১৫ আগষ্টৰ পূৰ্বে চৰকাৰে সিদ্ধান্ত নল'লে ২,৯০০ শিক্ষকে ল'ব চৰম সিদ্ধান্ত
লখিমপুৰত দৰমহা বঞ্চিত শিক্ষক সন্থাৰ সংবাদমেল ৷ ৩০ বছৰৰ কামৰ মূল্য দিয়ক নাইবা সন্মানজনভাৱে বিদায় দিয়ক ৷

Published : July 13, 2026 at 3:07 PM IST
|Updated : July 13, 2026 at 3:27 PM IST
লখিমপুৰ: ৩০ বছৰে বিনা বেতনে শিক্ষকতাৰ দৰে পবিত্ৰ কাৰ্যত নিজকে নিয়োজিত কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ ৰাজ্যৰ ২,৯০০ গৰাকী শিক্ষকক চৰকাৰে ৩০ বছৰে বেতনো দিয়া নাই নাইবা তেওঁলোকক বিদায়ো দিয়া নাই । সেয়ে লখিমপুৰ জিলাৰ ৫১৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী উপায়ন্ত হৈ পৰিছে ৷ যাৰ বাবে শিক্ষামন্ত্রী, মুখ্যমন্ত্রীক মিছলীয়া আখ্যাৰে সোমবাৰে লখিমপুৰত সংবাদমেল আয়োজন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে তেওঁলোকে ৷
সদৌ অসম কৰ্মৰত বেতন বঞ্চিত নিম্ন প্ৰাথমিক ও প্ৰাথমিক শিক্ষক সন্থাৰ মুখ্য উপদেষ্টা ৰমেন শইকীয়াই কয়, "১৯৯১ৰ পৰা ২০০১ চনৰ ভিতৰত আমি চৰকাৰীভাৱে নিযুক্তিপ্রাপ্ত শিক্ষক-শিক্ষয়িত্ৰী । আমি কিছুদিন দৰমহা পোৱাৰ পিছত আমাৰ দৰমহা চৰকাৰে বন্ধ কৰি দিয়ে । দীৰ্ঘদিন ধৰি আন্দোলন-প্ৰতিবাদৰ পিছত চৰকাৰে আমাৰ একে কেটেগৰীৰ পূর্বে বেতনভোগী কিছু শিক্ষকক ২০২১ চনৰ ৩০ জানুৱাৰী তাৰিখে পুনৰ নিযুক্তি প্ৰদান কৰিছিল । চৰকাৰী বিষয়াৰ ভুলৰ প্ৰায় ২,৯০০ শিক্ষক সেই নিযুক্তিৰ পৰা বাদ পৰি ৰ'ল ।"
তেওঁ লগতে কয়,"সেই সময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্রীক ২০২১ চনৰ জানুৱাৰী মাহত বিষয়টো অৱগত কৰিছিলো । আমাৰ কথা শুনি তেতিয়াৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ১ মাহ বা ৪৫ দিনৰ ভিতৰত আমাক নিযুক্তি দিম বুলি ঘোষণা কৰিছিল । সেই সময়ৰ পৰা আজি ৬ বছৰ পাৰ হ'ল । কিন্তু তেওঁ কথা দি কথা নাৰাখিলে । আজি ৬ বছৰে আমি মুখ্যমন্ত্রী, শিক্ষামন্ত্রীক বহুবাৰ আবেদন কৰিছিলো, তেওঁলোকে সদায় দিম বুলি প্রতিশ্রুতি দি আহিছে । ২০২৬ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা কেইঘণ্টামানৰ পূৰ্বে বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনৰ পিছতে ২,৯০০ শিক্ষকক তৎক্ষাণিক নিযুক্তি দিব বুলি ঘোষণা কৰিছিল । কিন্তু শিক্ষামন্ত্রীজনে মিথ্যাচাৰৰ আশ্ৰয় ল'লে ৷"
তেওঁ লগতে কয়,"চলিত বিধানসভাৰ অধিবেশনত বিধায়ক জয়প্ৰকাশ দাসৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে আমাৰ এই শিক্ষকসকলক লৈ কোনো পৰিকল্পনা চৰকাৰৰ হাতত নাই বুলি কয় আৰু আমাৰ আবেদনসমূহ নাকচ কৰা হ'ল বুলি ঘোষণা কৰিছে । যাৰ বাবে সেই শিক্ষকসকলে কেনেদৰে দিন পাৰ কৰিব ? বিনা বেতনে ৩০ বছৰ কাৰ্যকাল এইসকল শিক্ষকে পাৰ কৰাৰ পিছত এতিয়া কি কৰিব ?"
তেওঁ লগতে কয়,"আমি ডি কেটেগৰীৰ শিক্ষক নহয় । পূর্বতে কিছুদিন বেতনো ভোগ কৰিছিলো আৰু চৰকাৰী নীতি অনুযায়ী বুনিয়াদী প্রশিক্ষণত উত্তীৰ্ণ হৈছিলো । মাত্ৰ এচাম চৰকাৰী অকৰ্মন্য বিষয়াৰ ভুলৰ বাবে আমি তথা আমাৰ পৰিয়ালসমূহ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছো । সেয়ে শেষবাৰৰ বাবে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্রীলৈ আমাৰ অনুৰোধ, অহা ১৫ আগষ্টৰ পূৰ্বে বিষয়টো আলোচনা কৰি আমাক পদ নিয়মীয়া কৰক নাইবা শ্ৰমৰ মৰ্যাদা দি নীতিগতভাৱে সন্মানজনক বিদায় দিয়ক । অন্যথা মানৱ সমাজত নঘটা, দেশৰ ভিতৰতে কোনেও কোনোদিন নভবা, কল্পনা কৰিব নোৱৰা চৰম পথ সমূহীয়া ভাৱে বাচি ল'বলৈ বাধ্য হম ।"
লগতে পঢ়ক:আমিনগাঁও ক্ৰীড়া প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, বুজ ল’লে নিৰ্মীয়মান কাম-কাজৰ

