ETV Bharat / state

ডঃ ভূপেন হাজৰিকা-জুবিন গাৰ্গক সুঁৱৰি বিহু উদযাপন গেৰুৱাবাসীৰ

গেৰুৱাৰ এই বিহু সন্মিলনে কেৱল কৃষ্টি-সংস্কৃতিৰ চৰ্চাই নহয়, বৰঞ্চ সমাজৰ জ্যেষ্ঠ-কনিষ্ঠ প্ৰজন্মৰ মাজত এক সুন্দৰ সেতু গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

RONGALI BIHU IN MORIGAON
ঢোল, পেঁপা আৰু গগনাৰ মাতত মুখৰিত হৈ পৰিছে সমগ্ৰ গেৰুৱা অঞ্চল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 7:24 PM IST

2 Min Read
Choose ETV Bharat

​মৰিগাঁও: মৰিগাঁও জিলাত ৰঙালী বিহুৰ উছাহ । জিলাখনৰ ঐতিহ্যমণ্ডিত পূব গেৰুৱা জ্ঞানোদয় পুথিভঁৰালৰ উদ্যোগত এইবেলি উলহ-মালহেৰে অনুষ্ঠিত হৈছে ৩৪ সংখ্যক ৰঙালী বিহু সন্মিলন । ঢোল, পেঁপা আৰু গগনাৰ মাতত মুখৰিত হৈ পৰিছে সমগ্ৰ গেৰুৱা অঞ্চল ।

মুকলি বিহু আৰু সাংস্কৃতিক সমাৰোহ ​সন্মিলনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে নিশা পুথিভঁৰালৰ বাকৰিত এক বিশাল মুকলি বিহু প্ৰতিযোগিতা তথা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । এই বৰ্ণিল অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ অংকুৰ দেউৰীয়ে । মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰকুৰিৰো অধিক বিহু-হুঁচৰি দল আৰু বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনে ।

ডঃ ভূপেন হাজৰিকা-জুবিন গাৰ্গক সুঁৱৰি বিহু উদযাপন গেৰুৱাবাসীৰ (ETV Bharat Assam)

​জ্ঞানোদয় পুথিভঁৰালৰ সভাপতি বাবুল বৰাই সুন্দৰকৈ আঁতধৰা এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল বিশিষ্ট লোকশিল্পী হীৰকজ্যোতি শৰ্মা আৰু বিহুৰাণী জয়াৰাণী ডেকা । শিল্পীদ্বয়ৰ পৰিৱেশনে উপস্থিত সহস্ৰাধিক দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে ।

​গুণীজনক সন্মান আৰু মেধাৱীক সম্বৰ্ধনা

​কেৱল নাচ-গানতেই সীমাবদ্ধ নাথাকি, সন্মিলনখনিয়ে এক সামাজিক বাৰ্তাও প্ৰেৰণ কৰে । অনুষ্ঠানৰ মাজতেই অঞ্চলটোৰ কেইবাগৰাকীও সমাজহিতৈষী জ্যেষ্ঠ ব্যক্তিক তেওঁলোকৰ অৱদানৰ বাবে ৰাজহুৱাকৈ সন্মান জনোৱা হয় । ইয়াৰ লগতে শেহতীয়াকৈ ঘোষণা কৰা উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাই ভৱিষ্যতৰ উন্নতি কামনা কৰি সম্বৰ্ধনা প্ৰদান কৰে বিহু কমিটীৰ বিষয়ববীয়াই ।

RONGALI BIHU IN MORIGAON
মৰিগাঁও জিলাত ৰঙালী বিহুৰ উছাহ (ETV Bharat Assam)

​শ্ৰদ্ধাঞ্জলি আৰু গছপুলি ৰোপণ

​অনুষ্ঠানৰ আন এক গুৰুত্বপূৰ্ণ দিশ আছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই বিহুতলীত অসমীয়া সংগীত জগতৰ দুই মহীৰূহ ক্ৰমে - ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৷ মৰিগাঁও জিলা আছুৰ সভাপতি দিব্যজ্যোতি চৌধুৰী আৰু গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক জিতু বৰাই বৰেণ্য শিল্পী দুগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ।

​বিশেষভাৱে উল্লেখযোগ্য যে, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত পুথিভঁৰালৰ চৌহদত দুগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা দুডাল নাহৰৰ পুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ এক ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰা হয় । গেৰুৱাৰ এই বিহু সন্মিলনে কেৱল কৃষ্টি-সংস্কৃতিৰ চৰ্চাই নহয়, বৰঞ্চ সমাজৰ জ্যেষ্ঠ-কনিষ্ঠ প্ৰজন্মৰ মাজত এক সুন্দৰ সেতু গঢ়ি তুলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: চিলা উৰুওৱা উৎসৱত ৰং-বিৰঙী চিলাৰে ভৰিছে নীলা আকাশ