ETV Bharat / state

উভতি চাওঁ ২০২৫ : তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ দীঘলীয়া প্ৰতিবাদে কঁপালে উত্তৰ অসমৰ উচ্চ শিক্ষা ব্যৱস্থাক । জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

Tezpur central University
২০২৫ বৰ্ষটো তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2025 at 6:39 PM IST

7 Min Read
Choose ETV Bharat

তেজপুৰ : চাওঁতে চাওঁতে ২০২৫ বর্ষই মেলানি মাগিবৰ হ'ল । এই বছৰটোত অসমৰ উল্লেখযোগ্য বহুকেইটা ঘটনা-পৰিঘটনাৰ ভিতৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰীৰ অভিযোগেৰে অসমৰ শিক্ষা খণ্ডত সৰ্বাধিক চৰ্চিত আৰু সংকটগ্ৰস্ত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হয় উত্তৰ অসমৰ গৌৰৱ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ।

ছেপ্টেম্বৰ মাহৰ ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা ছাত্ৰ-শিক্ষক-কৰ্মচাৰীৰ আন্দোলনে বছৰৰ শেষলৈকে বিশ্ববিদ্যালয়খনক গভীৰ প্ৰশাসনিক আৰু শৈক্ষিক অচলাৱস্থাৰ মাজলৈ লৈ যায় । ফলস্বৰূপে বৰ্তমানেও বিশ্ববিদ্যালয়খন প্ৰতিবাদমুখৰ হৈ আছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক অশুভ দিশ হিচাপে পৰিগণিত হৈছে । এই প্ৰতিবাদী কাৰ্যসূচীয়ে ২৯ ডিচেম্বৰত ১০০ দিনত ভৰি দিব ।

উভতি চাওঁ ২০২৫ : তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ (ETV Bharat Assam)

এই বিষয়ে বিশ্ববিদ্যালয়ৰ অনা শৈক্ষিক কৰ্মচাৰী সন্থাৰ সম্পাদক পার্থপ্ৰতিম চৌধুৰীয়ে কয়, "প্ৰতিবাদে ১০০ দিনত ভৰি দিলে । বিভিন্ন সংগঠনৰ পৰা চৰকাৰক আহ্বান জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই । আনহাতে, বছৰৰ শেষ, ছাত্র-ছাত্ৰীৰ নামভৰ্তি, পৰীক্ষা এইবোৰো এতিয়া চিন্তাৰ বিষয় হৈছে । গতিকে চৰকাৰে অতি সোনকালে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

ইফালে ছাত্র সমাজৰ প্ৰতিনিধি হিচাপে নিপু বৰুৱাই কয়, "অহা ২৯ ডিচেম্বৰত প্ৰতিবাদৰ ১০০ দিন হ'ব । এই সময়লৈকে চৰকাৰী পক্ষৰ কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই । অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বিভিন্ন তদন্ত কমিটী পঠালে যদিও ফলাফল পাবলৈ সক্ষম নহ'লোঁ । আমাৰ প্ৰধান দাবী আছিল উপাচাৰ্য শম্ভূনাথ সিঙক আঁতৰাব লাগে । কিন্তু এই মুহূৰ্তত এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰি আছে, কেতিয়াবা ৰাজ্যপালৰ ভৱনৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়লৈ দোষ দিয়ে । আকৌ শিক্ষা মন্ত্ৰণালয়ে ৰাজ্যপাললৈ দোষ দিয়ে ।"

Tezpur central University
২০২৫ বৰ্ষটো তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ ভূমিকা সন্দৰ্ভত তেওঁ কয়, "অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদী সত্তাৰ লগত নাথাকি আলোচনাৰ পক্ষতহে থাকিম বুলি কৈ থাকিল । এনেকুৱা এটা দোধোৰ-মোধোৰ পৰিস্থিতিত আমাক প্ৰতিশ্ৰুতি নালাগে, আমাক এজন নতুন উপাচাৰ্য লাগে । তাৰ বাবে আমি পুনৰবাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ অনুৰোধ জনাইছোঁ । অন্যথা ১০০ দিনৰ পিছত আমাৰ আন্দোলন তীব্ৰতৰ কৰিবলৈ বাধ্য হ'ম । যিসময়ত অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে নতুন বছৰৰ পালন কৰি থাকিব বা মাঘ বিহু উদযাপন কৰি থাকিব সেই সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে গণতান্ত্ৰিকভাৱে তীব্ৰতৰ আন্দোলন চলাই থাকিবলৈ বাধ্য থাকিব ।"

প্ৰতিবাদৰ সূত্ৰপাত

২১ ছেপ্টেম্বৰ, ২০২৫ত তেজপুৰ বিশ্ববিদ্যালয়ৰ এই দীৰ্ঘদিনীয়া প্ৰতিবাদৰ সূত্ৰপাত হয় অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছত কেম্পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজনৰ বিষয়ক লৈ । ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভূনাথ সিঙে শিল্পীগৰাকীক লৈ আপত্তিজনক মন্তব্য কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়াত ছাত্ৰ সমাজে জবাবদিহি দাবী কৰে আৰু পৰিস্থিতি দ্ৰুতভাৱে উত্তপ্ত হৈ উঠে ।

এই ঘটনাৰ পিছতেই সেই নিশাই উপাচাৰ্য শম্ভূনাথ সিং কেম্পাছৰ পৰা অন্তৰ্ধান হয় আৰু আজিলৈকে তেওঁ নিৰুদ্দেশ হৈ আছে বুলি অভিযোগ উঠিছে ।

Tezpur central University
চাৰি মাহে অস্থিৰ হৈ থাকিল তেজপুৰ বিশ্ববিদ্যালয় (ETV Bharat Assam)

দুৰ্নীতিৰ অভিযোগ আৰু পদত্যাগৰ দাবীসমূহ

ইফালে উপাচাৰ্যৰ অন্তৰ্ধানৰ পাছতেই বিশ্ববিদ্যালয়ত একাধিক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হয় ।

২২ ছেপ্টেম্বৰ : উপাচাৰ্য বিশ্ববিদ্যালয়ৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত ধৰ্মঘটৰ আনুষ্ঠানিক আৰম্ভণি হয় । দীৰ্ঘদিনীয়া নিযুক্তি সমস্যা, সেৱা সম্পৰ্কীয় দাবী আৰু প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ অভিযোগেৰে ছাত্ৰ, শিক্ষক, কৰ্মচাৰী আৰু অংশীদাৰ সংস্থাসমূহে ধৰ্মঘট আৰম্ভ কৰে ।

২৪ ছেপ্টেম্বৰ : জনসম্পৰ্কৰক্ষী বিষয়া সমৰেশ বৰ্মনৰ পদত্যাগ আৰু পৰৱৰ্তী সময়ত পঞ্জীয়ক আৰু ভাৰপ্ৰাপ্ত উপাচাৰ্যৰো পদত্যাগ । ইয়াৰ ফলত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰে ।

Tezpur central University
তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ বিদ্ৰোহ (ETV Bharat Assam)

২৫-৩০ ছেপ্টেম্বৰ : আন্দোলন তীব্ৰতৰ । কেম্পাছৰ ভিতৰত ধৰ্ণা কাৰ্যসূচীৰ মাজতে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে । শৈক্ষিক আৰু অনা শৈক্ষিক কাম-কাজ আংশিকভাৱে ব্যাহত হৈ পৰে ।

অক্টোবৰ ২০২৫ : দীঘলীয়া সংকট । অক্টোবৰ মাহত আলোচনাৰ কোনো সুনিৰ্দিষ্ট ফলাফল নোলোৱাৰ বাবে ধৰ্মঘটে দীৰ্ঘম্যাদী ৰূপ লয় । বিশেষকৈ পৰীক্ষা, নামভৰ্তি, কাৰ্যালয়ৰ কাম ব্যাহত হৈ পৰে । এই সময়তে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ দ্বাৰা তিনিজনীয়া কমিটীৰ তদন্ত ঘোষণা কৰা হয় আৰু পৰৱৰ্তী সময়ত তদন্ত সম্পন্ন হয় ।

১৬ অক্টোবৰ : কেন্দ্ৰীয় উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ দল আৰ্মষ্ট্ৰং পামে, সৌম্য গুপ্তা, বিশ্বজিৎ কুমাৰৰ নেতৃত্বত কেন্দ্ৰীয় দলটোৱে দুদিনীয়া তদন্ত কৰি উভতি যায় ।

নৱেম্বৰ ২০২৫ : ছাত্র-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ ঐক্যমঞ্চ গঠন কৰি তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱাৰ অভিযোগেৰে প্ৰতিবাদ অধিক তীব্ৰ হয় ।

২৫ নৱেম্বৰ : ছাত্ৰ-শিক্ষক-কৰ্মচাৰীয়ে তেজপুৰ বিশ্ববিদ্যালয় ঐক্যমঞ্চ গঠন কৰি উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে UGC নীতি উলংঘা কৰি উচ্চ দৰমহাত নিযুক্তি দিয়াৰ অভিযোগ ।

Tezpur central University
২০২৫ আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ (ETV Bharat Assam)

৩০ নৱেম্বৰ : একাডেমিক ভৱন বন্ধ, দুৰ্নীতিৰ অভিযোগ, মূল তোৰণ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । শৈক্ষিক ভৱনসমূহৰ দুৱাৰত গামোচাৰে বান্ধি তলা লগাই দিয়া হয় ।

ডিচেম্বৰ ২০২৫ : বিশ্ববিদ্যালয়ৰ সংকট চূড়ান্ত পৰ্যায়ত । ইতিমধ্যে ৮০ দিনীয়া এই প্ৰতিবাদ আৰু ধৰ্মঘটে বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অন্যতম দীঘলীয়া আন্দোলন হিচাপে স্থান লাভ কৰে । যি অসম আন্দোলনৰ প্ৰেক্ষাপটত বিশ্ববিদ্যালয় স্থাপন হৈছিল, এতিয়া সেই বিশ্ববিদ্যালয়ত প্ৰশাসনিক পৰিৱেশ ঘূৰাই অনাৰ বাবে প্ৰতিবাদ হৈছে বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়ৰ ছাত্র নিপু বৰুৱাই ।

ছাত্র-ছাত্ৰীৰ এই আন্দোলনক অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সমৰ্থন জনাই চৰকাৰক বিষয় সন্দৰ্ভত অৱগত কৰাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

২ ডিচেম্বৰ : তেজপুৰ আদালত চাৰিআলিৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ তেজপুৰ সদৰ আঞ্চলিকৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশাল জোঁৰ সমদল ।

৩ ডিচেম্বৰ : সকলো পৰীক্ষা বাতিল ।

Tezpur central University
২০২৫ বৰ্ষটো তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ (ETV Bharat Assam)

৪ ডিচেম্বৰ : দুজন ভাৰপ্ৰাপ্ত উপাচাৰ্য । বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ বৈঠকত পলাতক উপাচাৰ্যৰ সিদ্ধান্তত জয়া চক্ৰৱৰ্তীক দায়িত্ববাহী উপাচাৰ্য নিযুক্তি ।

ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়াত জেষ্ঠ প্ৰফেছ'ৰ ডঃ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক সেই নিশাই কাৰ্যবাহী উপাচাৰ্য হিচাপে মনোনীত কৰে ।

৬ ডিচেম্বৰ : কেন্দ্ৰীয় দলৰ আগমন । বৈঠকৰ অন্তত সিদ্ধান্ত নিদিয়াৰ বাবে দলটো মাজনিশালৈ আবদ্ধ কৰি ৰাখে ছাত্ৰ-ছাত্ৰীয়ে । এই সময়ৰ ভিতৰত এইটোৱেই বৃহৎ প্ৰতিবাদ । প্ৰায় ৫ হাজাৰ ছাত্র-ছাত্ৰীৰ প্ৰতিবাদৰ মাজেৰে কেন্দ্ৰীয় উচ্চ শিক্ষা সচিব ড° বিনীত যোশীসহ দলটো কেইবা ঘণ্টা মূল তোৰণৰ সন্মুখত আবদ্ধ । লিখিত প্ৰতিশ্ৰুতিৰ পাছত নিশা মুকলি কৰি দিয়া হয় ।

ইয়াৰ পিছত ১৫ ডিচেম্বৰত বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে ৯ ঘণ্টাৰ অনশন কৰে আৰু বিশ্ববিদ্যালয়ৰ আচলাৱস্থাৰ বাবে ১৯ ডিচেম্বৰত গুৱাহাটীত এখন গণ অভিৱৰ্তন আয়োজন কৰে ।

Tezpur central University
২০২৫ বৰ্ষটো তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ (ETV Bharat Assam)

২৪ ডিচেম্বৰ : অনা শৈক্ষিক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট । তেজপুৰ বিশ্ববিদ্যালয় অনা শৈক্ষিক কৰ্মচাৰী সংস্থাই (TUNTEA) উপাচাৰ্যৰ অপসাৰণৰ দাবীত ৬ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

সংস্থাৰ মতে, “তিনিমাহৰো অধিক সময় ধৰি শিক্ষা মন্ত্ৰণালয়ৰ নীৰৱতাই বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱিষ্যতক গভীৰ অনিশ্চয়তাৰ দিশে লৈ গৈছে ।”

উল্লেখ্য যে ২০২৫ চনৰ শেষলৈকে তেজপুৰ বিশ্ববিদ্যালয়ৰ এই সংকটৰ কোনো সমাধান নোহোৱাকৈয়ে ৰৈ যায় । ছাত্ৰ-শিক্ষক-কৰ্মচাৰীৰ ঐক্যবদ্ধ আন্দোলনে গণতান্ত্ৰিক আৰু বিধিসংগত প্ৰশাসনীয় ব্যৱস্থা পুনৰুদ্ধাৰৰ দাবীক কেন্দ্ৰ কৰি নতুন অধ্যায় আৰম্ভ কৰিছে । মুঠতে ২০২৫ চনটো তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে আছিল সংকট, সংগ্ৰাম আৰু প্ৰতিবাদৰ বছৰ ।

লগতে পঢ়ক :ইতিহাস হোৱাৰ পথত ঐতিহ্যমণ্ডিত নেহৰু ষ্টেডিয়াম: ছয় দশকজোৰা এক পৰিক্ৰমা
লগতে পঢ়ক :সন্মুখত বিধানসভা নিৰ্বাচন : বিদায়ী বৰ্ষটোত অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চমক