২৪ ঘণ্টাৰ ভিতৰতে অসম এৰক ! নগাঁৱৰ ১৫ জন বিদেশীলৈ নিৰ্দেশ আদালতৰ
নগাঁৱৰ ১৫ জনকৈ লোকক বিদেশী ঘোষণা । ধুবুৰীৰ মানকাচৰ সীমান্তৰে ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ ৷

Published : December 18, 2025 at 5:32 PM IST
নগাঁও : বিদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হৈ থকাৰ সময়তে নগাঁৱৰ ১৫ জনকৈ লোকক বিদেশী বুলি চিনাক্ত কৰি এক নিৰ্দেশনা জাৰি কৰা হৈছে । নিৰ্দেশনা লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে উক্ত লোককেইজনক ধুবুৰীৰ মানকাচৰ সীমান্ত হৈ অসম ত্যাগ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ।
ইতিমধ্যে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৫ জনকৈ লোকক বিদেশী ঘোষণা কৰি অসম ত্যাগ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে নগাঁও বিদেশী ন্যায়াধীকৰণ আদালতে ।

বিদেশী বুলি ঘোষিত লোককেইজন হৈছে -
- ধিং আৰক্ষী থানাৰ অন্তৰ্গত কান্দুলিমাৰীৰ ৰিয়াজ উদ্দিনৰ কন্যা জহুৰা খাতুন
- নগাঁও হেদায়েৎ নগৰৰ আব্দুল আলিৰ পুত্ৰ আব্দুল আজিজ
- জুৰীয়া বগুৰুগুৰিৰ আটাবুদ্দিনৰ পত্নী ৱাহেদা খাতুন
- ৰূপহী গৰেমাটিখোৱাৰ আব্দুল কালামৰ পত্নী অজুফা খাতুন
- ৰহা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীআটিৰ আব্দুল লতিফৰ পুত্ৰ হুছেইন আলী
- জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীযুযোৱা উমৰ আলীৰ পত্নী ফজিলা খাতুন
- চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত লেংটেং গাঁৱৰ কালাম আলীৰ পত্নী অনুৰা বেগম
- চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালাবাৰীৰ হলিলুৰ ৰহমানৰ পত্নী আশা খাতুন
- ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চাপৰমুখ টাউনৰ আব্দুল লতিফৰ পুত্ৰ নজৰুল ইছলাম
- ৰহা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী আটিৰ বাজুৰ পুত্ৰ ৰহিম শ্বেখ
- ৰহা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলী আটিৰ ৱাজুদ্দিন শ্বেখৰ পুত্ৰ বোৰেক আলী
- ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহা টাউনৰ সমৰ আলীৰ পুত্ৰ ইদ্ৰিছ আলী
- কলিয়াবৰ হাতীগাঁও বাগানৰ জবৰ আলীৰ পুত্ৰ ৰুষ্টম আলী
- জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত গৰুবন্ধাৰ কুৰবান খানৰ পুত্ৰ আনুৱাৰ খান আৰু
- উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত গড়লমাৰী আব্দুল হুছেইনৰ পুত্ৰ তাহেৰ আলী ।
বিদেশী ন্যায়াধীকৰণে জাৰি কৰা নিৰ্দেশনা নং NGN/B/2025/1442 17 নৱেম্বৰ মতে, উক্ত লোক কেইজনৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ । সেয়া হল -
- জহুৰা খাতুনৰ বিৰুদ্ধে ৰুজু হৈ আছিল 39/1999 নম্বৰত গোচৰ
- আব্দুল আজিজৰ বিৰুদ্ধে 110/2002
- ৱাহেদা খাতুনৰ বিৰুদ্ধে 72/2017
- অজুফা খাতুনৰ বিৰুদ্ধে 567/2016
- হুছেইন আলীৰ বিৰুদ্ধে 1558/88
- ফজিলা খাতুনৰ বিৰুদ্ধে 8387/12
- অনুৰা বেগমৰ বিৰুদ্ধে 640/07
- আশা খাতুনৰ বিৰুদ্ধে 1549/11
- নজৰুল ইছলামৰ বিৰুদ্ধে 205/2015
- ৰহিম শ্বেখৰ বিৰুদ্ধে 294/16
- বোৰেক আলীৰ বিৰুদ্ধে 436/88
- ইদ্ৰিছ আলীৰ বিৰুদ্ধে 301/15
- ৰুষ্টম আলীৰ বিৰুদ্ধে 316/06
- আনুৱাৰ খানৰ বিৰুদ্ধে 1002/07 আৰু
- তাহেৰ আলীৰ বিৰুদ্ধে 420/06 নম্বৰ
এই ৰুজু হৈ থকা গোচৰৰ ভিত্তিতে বিদেশী ন্যায়াধীকৰণ আদালতে উক্ত ১৫ জন লোকক বিদেশী বুলি ঘোষণা কৰে । ১৭ ডিচেম্বৰত ইছ্যু হোৱা এই নিৰ্দেশনা লাভ কৰাৰ ২৪ ঘণ্টা পাছতেই উক্ত ১৫ জন লোকক ৰাজ্য ত্যাগ কৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

