ETV Bharat / state

উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়া বন্ধ কৰাৰ দাবীত ১৮ টা সংগঠনৰ স্মাৰক পত্ৰ

উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়াত শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ ।

loudspeakers in mosques
মছজিদত উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়া বন্ধ কৰাৰ দাবী (ANI)
author img

By ETV Bharat Assamese Team

Published : June 3, 2026 at 3:37 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: মছজিদত উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়া বন্ধ কৰাৰ দাবী জনাইছে ১৮ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে । উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়াৰ ফলত শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক প্ৰদান কৰিলে স্মাৰক পত্ৰ ।

ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত বিভিন্ন মছজিদত মাইকত উচ্চ প্ৰব‍ল‍্যত আজান দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সেয়েহে মঙলবাৰে টিএমপিকে, আছু, এজেৱাইচিপি, আগছু আদিকে ধৰি ১৮ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে জোনাই সদৰ আৰক্ষী থানাত এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

জোনাইত উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়া বন্ধ কৰাৰ দাবীত ১৮ টা সংগঠনৰ স্মাৰক পত্ৰ (ETV Bharat Assam)

স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ধেমাজি জিলাৰ জোনাই হৈছে ৰাজ্যখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ সীমান্তৱৰ্তী অঞ্চল । এই অঞ্চলটো অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক আৰু ধৰ্মাৱলম্বী মিলনভূমি । পূৰ্বৰে পৰাই শান্তি-সম্প্ৰীতি আৰু ঐকাৰ বান্ধোনেৰে জাতীয় জীৱন অতিবাহিত কৰি আহিছে; কিন্তু সাম্প্রতিক সময়ত বিশেষ এটা পৰিৱেশে বৃহত্তৰ জোনাই অঞ্চলৰ নাগৰিকৰ মাজত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

জোনাইৰ মছজিদ ক্রমে জোনাই বজাৰ, কমলপুৰ, নগঞ মুর্কংচেলেক মহাবিদ্যালয় সমীপৰ মছজিদসমূহত মাইকত উচ্চ স্বৰত আজান দিয়াত অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে শব্দ প্ৰদূষণেৰে এক অস্বাভাৱিক পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে এই সংগঠনকেইটাই ।

এই সন্দৰ্ভত এজন টিএমপিকেৰ নেতাই কয়, "জোনাইত চাৰিটা মছজিদ আছে । কোনোবাই ধৰ্ম পালন কৰাত আমাৰ আপত্তি নাই । ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে; কিন্তু ধৰ্মৰ নামত আন ধৰ্মৰ লোকক অশান্তি দিয়াৰ অধিকাৰ কাকো দিয়া নাই । এই অঞ্চলটোত শৈক্ষিক, সামাজিক পৰিৱেশ বিনষ্ট হৈছে । ফলত অস্বাভাৱিক পৰিৱেশে গঢ় লৈ উঠিছে । এই ক্ষেত্ৰত আমি বাৰে বাৰে মছজিদ কমিটীক অনুৰোধ জনোৱাৰ পাচতো কমিটীয়ে মানিব খোজা নাই । ভৱিষ্য়তে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে আৰক্ষীৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিছো ।"

সুস্থ শৈক্ষিক আৰু সামাজিক পৰিৱেশৰ লগতে সকলো ধৰণৰ শান্তি শৃংখলা ৰক্ষা কৰাৰ বাবে ১৮ টা বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে স্মাৰক পত্ৰযোগে জোনাইত মছজিদত মাইকেৰে উচ্চ স্বৰত আজান দিয়া বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক:বিধায়কক পহুখেদা, সমষ্টিত পুনৰ প্ৰৱেশ কৰিলেই প্ৰহাৰ কৰিব বুলি সকীয়নি ক্ষুব্ধ জনতাৰ

কিদৰে চলিছে নাবালিকাক ধৰ্ষণ কৰা কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে তদন্ত ?