ময়ূৰ বৰগোঁহাইৰ বিৰুদ্ধে তিনিখনকৈ এজাহাৰ, অখিল গগৈয়ে ক’লে ‘মই মহাত্মা গান্ধীৰ দৰে মানুহ’ !
ৰাইজৰ দলৰ সন্দীপ গগৈ আৰু বিশ্ব দাসে দুখন এজাহাৰ দাখিল কৰিছে । আন এখন এজাহাৰ দাখিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই ।

By PTI
Published : August 23, 2026 at 8:18 PM IST
ডিব্ৰুগড়: ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক শাৰীৰিকভাৱে আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগত বিজেপি বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে তিনিখনকৈ এজাহাৰ দাখিল কৰা হৈছে । অখিল গগৈ আৰু তেওঁৰ দলৰ সৈতে জড়িত লোকে শিৱসাগৰ সদৰ থানাত এই অভিযোগ দাখিল কৰিছে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, ‘‘ৰাইজৰ দলৰ সৈতে জড়িত সন্দীপ গগৈ আৰু বিশ্ব দাসে দুখন পৃথক এজাহাৰ দাখিল কৰে । আন এখন এজাহাৰ দাখিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়াই ।’’
বৰগোহাঁইয়ে শেহতীয়াকৈ শিৱসাগৰত অনুষ্ঠিত এক অনুষ্ঠানত গগৈৰ বিৰুদ্ধে ‘হিংসাত্মক আৰু উচটনিমূলক’ মন্তব্য কৰি অহিংসাত বিশ্বাস নকৰে বুলি দাবী কৰি ৰাইজৰ দলৰ নেতাগৰাকীক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে অভিযোগকাৰীসকলে । তেওঁলোকে দাবী কৰা মতে, এই মন্তব্যৰ পাছত গগৈক শাৰীৰিক আক্ৰমণৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰা হৈছে ।
বিষয়াগৰাকীয়ে কয় যে আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে । প্ৰাথমিক তদন্তৰ পিছত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । অৱশ্যে এই সন্দৰ্ভত বিধায়ক ময়ূৰ বৰগোহাঁইয়ে কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । অখিল গগৈয়ে অভিযোগ উত্থাপন কৰি আহিছে যে বৰগোহাঁই অবৈধ কয়লা আৰু শিল খননৰ লগত জড়িত হৈ আছে ৷ তেওঁ দাবী কৰিছে যে শেহতীয়াকৈ উজনি অসমত সংঘটিত হোৱা ভয়াৱহ বানপানীৰ আঁৰৰ অন্যতম মূল কাৰণ এই খনন ।
সোণাৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল জনসভা
ইফালে দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল জনসভা । বান সাহায্যৰ পৰা বঞ্চিত হোৱা চৰাইদেউ জিলাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত এই জনসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ দলৰ নেত্ৰী ড৹ জ্ঞানশ্ৰী বৰাই অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । প্ৰতিবাদ কৰি হ'লেও বান সাহায্য বঞ্চিত ৰাইজক সাহায্য দিবলৈ চৰকাৰক বাধ্য কৰিব বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰে ।
ৰাইজক লগত লৈ মুখ্যমন্ত্ৰী কাষ চাপিব অখিল গগৈ
বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰীয়ে ১০ লাখকৈ আৰ্থিক সাহায্য প্ৰদান নকৰিলে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট এই তিনিখন জিলাৰ জনসাধাৰণক লগত লৈ মুখ্যমন্ত্ৰীৰ কাষ চাপিব বুলিও মত পোষণ কৰে বিধায়ক অখিল গগৈয়ে ৷
সাংবাদিকৰ বিধায়ক গগৈয়ে আগত কয়, ‘‘এই মহাপ্ৰলয়ৰ বাবে মানুহৰ অৱস্থা অতি বেয়া হৈছে । বানত সকলো হেৰুওৱা ৰাইজলৈ চৰকাৰে তাৎক্ষণিক সহায়ৰ বাবে যি ১৫ হাজাৰ ধন দিয়াৰ কথা ঘোষণা কৰিছিল, সেই ধন এমাহ পাৰ হোৱাৰ পাছতো ৰাইজে লাভ কৰা নাই ।"
তেওঁ লগতে কয়,"চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত এই বান সাহায্য লাভ নকৰা ৰাইজক লগত লৈ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰা হ'ব বুলি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰে যিদৰে ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে সেইটো মানি লোৱা নহ'ব ৷ আমি চৰকাৰক ১০ লাখ টকা দিবলৈ আহ্বান জনাইছো ।’’
ময়ূৰ বৰগোহাঁইক কটাক্ষ
অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপি দলে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইয়ে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল । ইয়াৰ পাছতে অখিল গগৈয়ে কয়, ‘‘ময়ূৰ বৰগোহাঁই নতুন বিধায়ক, তাৰ গাটো গৰম হৈ আছে । কয়লা আৰু শিল চিণ্ডিকেট কৰা মানুহ এটাই যেতিয়া নিজক সুভাষ বসু বুলি কয় তেতিয়াহ'লে সুভাষ বসু কোন তেওঁ নাজানে । বয়সটো সৰু, তেখেতে সংবিধান পঢ়িলে কেতিয়াও অসাংবিধানিক কথা নকয় ।’’
মহাত্মা গান্ধীৰ সৈতে নিজকে তুলনা অখিলৰ
‘‘ৰাইজৰ বাবে কাম কৰা মোৰ দৰে মানুহক মাৰিলে ময়ূৰ বৰগোহাঁই সুভাষ বসু নহয়, নাথুৰাম গডছেহে হ'ব । মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিধায়ক ময়ূৰ বৰগোহাঁই আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শিল-কয়লাৰ চিণ্ডিকেট কৰে বুলি কৈ থকা কাৰণে বেয়া পাইছে । কথাবোৰ সকলো জানে, মাত্ৰ ক'ব নোৱাৰে ৷ কিন্তু মই কৈ দিছোঁ । মই মহাত্মা গান্ধীৰ দৰে মানুহ, মোক ভয় খুৱাই লাভ নাই ।’’ অখিল গগৈয়ে কয় ৷
জিলা আয়ুক্তক ধমকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
শিৱসাগৰত জিলা আয়ুক্তক বিধায়ক অখিল গগৈয়ে ককৰ্থনা কৰা বিষয়ে বিভিন্নজনে সমালোচনা কৰাক লৈ তেওঁ কয়, ‘‘শিৱসাগৰৰ DC এ বানপানী আহিব বুলি দুই বজাতে গম পাই অভিভাৱক মন্ত্ৰী বিমল বড়াক জনাইছিল ৷ কিন্তু সেই কথা ৰাইজক অৱগত কৰা হ'লে ৰাইজে ঘৰৰ পৰা আঁতৰি দিলে হয় ৷ তেতিয়া ১০৫ জন মানুহ নমৰিল হয় । শিৱসাগৰৰ DC কেৱল মন্ত্ৰীৰ পাছে পাছে ঘূৰি ফুৰে বেলেগ একো কাম নকৰে ।’’
‘‘চৰকাৰে তাৎক্ষণিক সাহায্য দিবলৈ দিছে কিন্তু আজি ৩৫ দিনেও পোৱা নাই । জিলা আযু়ুক্তক খং আৰু অভদ্ৰামী কৰা নাই, কিন্তু ৰাইজৰ স্বাৰ্থত টানকৈ কৈছিলোঁ । জিলা আয়ুক্তক মই এনেদৰে ক’মেই । ভাৰতীয় সংবিধান অনুসৰি জিলা আয়ুক্ততকৈ জন প্ৰতিনিধি অলপ ওপৰত ৷ DC এ আহি আমাক ছাৰ বুলি ক'ব লাগে ৷ DC ক আমি ছাৰ বুলি ক'ব নালাগে । জিলা আয়ুক্তক মই এনেদৰে আগতেও কৈছিলো ভৱিষ্যতেও ক’ম । পৃথিৱী লুটি খাই গ'লেও কেয়াৰ কৰা মানুহ নহয় ।’’
লগতে পঢ়ক: মেঘালয়লৈ যাতায়াত সম্পূৰ্ণৰূপে স্বাভাৱিক হ’বলৈ দুদিনমান সময় লাগিব: অতুল বৰা

