ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ; অসমৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ইতিবাচক-নেতিবাচক প্ৰভাৱ
মাজত মাথোঁ তিনিমাহ । ২০২৬ চনৰ ২৪ ফেব্রুৱাৰীত ২০০ বছৰ সম্পূৰ্ণ হ'ব ইয়াণ্ডাবু সন্ধিৰ । সন্ধিৰ ২০ বছৰৰ পূৰ্তিৰ প্ৰাকক্ষণত বিশিষ্ট লোকৰ অনুভৱ ।

Published : October 20, 2025 at 4:00 PM IST
লখিমপুৰ : দুই বহিঃশক্তিয়ে সম্পাদন কৰা এখন সন্ধি বা চুক্তি । যি সন্ধিত অংশগ্রহণ নকৰাকৈয়ে অসমে পৰাধীনতাৰ শিকলি পিন্ধিবলগীয়া হৈছিল । ১৮২৬ চনৰ ২৪ ফেব্রুৱাৰীত তেতিয়াৰ ব্ৰহ্মদেশৰ ইয়াণ্ডাবু গাঁৱত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে তাৰ শাসকে কৰা এই সন্ধিৰ ফলত অসম ভাৰতৰ অন্তর্ভুক্ত হ'ল ।
অহা বছৰ অৰ্থাৎ ২০২৬ চনৰ ২৪ ফেব্রুৱাৰীত ২০০ বছৰ সম্পূৰ্ণ হ'ব এই সন্ধি । ২০০ বছৰ পূৰ্তিৰ প্ৰাকক্ষণত কি কয় সচেতন লোকসকলে । তাৰ ওপৰত এক বিশেষ প্ৰতিবেদন ।
ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ভাৰতৰ অধীন হৈছিল অসম
ইয়াণ্ডাবু সন্ধি । যি সন্ধিৰ জৰিয়তে অসম ভাৰতৰ অধীন হৈ পৰিছিল । ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত আজিৰ ম্যানমাৰ আৰু তাহানিৰ ব্ৰহ্মদেশৰ ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু নামৰ গাঁওখনত এই চুক্তি স্বাক্ষৰিত হৈছিল ।
এই সন্ধিত স্বাক্ষৰ কৰিছিল ব্ৰিটিছ বাহিনীৰ হৈ ছাৰ আৰ্চিবল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ ৰাজ্যপালৰ হৈ মহামিন লা কিয় টিনে । মুঠ এঘাৰটা দফা সংযুক্ত ইয়াণ্ডাবু সন্ধিত নাছিল অসমৰ কোনো ভূমিকা । তথাপিও ভূমিকাবিহীনভাৱেই দুই বহিঃশক্তিৰ চুক্তিত অসম ভাৰতৰ অধীন হৈ পৰিল । এই সন্দৰ্ভত এক ঐতিহাসিক অৱলোকন ।
আহোম ৰাজতন্ত্ৰৰ আভ্যন্তৰীণ সংঘাত আৰু ব্ৰিটিছৰ হস্তক্ষেপ
অসমত আছিল ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱোজ্বল ধাৰা । চাওলুং চ্যুকাফাই প্ৰতিষ্ঠা কৰা বৰ অসমখন নানা উত্থান-পতন, বীৰত্বৰ চানেকিৰে ভৰা । বহুবাৰ বিদেশী শক্তিৰ আগ্ৰাসনক বীৰত্বৰে প্ৰতিহত কৰা অসমৰ শক্তিক শত্রুৱেও প্ৰশংসা কৰিবলৈ বাধ্য হৈছিল ।
পিছে কালৰ সোঁতত আহোম ৰাজতন্ত্ৰৰ মাজত দেখা দিলে আভ্যন্তৰীণ সংঘাত । এনে সংঘাতে দুৰ্বল কৰিলে মহা পৰাক্ৰমী আহোমৰ শক্তিক । অৱশেষত ঘৰশত্ৰু বিভীষণৰূপীয়ে ব্ৰহ্মদেশৰ শৰণাপন্ন হৈ অসমলৈ মান আনিলে । মানে অসমত চলালে নৃসংশ অত্যাচাৰ ।
মানৰ অত্যাচাৰৰ কথা সুঁৱৰি আজিও অসমীয়াই আতংকিত হৈ পৰে । মানৰ আগ্ৰাসনৰ পৰা ৰক্ষা পাবলৈ তেতিয়াৰ ভাৰতত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰ চাপে আহোম ৰাজতন্ত্ৰৰ একাংশ । পৰৱৰ্তী সময়ত ব্ৰিটিছ বাহিনীয়ে মানৰ বিৰুদ্ধে যুঁজত লিপ্ত হয় আৰু অৱশেষত ব্ৰিটিছ বাহিনীৰ লগত ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰি যুদ্ধৰ অন্ত পৰে ।
এই সন্ধিমতে তেতিয়া মানে প্ৰকাৰন্তৰে দখল কৰি ৰখা অসমখন ব্ৰিটিছক এৰি দিয়ে । যাৰ ফলত কোনো ভূমিকা নথকাকৈ অসম ভাৰতৰ অংগ হৈ পৰিল ।
কি আছিল চুক্তিখনত
এই সন্ধি অনুসৰি, মানসকলে অসম, মণিপুৰ, আৰাকান আৰু টেনাছেৰিমকে ধৰি ছেলৱিন নদীৰ দক্ষিণ উপত্যকা ব্ৰিটিছক এৰি দিয়ে । কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰাৰ দফা সংযোজিত হয়, যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ১ নিযুত ব্ৰিটিছ পাউণ্ড চাৰিটা কিস্তিত ব্ৰিটিছক দিয়াৰ কথা লিপিবদ্ধ হয় । ব্ৰহ্মদেশ আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখাৰ লগতে ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা আদিও উল্লেখ থাকে ।
আহোম ৰাজত্বৰ বেলি লহিওৱা চুক্তি ইয়াণ্ডাবু সন্ধি
উল্লেখ্য যে, এই সন্ধিয়ে আহোম সাম্ৰাজ্যৰ বেলি মাৰ নিওৱাৰ লগতে ব্ৰহ্মদেশৰ স্বাধীনতাৰো অৱসান ঘটায় । সেই সময়ত ব্ৰিটিছৰ শক্তিয়ে মান সাম্ৰাজ্যৰ কঁকাল ভাঙি পেলাইছিল । মান সাম্ৰাজ্যত তীব্ৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিছিল । ইয়াৰ পাছত ব্ৰিটিছে ১৮৮৫ চনত সমগ্ৰ ব্ৰহ্মদেশ নিজৰ অধীনলৈ আনে ।
সন্ধিৰ পৰৱৰ্তী সময়ৰ কথা । এই সন্ধিৰ পাছত ব্ৰিটিছে অসমত বিভিন্ন ধৰণৰ কাম-কাজ আৰম্ভ কৰে । ব্ৰিটিছ শাসনকালৰ শেষৰ ফালে গা কৰি উঠা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে প্ৰভূত অৰিহণা যোগাইছিল । বহু শ্বহীদ হ'ল, বহুতে নিৰ্যাতন ভোগ কৰিছিল ৷ তেনে বীৰগাথাৰে ভৰি আছে অসমৰ ইতিহাস ।
স্বাধীন ভাৰতত অসমৰ প্ৰেক্ষাপট
পাছত ভাৰত স্বাধীন হ'ল । অসম ভাৰতৰ অংগ ৰাজ্য হৈ থাকিল । এতিয়া ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত সকলোৱে এবাৰ উভতি চাইছে অতীত । যি সন্ধিয়ে অসমক ভাৰতৰ অংগ ৰাজ্য কৰিলে, যি সন্ধিয়ে ব্ৰহ্মদেশৰ স্বাধীনতা হৰণ কৰিলে, যি সন্ধিয়ে গৌৰৱোজ্বল আহোম ৰাজত্বকালৰ বেলি মাৰ নিয়ালে, সেই সন্ধিৰ সুফল অথবা কুফলসমূহ এতিয়া বিশ্লেষণ কৰি চাইছে ৰাইজে ।
বিশিষ্ট ব্যক্তিয়ে কি কয়
এই সন্দৰ্ভত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লুহিত হাজৰিকাই কয়, "যদি ইয়াণ্ডাবু সন্ধি নহ'লহেঁতেন তেন্তে আজিৰ অসমৰ প্ৰেক্ষাপট বেলেগ হ'লহেঁতেন । অসমৰ কোনো লোক জড়িত নোহোৱাকৈ দুখন অন্য দেশৰ চুক্তিৰ জৰিয়তে অসম ব্ৰিটিছৰ অধীনলৈ যায় । সেয়া অসমৰ বাবে অন্যায় কৰা হৈছিল । তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আজিও আছে ৷"
তেওঁ লগতে কয়, "অসমৰ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ শেহৰ পিনে আভ্যন্তৰীণ সংঘাতৰ বাবে হোৱা এই সন্ধিখন যদি সেই সময়ৰ পৰিস্থিতিত কিবা কাৰণত নহ'লহেঁতেন, তথাপি লাহে লাহে হ'লেও ব্ৰিটিছে অসমখন লোৱাৰ আশংকা আছিল । কিয়নো অসমখন আছিল সম্পদশালী ঠাই । বেহা-বেপাৰৰ বাবে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দেৰিকৈ হ'লেও অসমৰ সম্পদৰ প্ৰতি আকৰ্ষিত হৈ দখল কৰাৰ আশংকা আছিল । তেনে হোৱা হ'লে ইয়াণ্ডাবু সন্ধি মতে হোৱা অসমৰ প্ৰেক্ষাপট কিছু বেলেগ হ'লহেঁতেন ।"
আহোম ৰাজতন্ত্ৰৰ দুৰ্বলতাই অসমক ব্ৰিটিছৰ বহতীয়া কৰিলে
এই সন্দৰ্ভত ডঃ লুহিত হাজৰিকাই কয়, "আহোম ৰাজতন্ত্ৰৰ দুৰ্বলতাৰ সুযোগ লৈ বহিঃশক্তিয়ে অসমখনক ব্ৰিটিছৰ অধীনলৈ নিলে । ব্ৰিটিছৰ শাসনকালত কিছুমান সুবিধা হ'ল যদিও অসুবিধাৰ পৰিমাণ বেছি হ'ল । ব্ৰিটিছে শাসনৰ সুবিধাৰ বাবে ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণ কৰিলে । শিক্ষাৰ প্ৰসাৰত গুৰুত্ব দিলে । এইবোৰ ভাল খবৰ । কিন্তু তাৰ মাজতো বেয়া দিশ দেখা পোৱা গ'ল ।"
তেওঁ লগতে কয়, "ইংৰাজী শিক্ষাৰ প্ৰসাৰ হ'ল । বেংগলৰ পৰা ইংৰাজী জনা লোকক অনা হ'ল । পৰৱৰ্তী সময়ত এনেবোৰ কাৰণতে অসমীয়া ভাষাৰ সংকট সৃষ্টি হ'ল । খ্ৰীষ্টান ধৰ্মৰো আগ্ৰাসন হ'ল । চাহ বাগিচালৈ শ্ৰমিক আমদানি কৰা হ'ল । যাৰ বাবে জনগাঁথনিত প্ৰভাৱ পৰিল; ধৰ্ম, ভাষাৰ সংকট সৃষ্টি হ'ল । কিন্তু তাৰ মাজতে এটা শিক্ষিত চামৰ সৃষ্টি হ'ল, যিয়ে পাছলৈ স্বাধীনতা আন্দোলনত সক্ৰিয়তাৰে অংশগ্রহণ কৰিলে ।"
ভাষা সংকটত গুৰুত্বপূৰ্ণ ভূমিকা লৈ পুনৰুদ্ধাৰৰ যুঁজত লিপ্ত হৈছিল । এনেদৰে ইয়াণ্ডাবু সন্ধিয়ে অসমৰ বাবে কিছু ভাল বাৰ্তা দিলেও বেছিভাগ বেয়া প্ৰভাৱহে পেলালে বুলি তেওঁ উল্লেখ কৰে ।
ব্ৰিটিছৰ শাসনকালত ভাল কাম হ'লেও নেতিবাচক প্ৰভাৱ বেছি
আন এগৰাকী প্ৰাক্তন অধ্যক্ষ নাৱাজ আহমেদ বৰবৰুৱাই ইয়াণ্ডাবু সন্ধিৰ ওপৰত আলোকপাত কৰি কয়, "সেই সন্ধিৰ জৰিয়তে ভাৰতবৰ্ষৰ আওতাত অসম সোমাই পৰিল । ব্ৰিটিছে ভাৰতত ২০০ বছৰ শাসন কৰিছিল । কিন্তু অসমক ১২০ বছৰহে শাসন কৰিছিল । কিয়নো সন্ধিৰ পূৰ্বে অসমৰ শাসকৰ প্ৰবল পৰাক্ৰম তেওঁলোকে দেখিছিল । আহোম ৰাজতন্ত্ৰৰ খামখেয়ালিৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰত আগমনৰ ৮০ বছৰৰ পাছতহে মানক খেদিবলৈ ব্ৰিটিছে অসমলৈ অহাৰ সুযোগ পালে ।"
তেওঁ লগতে কয়, "ব্ৰিটিছৰ শাসনকালত অসমৰ বাবে বহু ভাল কাম কৰাৰ লগতে কেতবোৰ নেতিবাচক প্রভাৱো তেওঁলোকে পেলাই থৈ যায় । ব্ৰিটিছৰ যি দমনমূলক শাসনৰ মনোবৃত্তিৰ প্ৰভাৱ আছিল, তাৰ পৰা আজিও সম্পূর্ণৰূপে আমি মুক্ত হ'ব পৰা নাই ।"

