ETV Bharat / state

উদুলি-মুদুলি অসম ডনবস্কো বিশ্ববিদ্যালয় : আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ

অসম ডনবস্কো বিশ্ববিদ্যালয়ত ‘লুইত প্ৰভা’ শীৰ্ষক ৩৯ সংখ্যক আন্তঃবিশ্ববিদ্যালয় উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱ (ইউনিফেষ্ট ২০২৫-২৬) ।

Assam Don Bosco University
আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 7:50 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : অসম ডনবস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে ‘লুইত প্ৰভা’ শীৰ্ষক ৩৯ সংখ্যক আন্তঃবিশ্ববিদ্যালয় উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱ (ইউনিফেষ্ট ২০২৫-২৬) ।অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ সোণালী পথাৰ সদৃশ টেপেছীয়া প্ৰাংগণত সোমবাৰৰ পৰা অত্যন্ত উলাহ-মালহেৰে আৰম্ভ হৈছে ৩৯ সংখ্যক আন্তঃবিশ্ববিদ্যালয় উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱ— ‘লুইত প্ৰভা’ (ইউনিফেষ্ট ২০২৫-২০২৬) ।

ভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ (AIU) তত্ত্বাৱধানত আয়োজিত এই পাঁচদিনীয়া মহোৎসৱত (১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ) সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু যুৱ প্ৰতিভাৰ এক অপূৰ্ব মিলন ঘটিছে ।

উদুলি-মুদুলি অসম ডনবস্কো বিশ্ববিদ্যালয় (ETV Bharat Assam)

সাংস্কৃতিক শোভাযাত্ৰা আৰু উদ্বোধনী অনুষ্ঠান

মহোৎসৱৰ শুভাৰম্ভণিৰ লগে লগে অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । উত্তৰ-পূবৰ ২২ খন বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ১০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ অঞ্চলৰ সাজপাৰ আৰু লোক-সংস্কৃতি প্ৰদৰ্শন কৰি এক সজীৱ পৰিৱেশৰ সৃষ্টি কৰি এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে । এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সংগীতজ্ঞ তথা সুৰকাৰ অনিৰুদ্ধ বৰুৱা, পৰ্যৱেক্ষক অনুপ লাথেৰ লগতে এ আই ইউ আৰু বিশ্ববিদ্যালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

Assam Don Bosco University
আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ (ETV Bharat Assam)

উদ্দেশ্য আৰু তাৎপৰ্য

‘লুইত প্ৰভা’ কেৱল এক প্ৰতিযোগিতাই নহয়, ইয়াৰ উদ্দেশ্য হৈছে উত্তৰ-পূবৰ বিভিন্ন ভাষা আৰু জনগোষ্ঠীয় সংস্কৃতিৰ মাজত একতা গঢ়ি তোলা । লগতে সংগীত, নৃত্য, নাট্য, সুকুমাৰ কলা (Fine Arts) আৰু সাহিত্যৰ জৰিয়তে যুৱ প্ৰতিভাৰ বিকাশ ঘটোৱা । ছাত্ৰ-ছাত্ৰীৰ মাজত ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় একতা বৃদ্ধি কৰা ।

Assam Don Bosco University
আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ (ETV Bharat Assam)

অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহ

এই মহোৎসৱত অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ পৰাও প্ৰতিনিধিত্বমূলক অংশগ্ৰহণ দেখা গৈছে । ইয়াৰ ভিতৰত উল্লেখযোগ্য বিশ্ববিদ্যালয়সমূহ হ’ল গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয়, নেহু (মেঘালয়), নাগালেণ্ড বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (অৰুণাচল প্ৰদেশ) ।

আনহাতে, মণিপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়কে ধৰি মণিপুৰৰ চাৰিখন বিশ্ববিদ্যালয়, ছিকিমৰ বিশ্ববিদ্যালয়সমূহেও অংশগ্ৰহণ কৰিছে ।

Assam Don Bosco University
আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ (ETV Bharat Assam)

এই সম্পৰ্কত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ডঃ জ'ছ পেলেলিয়ে আশা প্ৰকাশ কৰি কয়, "লুইত প্ৰভাই কেৱল সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অংশগ্ৰহণকাৰীসকলৰ মাজত বন্ধুত্ব আৰু সহযোগিতাৰ এক নতুন যুগৰ সূচনা কৰিব ।"

আনহাতে, অভ্যৰ্থনা সমিতিৰ সম্পাদিকা ডঃ অল্পনা চৌধুৰীয়ে কয়, "ইউনিফেষ্টৰ মূল উদ্দেশ্য হৈছে সকলোৰে মাজত ভাতৃত্ববোধ আৰু ঐক্য গঢ়ি তোলা । এই মঞ্চই আমাৰ থলুৱা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰচাৰ কৰাত সহায় কৰিব ।"

তেওঁ লগতে কয়, "লুইত প্ৰভা ব্ৰহ্মপুত্ৰৰ অপৰাজেয় শক্তি আৰু সংস্কৃতিৰ প্ৰতীক । আগন্তুক চাৰিটা দিনত ইয়াত সাহিত্যিক আলোচনাৰ পৰা আৰম্ভ কৰি লোকনৃত্যৰ ঝংকাৰলৈকে বিভিন্ন কাৰ্যসূচী ৰূপায়িত হ’ব । এই মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক একেডাল সূতাৰে বান্ধি ৰাখিব ।"

লগতে পঢ়ক :চি বি এছ ইৰ দুটা বৰ্ড পৰীক্ষাৰ নতুন নিয়ম, প্ৰথম পৰীক্ষাত হাজিৰ হোৱাটো কিয় বাধ্যতামূলক ?
লগতে পঢ়ক :এঞ্জেল চাকমা হত্য়াকাণ্ডৰ ৬৪৯ পৃষ্ঠাৰ অভিযোগনামা দাখিল