ETV Bharat / state

ৰং-বিৰঙৰ ১৬৫ বিধ প্ৰজাতিৰ পখিলাৰ বাসস্থান দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান

'পূবৰ আমাজান' হিচাপে খ্যাত দিহিং-পাটকাইক ২০২১ চনৰ ৯ জুনত ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশেষ পোষ্ট...

dihing patkai national park
১৬৫টা প্ৰজাতিৰ পখিলাৰ বাসস্থান দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam(file photo))
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 4:48 PM IST

|

Updated : August 26, 2026 at 7:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসমৰ পখিলাপ্ৰেমীৰ বাবে ভাল খবৰ ৷ 'পূবৰ আমাজান' হিচাপে খ্যাত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ১৬৫ বিধ প্ৰজাতিৰ পখিলা ৷ ইয়াৰে বিলুপ্তপ্ৰায় ৩৭ বিধ প্ৰজাতিৰ পখিলা পোৱা গৈছে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৷

এই সন্দৰ্ভত বন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এক্সত উল্লেখ কৰে,"দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ১৬৫টা প্ৰজাতি পখিলাৰ উপস্থিতি ৰেকৰ্ড কৰা হৈছে । ইয়াৰে বিলুপ্তপ্ৰায় ৩৭টা প্ৰজাতিৰ পখিলা পোৱা গৈছে দিহিং পাটকাইত ৷ এয়াই ৰাজ্যখনৰ চহকী প্ৰাকৃতিক ঐতিহ্যৰ আন এক উল্লেখযোগ্য উদাহৰণ উন্মোচন কৰিছে ৷"

তেওঁ লগতে কয়,"দিহিং পাটকাই হৈছে এক সমৃদ্ধিশালী পৰিৱেশ তন্ত্ৰ য’ত বনাঞ্চল, বন্যপ্ৰাণী আৰু অগণন সৰু সৰু প্ৰজাতিৰ সহাৱস্থান । হাতী, বাঘৰ পৰা আৰম্ভ কৰি সৰু জন্তু আৰু ৰঙীন পখিলালৈকে অসমৰ অৰণ্যত উপস্থিতিয়ে প্ৰমাণ কৰি আহিছে যে প্ৰকৃতিক জীয়াই ৰখাত প্ৰতিটো প্ৰজাতিৰ ভূমিকা আছে । এনে বৈচিত্ৰ্যপূৰ্ণ পখিলাৰ উপস্থিতিয়ে সুস্থ আৰু সংযুক্ত প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ গুৰুত্ব প্ৰতিফলিত কৰিছে ৷"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাক শলাগ লৈ মন্ত্ৰী বৰুৱাই কয়,"অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এয়া এক উল্লেখনীয় উদাহৰণ, যি ৰাজ্যখনৰ চহকী প্ৰাকৃতিক ঐতিহ্যক প্ৰতিফলন কৰিছে ৷ দিহিং পাটকাইত পখিলাৰ আশ্ৰয়স্থল হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ পখিলা সংৰক্ষণৰ প্ৰচেষ্টাই বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ পখিলা জীয়াই থকা আৰু পখিলৰা বাবে সুৰক্ষিত পৰিস্থিতি সৃষ্টি কৰাত সহায় কৰিছে ৷"

উল্লেখ্য যে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ৷ ২০০৪ চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল যদিও ২০২১ চনৰ ৯ জুনত ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ৷

লগতে পঢ়ক: জনী জনী, য়েছ পাপ্পা... লুকাই-চুৰকৈ সোমাইছা ? ন’ পাপ্পা... ! ধেমালিৰ চলেৰে মুখ্যমন্ত্ৰীৰ সকীয়নি বাৰ্তা

Last Updated : August 26, 2026 at 7:22 PM IST