ETV Bharat / state

চিকিৎসা সেৱাৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতি: এফালে চাকৰিৰ পৰা অব্যাহতি, আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ

১০৮ চালক-কৰ্মীসকলে চলাই থকা আন্দোলনৰ সময়ত জি ভি কে ই এম আৰ আয়ে শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে ৷

108 workers half naked protest
চতুৰ্থদিনাও নিজৰ দাবীত অটল মৃত্যুঞ্জয় কৰ্মচাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 5:20 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : এফালে অসম চৰকাৰৰ কঠোৰ সিদ্ধান্ত, আনফালে নিজৰ দাবীত অটল প্ৰতিবাদকাৰী । তাৰ মাজতে গুৱাহাটীৰ চচলৰ প্ৰতিবাদস্থলীত চতুৰ্থ দিনৰ বাবেও অব্যাহত আছে ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ অৱস্থান ধৰ্মঘট তথা কৰ্মবিৰতি কাৰ্যসূচী । ১০৮ মৃত্যুঞ্জয় সেৱাৰ শতাধিক প্ৰতিবাদী কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ পিছতো যোৱা ১ ডিচেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে সদৌ অসম ১০৮ মৃত্যঞ্জয় কৰ্মচাৰী সন্থাৰ উদ্যোগত চালক-কৰ্মচাৰীসকলে ।

বৃহস্পতিবাৰে চতুৰ্থদিনাও ৫ শতাধিক প্ৰতিবাদকাৰীয়ে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে । বৃহস্পতিবাৰে ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে প্ৰথমে কাঁহী-বাটি বজাই প্ৰতিবাদ কৰে যদিও পিছলৈ অৰ্ধ-উলংগ হৈ তীব্রতৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কৰ্মচাৰীসকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ চৰকাৰবিৰোধী তীব্র শ্লোগান দিয়ে ।

এফালে চাকৰিৰ পৰা অব্যাহতি, আনফালে অৰ্ধ-উলংগ হৈ প্ৰতিবাদ (ETV Bharat Assam)

আনহাতে, প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলৰ মন্তব্য, "মুখ্যমন্ত্ৰীয়ে চাকৰিৰ পৰা উলিয়াই দিলেও তেওঁলোকে প্ৰতিবাদ কৰিয়েই যাব আৰু প্ৰাপ্য আদায় কৰি যাব ।" ইপিনে এই তীব্র প্ৰতিবাদৰ মাজতেই এজন প্ৰতিবাদকাৰী অসুস্থ হৈ ঢলি পৰে ।

প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদী ১০৮ কৰ্মীয়ে সংবাদ মাধ্যমৰ আগত কয়, "এইটো অতি দুৰ্ভাগ্যজনক কথা । মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ হ'লেও আমাৰ কথা ভাবিব লাগিছিল । এইটো আমাৰ এদিন-দুদিনৰ সমস্যা নহয়, ১৭ বছৰৰ সমস্যা । আপুনি এটা কোম্পানীক গতাই দিছে । সেই কোম্পানীয়ে আমাক কেনেদৰে অত্যাচাৰ কৰিছে । বহুদিনৰ পৰা আমি স্মাৰক-পত্ৰ দি আছোঁ । কিন্তু উপায়ন্তৰ হৈ আমি যোৱা ১ ডিচেম্বৰৰ পৰা ধৰ্মঘট কৰিবলগা হৈছে ।"

লগতে প্ৰতিবাদকাৰীৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ, "মুখ্যমন্ত্ৰী মহোদয়, আমি সঁচাকৈয়ে দুঃখিত । আপুনি আমাক এবাৰ চাওক । আমি বিচাৰিছোঁ আমাৰ চাকৰিটোৰ সুৰক্ষা হওক, বজাৰৰ মূল্যত চলিব পৰাকৈ দৰমহা দিব লাগে । আমি এইকেইটা বিচাৰিছোঁ । আপুনি অন্ততঃ এই কথাখিনি গুৰুত্ব দিয়ক । এই চাকৰিত গোটেইখিনি অসমীয়া থলুৱা ল'ৰা আছে । মানৱ সেৱাৰ লগত ১৭ টা বছৰে জড়িত হৈ আছে । মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ, আমাৰ ফালে এবাৰ চকু মেলি চাওক ।"

108 workers half naked protest
চতুৰ্থদিনাও নিজৰ দাবীত অটল মৃত্যুঞ্জয় কৰ্মচাৰী (ETV Bharat Assam)

নিজৰ প্ৰাপ্যৰ দাবীত গণতান্ত্ৰিক আন্দোলন কৰা বুলি উল্লেখ কৰি কয়, "আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰি আছোঁ । আমি কোনোধৰণৰ অসম চৰকাৰক বিপদ পেলোৱা বা ক্ষতি হোৱা কাৰ্যসূচী লোৱা নাই । তথাপিও দেখা পাইছোঁ প্ৰতিখন জিলাৰে আমাৰ সতীৰ্থ ১০ জন-১৫ জনক চাকৰিৰ পৰা অব্যাহতি দি আছে । যদি অব্যাহতি দিব বিচাৰিছে গোটেই ৩ হাজাৰ লোককে একেলগে চাকৰিৰ পৰা অব্যাহতি দিয়ক । নহ'লে চৰকাৰলৈ অনুৰোধ, আমাক গুলীয়াই মাৰক ।" আপোনালোকে ভাৰা দি দিনে হাজাৰ টকাকৈ এজন লোকক যদি আনিব পাৰে, তেতিয়াহ'লে সেই হাজাৰ টকা আমাৰ তিনি হাজাৰ কৰ্মীক দিয়ক । আমি এনেদৰে বহি আন্দোলন কৰি নাথাকো ।"

একেদৰে আন এগৰাকী প্ৰতিবাদী ১০৮ কৰ্মীয়ে অৰ্ধ-উলংগ হৈ চৰকাৰলৈ ক্ষোভ উজাৰি কয়, "আজি আমাৰ চাৰিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ-উলংগ হৈছোঁ । আজি খুব দুখৰ বিষয় । অসমৰ ৰাইজৰ বাবে দুখৰ বিষয় । আমাৰ মুখ্যমন্ত্ৰীৰ দিনতেই আমি আজি অৰ্ধ-উলংগ হ'বলগা হৈছে । আমাৰ বিভাগে কিছু ভাৰাতীয়া লোকক ৰাখিব বিচাৰিছে । আমি ৩ হাজাৰ কৰ্মীয়ে ইয়াত কান্দি আছোঁ । সমস্যা সমাধান কৰিব লাগে । চাকৰিৰ পৰা অব্যাহতি দিয়াটো সমাধান নহয় । আমি সমাধান বিচাৰিছোঁ । যেতিয়ালৈ আমাৰ সমস্যা সমাধান নহয়, তেতিয়ালৈকে আমি ইয়াত আমৰণ অনশন কৰিবলৈ বাধ্য হ'ম ।"

মুঠতে চতুৰ্থদিনাও ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট তথা কৰ্মবিৰতি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে ।

উল্লেখ্য যে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ উদ্যোগত চাকৰি নিয়মীয়াকৰণ, মানসম্পন্ন মজুৰিৰ ব্যৱস্থা কৰা, ১২ ঘণ্টা কৰ্মৰ সময়সূচীৰ পৰিপূৰক অতিৰিক্ত মজুৰি দিয়া, বছৰি বোনাছৰ ব্যৱস্থা কৰা আদি দাবীৰে যোৱা ১ ডিচেম্বৰৰ পৰা ১০৮ সেৱাৰ চালক আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীসকলে সম্পূৰ্ণৰূপে ১০৮ সেৱা বন্ধ ৰাখি অনিৰ্দিষ্টকালীন আন্দোলন অব্যাহত ৰাখিছে ।

ইফালে ইয়াৰ ফলত চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । শেহতীয়াকৈ ১০৮ চালক-কৰ্মীসকলে চলাই থকা আন্দোলনৰ সময়ত জি ভি কে ই এম আৰ আয়ে শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া কঠোৰ সিদ্ধান্তই স্বাভাৱিকতে সমগ্ৰ বিষয়টো জটিল কৰি তুলিছে । এই ক্ষেত্ৰত আন্দোলনকাৰীয়ে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে, সেৱা লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ব্যাহত ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱা: উদ্বিগ্ন মন্ত্রী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক, বিকল্প ব্যৱস্থা ই এম আৰ আই কৰ্তৃপক্ষৰ
লগতে পঢ়ক :নিজৰ দাবীত অটল ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী: বিকল্প কৰ্মচাৰীৰে জৰুৰীকালীন সেৱা অব্যাহত ৰখাৰ চেষ্টা