰমৰ জুবিন গাৰ্গৰ মৃত্যু হ'ল, তেখেতৰ পুণ্য আত্মাৰ সদগতি অৰ্থে আজি যোৰহাট ষ্টেডিয়াম খেলপথাৰ প্ৰাংগনত আজি সামাজিক, সাংস্কৃতিক অনুষ্ঠান হেপাঁহৰ উদ্যোগত পাঁচ হাজাৰ মহিলাই পৰিৱেশন কৰিলে দিহানাম । তেখেতৰ পুণ্য আত্মা চিৰশান্তি বাবে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । তেখেতৰ যি মৃত্যু হৈছে, সেয়া অন্যায় হৈছে । আমি আস্থা ৰাখিছোঁ আইন ব্যৱস্থাৰ ওপৰত । শীঘ্ৰে জুবিন গাৰ্গে ন্যায় লাভ কৰিব ।"

