অভিশপ্ত ৩০ অক্টোবৰৰ ১৭ বছৰ : অসমৰ ইতিহাসৰ এটা ক'লা দিন
কাহানিও পাহৰিব নোৱৰা ২০০৮চনৰ সেই ৩০অক্টোবৰৰ দিনটো ৷ বহু নিৰীহই প্ৰাণ হেৰুওৱাৰ লগতে বহুতে হেৰুৱালে আপোনজনক ৷ আজি সেই ক'লা দিনটোৰ ১৭বছৰ সম্পূৰ্ণ ৷

Published : October 30, 2025 at 10:34 AM IST
গুৱাহাটী : ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা । সেই দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । এই দিনটোতে একালৰ বড়াে উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল ।
সেই দিনটো আছিল অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় । গুৱাহাটীৰ লগতে পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । সেই বিস্ফোৰণে কঁপাই তুলিছিল গুৱাহাটী মহানগৰীৰ গণেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও ।

চৰকাৰী তথ্য মতে, এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক । আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৭ টাকৈ বছৰ । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব, বহুজনে হেৰুৱাইছিল আত্মীয়ক ।
এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী । এই ঘটনাৰ বাবে এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল ।
শেহতীয়াকৈ ৩০অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী উগ্ৰপন্থী সংগঠন এন ডি এফ বিৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে, প্ৰতিবছৰে ৩০ অক্টোবৰৰ দিনটোত বিস্ফোৰণত নিহত হোৱা নিৰীহ লোকসকলৰ স্মৃতি সুঁৱৰি অসমৰ শান্তিকামী জনসাধাৰণে বন্তি প্ৰজ্বলন কৰি তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাই আহিছে ।

- ২০০৮ চনত আজিৰ দিনটোত ক’ত ক’ত হৈছিল বোমা বিস্ফোৰণ :
২০০৮ চনৰ দীপাৱলীৰ আনন্দৰ সময়তে সেই দিনটো অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন হিচাপে চিহ্নিত হৈছিল । গুৱাহাটী মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰী, বৰপেটাৰোড, কোকৰাঝাৰত একেলগে ১৮ টাকৈ বিস্ফোৰণত ৮১ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হৈ দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বহুজনে ।

সেইদিনা দুপৰীয়া ৰাজ্যত নামি আহিছিল কাল অমানিশা । ধাৰাবাহিক বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম । ক'লা ধোঁৱাই আৱৰি ধৰিছিল চাৰিওফালে ৷ চাৰিওদিশে কেৱল হুৱাদুৱা । বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব । এই ভয়াৱহ বিস্ফোৰণৰ ঘটনাই আজি সোতৰ বছৰ সম্পূৰ্ণ কৰিলে ।
- বিস্ফোৰণৰ আঁৰত আছিল এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰী :
৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ এটা ক'লা দিন । এই দিনটোতে একালৰ উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাই প্ৰায় ৮১ জন লােক প্রাণ কাঢ়ি নিছিল । আহত হৈছিল চাৰি শতাধিক লোক ।

বৰ্বৰ বিস্ফোৰণত চিৰদিনলৈ পাংগুত্বক আঁকোৱালি লৈছিল শতাধিক লােকে । সেই ক'লা দিনটোৰ কথা মনত পৰিলে আজিও ভুক্তভােগী লােকসকল শিহৰিত হৈ উঠে । আজি ৩০ অক্টোবৰৰ বােমা বিস্ফোৰণৰ ঘটনাই ১৭ বছৰত ভৰি দিলে ।
উক্ত হত্যালীলাৰ মূল পৰিকল্পনাকাৰী এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীসহ ১৪ জন উগ্রপন্থী যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত । কিন্তু এনে কুখ্যাত হত্যাযজ্ঞৰ পাছতাে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত ৰঞ্জন দৈমাৰীক বিশেষ কাৰাগাৰতে ৰাজআতিথ্য দি ৰাখিছে ৰাজ্য চৰকাৰে ।

বিস্ফোৰণত চিৰজীৱনৰ বাবে পংগুত্বক আঁকোৱালি লােৱা বহুজনে প্রতিমুহূর্ততে আর্তনাদ কৰাৰ বিপৰীতে ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুক্তিৰ বাবেহে এতিয়া প্ৰক্ৰিয়া সম্পূর্ণ কৰি তােলা হৈছে । মূলসুঁতিলৈ ঘূৰি অহা বড়াে বিদ্রোহী সংগঠনসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ৰঞ্জন দৈমাৰীৰাে মুক্তিৰ দাবী তীব্ৰতৰ কৰি তুলিছে ।
এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ঘটনাৰ ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল । ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চি বি আয়ে ।
চাৰ্জশ্বীটত ২২ জনৰ নাম আছিল যদিও ৭ জন পলাতক আছিল । আদালতত উপস্থিত থকা ১৫ জনৰ ভিতৰত ১৫ জনকে দোষী সাব্যস্ত কৰিছিল আদালতে ।

বিস্ফোৰণত দোষী সাব্যস্ত হোৱাসকল হৈছে ক্ৰমে ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী, প্ৰভাত বড়ো, ৰাজু চৰকাৰ, খৰ্গেশ্বৰ বসুমতাৰী, মৃদুল গয়াৰী, বি থৰাই ওৰফে বৈশাগী, মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, লক’ বসুমতাৰী, ৰাজেন গয়াৰী আৰু নীলিম দৈমাৰী । আনহাতে পৰৱৰ্তী সময়ত কেইজনমানক দোষমুক্ত ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে ।

- মুখ্যমন্ত্রীৰ শ্ৰদ্ধাঞ্জলি :
৩০ অক্টোবৰৰ ভয়াৱহ বোমা বিস্ফোৰণৰ আজি ১৭ বছৰ । সেই অভিশপ্ত দিনটোৰ কথা স্মৰণ কৰি আজি সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্রীয়ে কয়, "২০০৮ চনৰ ৩০ অক্টোবৰ৷ অসমৰ ইতিহাসৰ এটি ক'লা দিন । সন্ত্ৰাসবাদীৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাইছিল সেইদিনা বহু নিৰীহ লোকে । চিৰদিনৰ বাবে ঘুণীয়া হৈছিল বহুতো । উক্ত দিনটোত অকালতে প্ৰাণ হেৰুওৱা প্ৰতিজনকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত হোৱা প্ৰতিগৰাকী তথা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।"

