ETV Bharat / state

লুইতৰ বুকুত সন্ধানহীন ৫ কৃষ্ণভক্ত: বুধবাৰে আভিযান চলাই ব্যৰ্থ হ'ল এন ডি আৰ এফ

নজন কৃষ্ণভক্ত বুধবাৰে খাৰঘুলিৰ জয়পুৰ ঘাটৰ সমীপৰ ভক্তি কুটীৰলৈ আহিছিল । তাৰ পৰাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ ৫ জন সন্ধানহীন হয় ।

5 missing in Brahmaputra
লুইতৰ বুকুত সন্ধানহীন ৫ কৃষ্ণভক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 8:41 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : লুইতৰ বুকুত সন্ধানহীন পাঁচজন কৃষ্ণভক্ত । গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত বুধবাৰে সংঘটিত হয় এই ঘটনা । সন্ধানহীন লোককেইজন ক্ৰমে শোণিতপুৰৰ উপেশ কুমাৰ, বিশ্বনাথৰ প্ৰতাপ, গুৱাহাটীৰ অভিজিত, গুৰগাঁৱৰ সাগৰ আৰু বঙাইগাঁৱৰ ৰৌণক সাদাক ।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী অষ্ট্ৰেলিয়ান নাগৰিক তথা বৰ্তমান বৃন্দাবনৰ বাসিন্দা প্ৰণৱ নায়াৰে সংবাদ মাধ্যমৰ আগত কয়, "আমি ৯ জন লোক আছিলোঁ । তাৰ ভিতৰত অসমৰ লগতে আমেৰিকা আৰু দিল্লীৰো আছিল । আমি ভক্তি কুটীৰলৈ আজি আহিছিলোঁ । ভক্তি কুটীৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰত গৈছিলো । তেতিয়াই আমি গোটেইকেইজন ব্ৰহ্মপুত্ৰত নামিছিলোঁ । আমি সাঁতুৰিব পৰাকেইজন সাঁতুৰি পাৰ পালোঁ যদিও সাঁতুৰিব নজনাকেইজনে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় ।"

লুইতৰ বুকুত সন্ধানহীন ৫ কৃষ্ণভক্ত (ETV Bharat Assam)

আনহাতে, এন ডি আৰ এফ বাহিনীৰ বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, "আমি এই ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হওঁ । চাৰিখন ৰবৰ ব'টেৰে প্ৰায় দুই কিলোমিটাৰ অনুসন্ধান চলোৱা হৈছে । কিন্তু বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই ।"

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ পাৰলৈ যোৱা নজন কৃষ্ণভক্তই বুধবাৰে দিনৰ ভাগত খাৰঘুলিৰ জয়পুৰ ঘাটৰ সমীপৰ ভক্তি কুটীৰলৈ আহিছিল । ইয়াৰ পৰাই ব্ৰহ্মপুত্ৰলৈ গা ধুবলৈ গৈ ৫ জন সন্ধানহীন হয় । সন্ধানহীন লোককেইজনৰ সন্ধানত দিনৰ ভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখে যদিও সন্ধিয়া হোৱাৰ লগে লগে এই অভিযান সামৰে । বৃহস্পতিবাৰে পুনৰ পাঁচ সন্ধানহীন লোকৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলাব বুলি জানিব পৰা গৈছে ।

ইফালে জানিব পৰা মতে, খাৰঘুলিৰ জয়পুৰ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰলৈ ফুৰিবলৈ আহি তেওঁলোকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামে । প্ৰথম অৱস্থাত ইয়াৰে তিনিগৰাকী লোকে আন দিশে ব্ৰহ্মপুত্ৰত সাঁতুৰি কিছু আঁতৰৰ ফালে পাৰ হৈ গৈছিল যদিও তেওঁলোকৰ আন ৬ জন সতীৰ্থই ব্ৰহ্মপুত্ৰৰ বুকুত সাঁতুৰি থকা অৱস্থাতে ডুব গৈ সন্ধানহীন হয় ।

অৱেশ্য এই দৃশ্য প্রত্যক্ষ কৰি ইয়াৰে এগৰাকী লোকক স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰে যদিও ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় আন ৫ জন লোক । স্থানীয় লোক আৰু মাছমৰীয়াই ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে বিচাৰ-খোচাৰ কৰে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । পিছত সন্ধানহীন লোককেইজনৰ আন ৪ জন বন্ধুৱে ঘটনা সন্দৰ্ভত লতাশিল আৰক্ষী থানাত অৱগত কৰে । লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু এন ডি আৰ এফৰ লোক উপস্থিত হৈ সন্ধানহীন ৫ জন লোকৰ সন্ধানত ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান আৰম্ভ কৰে ।

ইফালে লতাশিল আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা লোককেইজনৰ কাপোৰ উদ্ধাৰ কৰাৰ লগতে এজন লোকৰ ভোটাৰ পৰিচয়-পত্ৰ, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড উদ্ধাৰ কৰে । ইয়াত ব্যক্তিজনৰ নাম উপেশ কুমাৰ বুলি লিখা আছে ।

ইপিনে প্ৰাৰম্ভিক অৱস্থাত ৪ জন লোকে ভক্তি কুটীৰ মন্দিৰলৈ অহাৰ কথা অস্বীকাৰ কৰিছিল । পিছত চাৰিজন লোককে সমীপতে থকা ভক্তি কুটীৰ মন্দিৰতে লতাশিল আৰক্ষীয়ে সোধা-পোছা কৰাৰ অন্তত সমগ্ৰ ঘটনাৰ বিষয়ে গম পায় ।

লগতে পঢ়ক :যিমানেই আৰ্থিক অৱস্থা বেয়া নহওক কিয় অচিনাকি ব্যক্তিক মাটি বিক্ৰী নকৰিব: মুখ্যমন্ত্ৰী
লগতে পঢ়ক :এগৰাকী মহিলা বাঘ চিকাৰী: ছটাকৈ বাঘ চিকাৰ কৰা কোন এইগৰাকী ৰাজকন্যা ?