ETV Bharat / state

বড়োভূমিত এবছুৰ শ্বহীদ দিৱস পালন, সুঁৱৰিলে প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীক

১৯৮৭ চনৰ ১২ জুনত গুৱাহাটীৰ এখন সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত টিহু চ’কত দুস্কৃতিকাৰীৰ আক্ৰমণত নিহত হৈছিল কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ভাটিপাৰাৰ সু-সন্তান সুজিত নাৰ্জাৰী৷

39th bodoland martyrs day
শ্বহীদ সুজিত নাৰ্জাৰী স্মৃতি উদ্যান মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 11:10 PM IST

4 Min Read
Choose ETV Bharat

কোকৰাঝাৰ: বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত আৰম্ভ হোৱা গণতান্ত্ৰিক আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ আছিল সুজিত নাৰ্জাৰী ৷ শুকুৰবাৰে নাৰ্জাৰীৰ ৩৯ তম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী ভাটিপাৰাত শ্বহীদ সুজিত নাৰ্জাৰী স্মৃতি উদ্যান মুকলিৰ লগতে এটা আৱক্ষমূৰ্তি উন্মোচন কৰা হয় ৷

১৯৮৭ চনৰ ১২ জুনত গুৱাহাটীৰ এখন সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত টিহু চ’কত দুস্কৃতিকাৰীৰ আক্ৰমণত নিহত হৈছিল কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী ভাটিপাৰাৰ সু-সন্তান সুজিত নাৰ্জাৰী ৷ তেতিয়াৰে পৰা সুজিত নাৰ্জাৰীৰ মৃত্যু দিনটো অৰ্থাৎ ১২ জুন তাৰিখটো এবছুৱে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷

39th bodoland martyrs day
বড়োভূমিত এবছুৰ শ্বহীদ দিৱস পালন (ETV Bharat Assam)

দিৱসটোৰ লগত সংগতি ৰাখি শুকুৰবাৰে কোকৰাঝাৰ চহৰ সংলগ্ন ভাটিপাৰাৰ ডিয়াবাৰীত বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত নৱনিৰ্মিত স্মৃতি উদ্যানৰ মুখ্য দ্বাৰ মুকলি কৰে বিটিচিৰ পাৰিষদ তথা উদযাপন সমিতিৰ সভাপতি ধনেশ্বৰ গয়াৰীয়ে ৷ ইয়াৰ পাছতে উদ্যান প্ৰাংগণত সুজিত নাৰ্জাৰীৰ এটি পূৰ্ণাংগ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী ৰিহণ দৈমাৰীয়ে ৷

আৱক্ষমূৰ্তিটো উন্মোচন কৰি ৰিহণ দৈমাৰীয়ে কয়, ‘‘আজি বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যু দিনটোত শ্বহীদগৰাকীৰ লগতে বড়ো আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ-বীৰাংগণাক শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷ তেওঁলোকৰ আত্মবলিদানৰ বাবে আজি বিটিচি পাবলৈ সক্ষম হৈছোঁ ৷ নিজৰ সংস্কৃতি-ভাষা আৰু জীয়াই থাকিবৰ কাৰণে যিখিনি সা-সুবিধা লাগে, সুশাসন কৰিবলৈ যিখিনি ব্যৱস্থা লাগে, সেইখিনি পাইছোঁ । একমাত্ৰ বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ সবল নেতৃত্বতে বড়ো আন্দোলন আৰম্ভ হৈ আজি আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ ৷ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মকো শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷’’

39th bodoland martyrs day
সুঁৱৰিলে প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীক (ETV Bharat Assam)

আনহাতে, ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱস উপলক্ষে এবছুৰ পতাকা অৰ্ধনিমিতভাৱে উত্তোলন কৰি এবছুৰ সভাপতি খৗৰৗমদাও ওৱাৰীয়ে কয়, ‘‘আজিৰ দিনটো বড়োলেণ্ড আন্দোলনৰ এটা বিশেষ দিন । আজিলৈকে পাঁচ হেজাৰৰো অধিক লোক শ্বহীদ হ’ল ৷ তেওঁলোকে বড়োলেণ্ড আন্দোলনৰ বাবে দিয়া বলিদানক আমি সদায় শ্ৰদ্ধা কৰি আহিছোঁ ৷ বড়োলেণ্ড উন্নয়নৰ কাৰণে তেওঁলোকে যাতে আমাক সদায় আশীৰ্বাদ দি যায়, তাকে কামনা কৰিছোঁ ৷’’

ইয়াৰোপৰি ২০২০ চনৰ ২০ জানুৱাৰীত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত হোৱা বিটিআৰ চুক্তিখন কেন্দ্ৰীয় চৰকাৰে সঠিকভাৱে ৰূপায়ণ কৰিবলৈ গুৰুত্ব নিদিয়া বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰে সভাপতি খৗৰৗমদাও ওৱাৰীয়ে ৷ সভাপতিগৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতি ছয় মাহৰ মূৰত বিটিআৰ চুক্তিখন ৰূপায়ণৰ সন্দৰ্ভত যৌথ পৰ্যবেক্ষণ বৈঠক হ’ব লাগে ৷ কিন্তু এইক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব নিদিলে ৷ যদিহে বিটিআৰ চুক্তিখন পূৰ্ণাংগভাৱে ৰূপায়ণ নহয়, তেন্তে আজি শ্বহীদ দিৱসৰ দিনা এই স্থানৰ পৰাই সাময়িকভাৱে স্থগিত ৰখা বড়োলেণ্ড আন্দোলন পুনৰাই আৰম্ভ কৰিম ৷ সেয়েহে অসম আৰু ভাৰত চৰকাৰক বিটিআৰ চুক্তি ৰূপায়ণ কৰাৰ বাবে আজি এই মঞ্চৰ পৰা আহ্বান জনোৱা বুলি ছাত্ৰ নেতাগৰাকীয়ে কয় ৷

39th bodoland martyrs day
স্মৃতিগ্ৰন্থ উন্মোচন (ETV Bharat Assam)

সমান্তৰালকৈ আজিৰ দিনটোতে বিটিচি পৰিষদৰ উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কোকৰাঝাৰ আঞ্চলিক এবছুৰ সহযোগত এখন মুকলি সভাও অনুষ্ঠিত হয় ৷ মুকলি সভাখনত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ কাৰ্যসূচীত স্থানীয় বিধায়ক ৰূপম চন্দ্ৰ ৰায়, বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীসহ বিটিচিৰ প্ৰায় কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ, বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, আবৗফ আৰু এবছুৰ নেতা-কৰ্মী, সদস্য তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: শিশু শ্ৰমিক বিৰোধী দিৱসৰ প্ৰহসন ; গুৱাহাটীত উদ্ধাৰ ৮ শিশু শ্ৰমিক