ETV Bharat / state

বানত প্ৰভাৱিত উজনিৰ ৩০ খন চাহ বাগিচা;ক্ষয়-ক্ষতিৰ মূল্যায়ন চৰকাৰৰ

উজনি অসমৰ বানৰ ফলত ১১ খন চাহ বাগিচাৰ বিস্তৰ ক্ষতি হৈছে । বিভাগীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিছে ।

Flood hits tea industry
বানত প্ৰভাৱিত উজনিৰ ৩০ খন চাহ বাগিচা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 7, 2026 at 6:19 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : উজনি অসমৰ চাৰিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট বানৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে ।

এইবাৰৰ বানত যথেষ্ট পৰিমাণে চাহ বাগিচা থকা এই জিলাকেইখনৰ চাহ উদ্যোগকো ক্ষতিসাধন কৰিছে । বহু চাহ বাগিচা বানত বুৰ গৈছে । ফলস্বৰূপে চাহ শ্ৰমিকসকলো প্ৰভাৱিত হৈছে ।

এই ৪ খন জিলাৰ ৩০ খন চাহ বাগিচা বানত ক্ষতিগ্ৰস্ত হৈছে । অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা অৱগত কৰিছে । ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে ক্ষতিগ্ৰস্ত চাহ বাগিচাসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লৈছে ।

বানত প্ৰভাৱিত উজনিৰ ৩০ খন চাহ বাগিচা (ETV Bharat)

মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয়, "৩০ খনৰ ভিতৰত ১১ খন চাহ বাগিচাত যথেষ্ট ক্ষতি হৈছে । শ্ৰমিক উন্নয়ন মন্ত্ৰী হিচাপে এই চাহ বাগিচাবোৰত মই ইতিমধ্যে গৈছোঁ । ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিছোঁ । প্ৰতিবেদনো আমি মুখ্যমন্ত্ৰীক অৱগত কৰিম ।"

যোৰহাটৰ চিনামৰাস্থিত কনভেশ্ব'ন চেণ্টাৰত অনুষ্ঠিত বানত ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন জৰীপ সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।

উল্লেখ্য যে শুকুৰবাৰে যোৰহাটত ম'বাইল এপৰ জৰিয়তে উজনিৰ বানৰ ক্ষয়-ক্ষতিৰ দ্ৰুত মূল্যায়ন জৰীপ সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে । লগতে মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, ৰামেশ্বৰ তেলী, সুশান্ত বুঢ়াগোঁহাইও উপস্থিত থাকে । প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি বিভিন্ন চৰকাৰী বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :

আপোন হাত জগন্নাথ ! চৰকাৰলৈ ৰৈ নাথাকি টীয়কত ৰাইজে নিজেই মেৰামতি কৰি ল'লে ৰিংবান্ধ