২০২৬ৰ আৰম্ভণিতে কঁপি উঠিল ধৰিত্ৰী; ৫.১ প্ৰাবল্যৰ ভূঁইকঁপে কাহিলীপুৱাতে আতংকিত কৰিলে অসমবাসীক
ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও । দুগৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

By PTI
Published : January 5, 2026 at 7:17 AM IST
|Updated : January 5, 2026 at 12:43 PM IST
গুৱাহাটী : নতুন বছৰৰ প্ৰথমটো সপ্তাহটোতে ভূমিকম্পই জোকাৰি গ'ল অসম । সোমবাৰে পুৱতি নিশা এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে অসমৰ ৰাইজে । চৰকাৰী প্ৰতিবেদন অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মধ্য অসম । ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.১ বুলি জানিব পৰা গৈছে ।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মৰিগাঁও জিলা আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ । পুৱা ৪.১৭ বজাত ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি বুলি কোৱা হৈছে । ভূমিকম্পৰ কেন্দ্ৰবিন্দু মধ্য অসমত ২৬.৩৭ উত্তৰ অক্ষাংশ আৰু ৯২.২৯ পূব দ্ৰাঘিমাংশত অৱস্থিত বুলিও জানিব পৰা গৈছে ।
ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁৱত হোৱাৰ ফলত জিলাখনত কিছু ক্ষয়-ক্ষতিৰ তথ্য পোহৰলৈ আহিছে । আনহাতে দুগৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । আহতসকলক নীৰজ কুমাৰ আৰু জয়মতী দেউৰী বুলি জানিব পৰা গৈছে । জয়মতী দেউৰী ৮০ বছৰীয়া বৃদ্ধা । ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়তে বৃদ্ধাগৰাকীয়ে মূৰত আঘাত পায় । সম্প্ৰতি মৰিগাঁৱৰ শ্বহীদ তিলক-হেমৰাম-গুণাভিৰাম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
An earthquake with a magnitude of 5.1 on the Richter Scale hit Morigaon, Assam, at 04:17:40 IST today: National Centre for Seismology (NCS) pic.twitter.com/xd4JGvr5VG
— ANI (@ANI) January 4, 2026
বৃদ্ধাগৰাকীৰ পৰিয়ালৰ সদস্যই কয়, "ভূমিকম্পৰ সময়ত আইতা বাহিৰলৈ ওলাই আহিছিল । তেতিয়া গ্ৰীলত লাগি মূৰ ফালি গৈছে । ১২ টা চিলাই পৰিছে ।"

উল্লেখ্য যে, কামৰূপ মহানগৰ, নগাঁও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাচাও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ধুবুৰী, দক্ষিণ শালমৰা-মানকাচৰ আৰু গোৱালপাৰা জিলাৰ ৰাইজেও এই জোকাৰণি অনুভৱ কৰে । একেদৰে দৰং, তামুলপুৰ, শোণিতপুৰ, কামৰূপ, বিশ্বনাথ, ওদালগুৰি, নলবাৰী, বজালী, বৰপেটা, বাক্সা, চিৰাং, কোকৰাঝাৰ, বঙাইগাঁও আৰু লখিমপুৰত এই কঁপনি অনুভূত হয় ।
মধ্য-পশ্চিম অৰুণাচল প্ৰদেশৰ কিছু অঞ্চল, সমগ্ৰ মেঘালয় আৰু নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ কেইবাটাও অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে । মধ্য-পূব ভূটান, চীন আৰু বাংলাদেশৰ কিছু অংশও ভূমিকম্পত কঁপি উঠি বুলি জানিব পৰা গৈছে ।
An earthquake with a magnitude of 3.9 on the Richter Scale hit Gomati, Tripura, at 03:33:32 IST today: National Centre for Seismology (NCS) pic.twitter.com/8tyI5DSAxt
— ANI (@ANI) January 4, 2026
পুৱতি নিশা ভূমিকম্পই জোকাৰি যোৱাৰ সময়ত অধিকাংশ লোকে শোৱাপাটীতে আছিল । কিন্তু জোকাৰণি অনুভৱ কৰাৰ লগে লগে লোকসকলে মুকলি স্থানলৈ দৌৰিবলৈ বাধ্য হয় ।
সচৰাচৰ উত্তৰ পূব অঞ্চল ভূমিকম্প প্ৰৱণ হিচাপে জনাজাত । যাৰ বাবে অঞ্চলটোত সময়ে সময়ে এনেধৰণৰ সৰু-বৰ ভূমিকম্প হোৱা দেখা যায় ।ইফালে বছৰৰ আৰম্ভণিতে ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰি এতিয়া আতংকিত হৈ পৰিছে অসমৰ জনসাধাৰণ ।
লগতে পঢ়ক :দীপৰ বিলত আৰম্ভ সমূহীয়া মাছ ধৰা উৎসৱ

