নিজৰ দাবীত অটল ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী: বিকল্প কৰ্মচাৰীৰে জৰুৰীকালীন সেৱা অব্যাহত ৰখাৰ চেষ্টা
দ্বিতীয়দিনাও অব্যাহত ১০৮ চালক-কৰ্মচাৰীৰ আন্দোলন । শীঘ্ৰে কৰ্তব্যত যোগদান অন্যথা নতুন নিযুক্তিৰ ঘোষণা ই এম আৰ আইৰ ।

Published : December 2, 2025 at 8:26 PM IST
গুৱাহাটী : গুৱাহাটী মহানগৰী চচলস্থিত ধৰ্ণাস্থলীত বিভিন্ন ন্যায্য দাবীৰে দ্বিতীয়দিনাও আন্দোলন অব্যাহত ৰাখিছে ১০৮ এম্বুলেন্স সেৱাৰ একাংশ চালক তথা কৰ্মচাৰীয়ে । শেহতীয়াকৈ জি ভি কে ই এম আৰ আয়ে তৎকালে প্ৰতিবাদত বহা কৰ্মচাৰীসকলক কৰ্মত যোগদানৰ বাবে নিৰ্দেশ জাৰি কৰিছিল আৰু অতি সোনকালে কৰ্তব্যত যোগদান নকৰিলে তেওঁলোকৰ স্থানত আনক নিযুক্তি দিব বুলি স্পষ্ট কৰি দিছিল । এনে নিৰ্দেশৰ পিছতো আন্দোলন অব্যাহত ৰাখিছে ১০৮ সেৱাৰ কৰ্মচাৰীসকলে ।
উল্লেখ্য যে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা জৰুৰীকালীন ১০৮ৰ চালক আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীসকল নিজ কৰ্মৰ পৰা আঁতৰি থকাক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । বিশেষকৈ চিকিৎসা সেৱাৰ পৰা আঁতৰি থকা স্বাস্থ্য বিষয়াসকলক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মানৱতাৰ খাতিৰত স্বাস্থ্য বিষয়াসকলক এনে আন্দোলনৰ পৰা আঁতৰি থাকিব দিছিল ।
আনহাতে, স্বাস্থ্য বিষয়া-কৰ্মীসকলে যদি কাম কৰিবলৈ ইচ্ছা নকৰে, তেন্তে সেই স্থান আনক এৰি দিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে । এন এইচ এম স্বাস্থ্য বিষয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এনে কঠোৰতা প্ৰদৰ্শনৰ পিছতেই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আন্দোলনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হয় ।
উল্লেখ্য যে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ উদ্যোগত চাকৰি নিয়মীয়াকৰণ, মানসম্পন্ন মজুৰিৰ ব্যৱস্থা কৰা, ১২ ঘণ্টা কৰ্মৰ সময়সূচীৰ পৰিপূৰক অতিৰিক্ত মজুৰি দিয়া, বছৰি বোনাছৰ ব্যৱস্থা আদি দাবীৰে যোৱা ১ ডিচেম্বৰৰ পৰা ১০৮ ৰ চালক আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীসকলে সম্পূৰ্ণৰূপে ১০৮ সেৱা বন্ধ ৰাখি আন্দোলন অব্যাহত ৰাখিছে । যাৰ ফলত চিকিৎসা সেৱাৰ ক্ষেত্ৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইফালে এই আন্দোলনক অবৈধ ঘোষণা কৰি জি ভি কে ই এম আৰ আয়ে তেওঁলোকৰ স্থানত অন্যক নিযুক্তি দিব বুলি শেহতীয়াকৈ কৰা ঘোষণাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দ্বিতীয়দিনাও চচলৰ ধৰ্ণাস্থলীত ৫ শতাধিক ১০৮ সেৱাৰ কৰ্মচাৰীয়ে হাতে হাতে নিজ দাবীসম্বলিত বেনাৰ-পোষ্টাৰ লৈ মুখত চৰকাৰবিৰোধী শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, "১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই আমাৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া কিছু সমস্যা সমাধানৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও হাতত লোৱা হৈছে । সেই কাৰ্যসূচীবোৰ বিভিন্ন সময়ত আশ্বাসৰ ভিত্তিত স্থগিত কৰা হৈছিল যদিও আজি পৰ্যন্ত সেই বিষয়সমূহ লৈ একো ফলাফল পোৱা নগ'ল । লগতে আন কোনো পক্ষৰ পৰা কোনো সন্তোষজনক সঁহাৰি পোৱা নহ'ল ।"

লগতে কয়, "বছৰ বছৰ ধৰি মুখ্যমন্ত্ৰীক লিখিত আৰু মৌখিকভাৱে আমাৰ দাবীবোৰ অৱগত কৰিও কোনো ফলাফল অথবা কাৰ্যকৰী পদক্ষেপ এইক্ষেত্ৰত গৃহীত হোৱা দেখা নগ'ল, কেৱল কিছু মৌখিক আশ্বাসৰ বাহিৰে একো নাপালোঁ । যোৱা ৪ আগষ্টত ১০৮ চালক আৰু কৰ্মচাৰীৰ সৈতে জি ভি কে ই এম আৰ আইৰ অনুষ্ঠিত বৈঠকত পাৰস্পৰিক সহমতত উভয় পক্ষই উপনীত হৈছিল যদিও কোনো সমাধান নাপালোঁ ।"
উল্লেখ্য যে চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য প্রাপ্য বিচাৰি সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে ধৰ্মঘট তথা কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই । প্ৰাপ্য আদায়ৰ প্ৰতিশ্ৰুতি নোপোৱা পৰ্যন্ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চালকসকলে । আনহাতে, চালকসকলৰ লগতে ইমাৰ্জেন্সী ৰেছপনছ ছাৰ্ভিচ আৰু ইমাৰ্জেন্সী মেডিকেল টেকনিচিয়ানৰ প্ৰায় ৩ হাজাৰ কৰ্মচাৰীয়েও কর্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে । চালক আৰু কৰ্মচাৰীসকলৰ এনে কঠোৰ সিদ্ধান্তৰ বিপৰীতে এই সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্ৰীণ হেল্থ ছাৰ্ভিচেছে বন্ধ হ'বলৈ দিয়া নাই ১০৮ মৃত্যুঞ্জয় সেৱা ।
এই সন্দৰ্ভত ই এম আৰ আই গ্ৰীণ হেল্থ ছাৰ্ভিচেছৰ এইচ আৰ হেড সিদ্ধাৰ্থ লস্কৰে কয়, "বিষয়টো মীমাংসা কৰাৰ বাবে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো ই এম টি আৰু পাইলটসকলৰ এটা অংশ নিৰ্ধাৰিত সভাত উপস্থিত নাছিল আৰু ইয়াৰ পৰিৱৰ্তে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল । হঠাতে অত্যাৱশ্যকীয় জৰুৰীকালীন এম্বুলেন্স সেৱা বন্ধ কৰি তেওঁলোকে ৰাজহুৱা জীৱন বিপদাপন্ন কৰিছিল । আন্দোলনকাৰী কৰ্মচাৰীসকলে উত্থাপন কৰা দাবীসমূহ প্রাথমিকভাৱে চৰকাৰী নীতিৰ সৈতে সম্পর্কিত আৰু ই এম আৰ আইৰ পৰিসীমা আৰু কৰ্তৃত্বৰ বাহিৰত । ই এম আৰ আই কোনো অতিৰিক্ত সুবিধাৰ বিৰোধী নহয় । আনকি চৰকাৰে সময়ে সময়ে নিৰ্ধাৰিত ন্যূনতম মজুৰিৰ ওপৰত অতিৰিক্ত দৰমহাও প্ৰদান কৰিব পাৰে । এই আকস্মিক ধৰ্মঘটৰ ফলত অসমৰ জনসাধাৰণ ক্ষতিগ্রস্ত হৈছে ।"

তেওঁ লগতে কয়, "অসম চৰকাৰ আৰু ৰাজ্যখনৰ নাগৰিকসকলে সদায় ই এম আৰ আই দল আৰু ইয়াৰ ব্যৱস্থাপনাৰ ওপৰত অপৰিসীম বিশ্বাস দেখুৱাইছে আৰু ই এম আৰ আয়ে এই বিশ্বাস বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । ই এম আৰ আয়ে যিকোনো পৰিস্থিতিত ৰাজহুৱা স্বাস্থ্যসেৱা ব্যাহত হোৱাৰ অনুমতি দিব নোৱাৰে। অসমৰ জনসাধাৰণৰ বাবে নিৰবিচ্ছিন্ন সেৱা নিশ্চিত কৰিবলৈ ই এম আৰ আয়ে বন্ধৰ প্ৰথম দিনৰ পৰাই লগে লগে বিকল্প ব্যৱস্থা আৰম্ভ কৰিছিল ।"
তেওঁ আৰু কয়, "জৰুৰীকালীন সঁহাৰি কেন্দ্ৰটো পৰিচালনা কৰিবলৈ সকলো সমর্থনকাৰী আৰু নিৰীক্ষণকাৰী কৰ্মচাৰী নিয়োগ কৰা হৈছিল, যাতে এক মিনিটৰো অধিক কল চেণ্টাৰৰ কাম-কাজত প্ৰভাৱ নপৰে। জনসাধাৰণৰ পৰা পোৱা প্ৰতিটো জৰুৰীকালীন ফোন কলত কোনো বাধা নোহোৱাকৈ সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে । চৰকাৰ আৰু জিলা প্ৰশাসনৰ শক্তিশালী সমৰ্থনত ই এম আৰ আয়ে বন্ধৰ প্ৰথম দিনটোত সমগ্ৰ অসমত ৭০ খন এম্বুলেন্স সফলতাৰে পৰিচালনা কৰিছিল । অৱশ্যে পৰিস্থিতিটো প্ৰথম অৱস্থাত প্রত্যাহ্বানজনক আছিল, কিয়নো বহুতো চালকে বাৰে বাৰে নিৰ্দেশ দিয়া সত্ত্বেও এম্বুলেন্সৰ ছাবি আৰু চৰকাৰী মোবাইল ফোন লৈ গৈছিল । জিলা প্ৰশাসন আৰু আৰক্ষীৰ হস্তক্ষেপেৰে দিনটোৰ শেষৰ ফালে ছাবি উদ্ধাৰ কৰা হৈছিল আৰু অধিক এম্বুলেন্স পুনৰুদ্ধাৰ কৰিবলৈ একেলগে ডুপ্লিকেট ছাবিৰো ব্যৱস্থা কৰা হৈছিল । ব্যাঘাত আৰু অসুবিধা সত্ত্বেও ই এম আৰ আয়ে প্রথম দিনটোত অসমৰ জনসাধাৰণলৈ নিবিচ্ছিন্ন জৰুৰীকালীন সেৱা প্রদান নিশ্চিত কৰিছিল ।"
উল্লেখ্য যে শেহতীয়াকৈ ১০৮ চালক-কৰ্মীসকলে চলাই থকা আন্দোলনৰ সময়ত জি ভি কে ই এম আৰ আয়ে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তই স্বাভাৱিকতে সমগ্ৰ বিষয়টো জটিল কৰি তুলিছে । এইক্ষেত্ৰত আন্দোলনকাৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।"

