৩০ হাজাৰোধিক শিক্ষক নোহোৱাকৈ চলি আছে অসমৰ বিদ্যালয়সমূহ: বিধানসভাত শিক্ষামন্ত্ৰী
বিদ্যালয় শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে বৰ্তমান ৰাজ্যত মুঠ ৩০,০৩২টা অনুমোদিত শিক্ষক পদ খালী হৈ আছে ।

By PTI
Published : July 9, 2026 at 6:14 PM IST
গুৱাহাটী : অসমৰ বিদ্যালয়সমূহৰ সামগ্ৰিক অৱস্থা কেনেকুৱা ? বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক আছেনে ? পৰ্যায় হিচাপে বিদ্যালয়সমূহত কিমান পদ খালী আছে ? ছাত্ৰ-শিক্ষকৰ বাধ্যতামূলক অনুপাত অনুসৰি শিক্ষক আছেনে ? চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনত বৃহস্পতিবাৰে শিক্ষা বিভাগে দাখিল কৰা তথ্যত এই প্ৰশ্নসমূহৰ এক উদ্বেগজনক উত্তৰ লাভ কৰা হৈছে । এক প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীয়ে দাখিল কৰা তথ্যত অসমৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ এক পুতৌজনক ছবি প্ৰতিফলিত হোৱা দেখা গৈছে ।
বিধানসভাৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি, সমগ্ৰ অসমৰ বিদ্যালয়সমূহৰ ১.৫৪ লাখৰো অধিক স্থায়ী শিক্ষক পদৰ প্ৰায় ২০ শতাংশ খালী হৈ আছে । বৃহস্পতিবাৰে ৰাজ্যৰ বিধানসভাত শিক্ষা মন্ত্ৰীয়ে এই কথা অৱগত কৰায় ।

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত বিদ্যালয় শিক্ষা মন্ত্ৰী ডাঃ ৰাণোজ পেগুৱে কয় যে বৰ্তমান ৰাজ্যত মুঠ ৩০,০৩২টা অনুমোদিত শিক্ষক পদ খালী হৈ আছে । ইয়াৰে ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ ১৮,৮০১টা খালী পদো আছে ।
ৰণোজ পেগুৱে কয় যে এই খালী পদসমূহৰ ভিতৰত ১১,৬৬২টা নিম্ন প্ৰাথমিক আৰু ৭,১৩৯টা উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ আছে ।

আনহাতে, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত সমগ্ৰ ৰাজ্যতে মুঠ ১১,২৩১টা অনুমোদিত শিক্ষক পদ খালী হৈ থকা বুলিও তেওঁ লগতে কয় ।
উল্লেখ্য যে অসমত সকলো স্তৰৰ বিদ্যালয়ত মুঠ ১,৫৪,০৭৮টা অনুমোদিত শিক্ষক পদ আছে বুলি শিক্ষা মন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আনহাতে, এই খালী পদসমূহ পূৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে আৰু সেই অনুসৰি বিদ্যালয়সমূহৰ পৰা খালী পদৰ তালিকা প্ৰস্তুত কৰা হৈছে । আগন্তুক সময়ছোৱাত এই খালী পদসমূহ পূৰণ কৰা হ’ব বুলিও তেওঁ লগতে কয় ।

ইফালে কংগ্ৰেছ বিধায়ক আছিফ মহম্মদ নাজাৰৰ এক সুকীয়া প্ৰশ্নত ৰণোজ পেগুৱে কয় যে অসমত ৩৯,৫৩১ খন প্ৰাথমিক বিদ্যালয়কে ধৰি মুঠ ৪৪,১০৩ খন চৰকাৰী বিদ্যালয় আছে ।
তেওঁ লগতে কয় যে ইয়াৰে ৭,৯৪৮ খন বিদ্যালয়ত ছাত্ৰ-শিক্ষকৰ বাধ্যতামূলক ৩০:১ অনুপাত (পিটিআৰ) পালন কৰা হোৱা নাই ।
এজনীয়া শিক্ষকৰ দ্বাৰা বিদ্যালয় পৰিচালনা কৰাৰ বিষয়টো উত্থাপন কৰি প্ৰশ্নকালীন ঘণ্টাত এআইইউডিএফৰ বিধায়ক বদৰুদ্দিন আজমলে সকীয়াই দিয়ে যে ইয়াৰ ফলত বিগত কিছু বছৰত চৰকাৰী বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যা কম হৈছে ।
ইয়াৰ উত্তৰত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "এজনীয়া শিক্ষকৰ বিদ্যালয় আমাৰ বাবে এক ডাঙৰ সমস্যা । আমি চেষ্টা কৰিছোঁ যাতে কোনো বিদ্যালয় এজন শিক্ষকৰ দ্বাৰা পৰিচালিত নহয় । সমগ্ৰ ভাৰতৰ পৰিস্থিতিত অসমৰ পিটিআৰ ভাল ।"
আনহাতে, শিক্ষক নিয়োগ প্ৰক্ৰিয়াক আৰু অধিক শক্তিশালী কৰিবলৈ চৰকাৰে তিনিটা দিশৰ কৌশল গ্ৰহণ কৰা বুলি উল্লেখ কৰে । সেয়া হৈছে নিয়মীয়া নিযুক্তি, জিলাৰ ভিতৰত শিক্ষকৰ পৰ্যাপ্ততা নিশ্চিত কৰা আৰু বিদ্যালয়সমূহৰ একত্ৰীকৰণ ।

