জোনাইত টিএমপিকেৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন, প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
জোনাইৰ টিএমপিকেৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনক লৈ ব্যাপক তৎপৰতা, অধিৱেশনত প্ৰায় ২২শ ৰো অধিক প্ৰতিনিধি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

Published : July 8, 2026 at 5:18 PM IST
জোনাই : বৃহস্পতিবাৰৰ পৰা টাকাম মিচিং পৰিণ কৌবাং চুমকৈ টিএমপিকেৰ ১৭ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ টিএমপিকেৰ নেতৃত্বই অধিৱেশস্থলী পৰিদৰ্শন কৰে৷
চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলীয়া টিএমপিকেৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত প্ৰায় ২২শ ৰো অধিক প্ৰতিনিধি থাকিব ৷
ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে অধিৱেশনস্থলীৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ এই সন্দৰ্ভত টিএমপিকেৰ সভাপতি তিলক দলেয়ে কয়,"৯, ১০, ১১ আৰু ১২ জুলাইৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া টিএমপিকেৰ ১৭সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে ৷ এই অধিৱেশনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দুই সহস্ৰাধিকৰো অধিক প্ৰতিনিধি আহিব ৷"
দলেয়ে লগতে কয়,"১০ জুলাইত টিএমপিকেৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন উপলক্ষে জন সচেতনতামূলক হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । পবা সংৰক্ষণ(Save Poba), ড্ৰাগছৰ পৰা দূৰত (Say No to Drugs) আৰু বাল্যবিবাহ বন্ধ কৰা (Stop Child Marriage) শ্ল'গানেৰে হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ যাতে সমাজত সুস্থ জীৱনশৈলী, সামাজিক দায়বদ্ধতা আৰু জনসচেতনতা বৃদ্ধি পায় ৷ এই দৌৰ পুৰণা জেলাম এলপি স্কুল খেলপথাৰৰ পৰা মূৰকং চেলেক মিচিং কৃষ্টি ভৱনলৈ হ'ব।"
তেওঁ লগতে কয়,"অসমৰ ভিন্ন জাতীয় সংগঠন নেতৃত্বৰে ভিন্ন বিষয়ত আলোচনা বিশেষকৈ আমাৰ শিক্ষা ব্যৱস্থা, কৃষি, নিবনুৱা সমস্যা আদিৰ বিষয়ত আলোচনা হ'ব ৷ ইফালে অসমৰ মিচিং জনগোষ্ঠী লোকৰ ভূমি চন পৰি থাকে ৷ সেই চন পৰি থকা ভূমিত কেনেকৈ কৃষি কাৰ্য আৰম্ভ কৰিব পাৰি তাৰ বিষয়ে কৃষিমন্ত্ৰীৰে আলোচনা কৰা আদি এই অধিৱেশৰ মূল্য উদ্দেশ্য ৷"
লগতে পঢ়ক: এইবাৰ বিশেষ হ'ব মাজুলীৰ ৰাস ! লণ্ডনৰ আৰ্হিত মাজুলীতো ৰাসৰ সময়ত চলিব দুমহলীয়া বাছ

